কাইলৈ শুভাৰম্ভ হ’ব মাজুলী জিলাৰঃ‘ৰাজদৰবাৰ’ক আদৰিবলৈ সাজু বৃহত্তম নদীদ্বীপ

Image result for Majuli Office
ৱেব ডেস্ক, ৭ আগষ্ট, ২০১৬ঃ মাজুলী মহকুমা জিলালৈ উন্নীত হ’ব মাত্ৰ এটা দিনৰ পাছতেই। সেই উদ্দেশ্যে মাজুলীত মহকুমা প্রশাসন, জিলা প্রশাসন আৰু মাজুলীবাসীৰ মাজত চলিছে ব্যাপক প্রস্তুতি। মাজুলীক জিলা হিচাপে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে। সেই উদ্দেশ্যে মাজুলীক এক নতুন ৰূপ দিছে মহকুমা প্রশাসনে। মহকুমাটােৰ মহকুমাধিপতিৰ কাৰ্যালয়টিকে জিলা উপায়ুক্ত কার্যালয়লৈ উন্নীত কৰি ৰং-পেইণ্ট কৰি আটকধুনীয়াকৈ সজাই-পৰাই তুলিছে। কেৱল কার্যালয়গৃহই নহয়, মহকুমাটােৰ আৱর্ত ভৱন, চৌহদ সকলোতে ৰং-পেইণ্ট কৰি সজাই তুলি ফুলে-মালাই সজাই-পৰাই আটকধুনীয়া মনোমোহা পৰিৱেশ সৃষ্টি কৰিছে। অতি মনোৰমকৈ সাজি উলিয়াইছে বৃহৎ মণ্ডপ, য’ৰ পৰা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মাজুলীবাসীক উপহাৰ দিব মাজুলী জিলা। এই মণ্ডপ দৰিয়াপাৰত চালে চকুৰােৱাকৈ দহ হাজাৰ লোক একেলগে বহিব পৰাকৈ তৈয়াৰ কৰিছে। কাইলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল দুদিনীয়া কাৰ্যসূচী লৈ মাজুলীত উপস্থিত হ’ব। মুখ্যমন্ত্রীয়ে পূৰ্বৰ নির্ধাৰিত কাৰ্যসূচী অনুসৰি অসম ৰাজ্যিক পৰিবহণ নিগমৰ দুখনকৈ বাছ মাজুলীবাসীৰ সেৱাত উচৰ্গা কৰিব। দুপৰীয়া মুখ্যমন্ত্রীয়ে সমষ্টিবাসীৰ লগত মাজুলীৰ বিভিন্ন সমস্যা, ৰাইজৰ অভাৱ-অভিযোগ সন্দৰ্ভত মত বিনিময় কৰিব আৰু বিয়লি মাজুলী মহকুমাৰ সাংবাদিকসকলৰ লগত সংবাদ মেলত বহিব। ৰাজ্যৰ ইতিহাসত এক নতুন অধ্যায় সূচনা কৰি অসম চৰকাৰে কেবিনেট বৈঠক বহুৱাব মাজুলীত আঠ ছেপ্টেম্বৰৰ পুৱা ৯ বজাত। মুখ্যমন্ত্রী প্রমুখ্যে অসম মন্ত্রীসভাৰ কেবিনেট মন্ত্ৰীসকলক আদৰণি জনাবলৈ মাজুলীবাসী সাজু হৈছে। মাজুলী জিলা বিজেপি, প্রশাসনে কমলাবাৰী ঘাটৰ পৰা গড়মূৰলৈকে সমগ্ৰ পথছােৱা অতি সুন্দৰভাৱে, সজাইছে। পথৰ দাঁতিৰ প্ৰতিজোপা গছত চূণ-ৰং আদি সানি বগা কৰি তোলাৰ উপৰি প্রতি ২০ মিটাৰ দূৰত্বৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্ত, শিক্ষা, স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, চন্দ্রমােহন পাটােৱাৰী, প্রমীলাৰাণী ব্ৰহ্মা, পল্লৱ লোচন দাস, ৰঞ্জিত দত্ত, পৰিমল শুক্ল বৈদ্য, কেশৱ মহন্ত, নৱ দলে আদি কেবিনেট মন্ত্রীবৰ্গৰ আলোকচিত্ৰ আঁৰাৰ লগতে মাজুলীৰ বিভিন্ন দল-সংগঠনে নির্মাণ কৰি তোলা বৃহৎ বৃহৎ তোৰণে সমগ্ৰ দহ কিলোমিটাৰ পথছোৱাত এক অপৰূপ শোভাবর্ধন কৰিছে। ইয়াৰ উপৰি সমগ্ৰ পথছোৱাত আজিৰে পৰা সন্ধিয়া দেৱালীৰ দৰে নানান ধৰণৰ আলোকেৰে আলোকিত কৰি তুলিছে। মুঠতে মাজুলীখনক ন-কইনাৰ ৰূপত সজাইপৰাই তুলিছে। এদিনৰ কাৰণে মাজুলীক দিছপুৰলৈ ৰূপান্তৰিত কৰি মাজুলীক জিলালৈ উন্নীতকৰণ কৰাৰ লগতে মাজুলীৰ সমস্যা সন্দৰ্ভত মাজুলীত অসম মন্ত্রীসভাৰ অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকে মাজুলীক বর্তমানতকৈও অধিক আগুৱাই নিয়াৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিব বুলিও আশাবাদী মাজুলীবাসী।
Image result for Majuli Office
মাজুলীত ৰাজ দৰবাৰ ১৯২০-২০১৬ঃমাজুলীৰ ইতিহাসত ৯৭ বছৰীয়া এক পৰিক্ৰমা
অহা ৮ ছেপ্টেম্বৰ মাজুলীৰ ইতিহাসত মাইলৰ খুঁটি হৈ ৰ’ব। মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত বহিব লগা কেবিনেট বৈঠকে মাজুলীত সৃষ্টি কৰিব ৰাজ দৰবাৰৰ এক ৯৭ বছৰীয়া সুদীর্ঘ পৰিক্ৰমাৰ। মাজুলীতে নহয়, অসমৰ ইতিহাসত বিৰল এই প্রথম ভ্ৰাম্যমাণ কেবিনেটে মাজুলীক প্রদান কৰিব অনন্য মাত্রা। অসমত স্বাধীনোত্তৰ কালত এনে ৰাজদৰবাৰ পোনপ্ৰথমবাৰৰ বাবে ৮ ছেপ্টেম্বৰৰ কেবিনেট বৈঠকেই হ’ব যদিও স্বাধীনতাৰ পূৰ্বত এনে ৰাজদৰবাৰক লৈ মাজুলীৰ আছে এক সুকীয়া স্থান। মাজুলীৰ সৃষ্টি ইতিহাসৰ পৰা গণনা কৰিলে। ৮ ছেপ্টেম্বৰত হ’ব লগা কেবিনেট হ’ব মাজুলীত হােৱা দ্বিতীয়খন ৰাজদৰবাৰ। ইয়াৰ পূর্বে মাজুলীত ১৯২০ চনত ইংলেণ্ডৰ ৰজা পঞ্চম জৰ্জৰ নির্দেশত লর্ড চেমছ ফর্ডে মাজুলীৰ আলিমূৰত অনুষ্ঠিত কৰিছিল ৰাজদৰবাৰ। যি স্থান আজি দৰবাৰ চাপৰি ৰূপে চিহ্নিত হৈ আছে। য’ত আমন্ত্ৰিত হৈছিল মাজুলীৰ সত্ৰাধিকাৰসকল। যি ৰাজদৰবাৰত আলোচনা হৈছিল মাজুলীৰ সেই সময়ৰ সমস্যাৰাজিৰ ওপৰত। ইয়াৰ পৰা আৰম্ভ কৰিলে সুদীর্ঘ ৯৭ বছৰৰ পিছত হ’ব লগা এই কেবিনেট হ’ব দ্বিতীয়খন ৰাজদৰবাৰ। ১৯২০ চনৰ ৰাজদৰবাৰে মাজুলীক কি দিলে, কি নিদিলে তাৰ বিতং তথ্য লাভ নকৰিলেও বা মজুত নাথাকিলেও তথ্য-প্রযুক্তিৰ যুগৰ এই ৰাজদৰবাৰত কিন্তু চকু থাকিব অসমবাসীৰ। তথ্য-প্ৰযুক্তিৰে মজুত আৰু সংৰক্ষিত হ’ব কেবিনেটৰ প্ৰত্যেকটাে আলোচনা। সমগ্র মাজুলীবাসীয়েই সাক্ষী হৈ ৰ’ব এনে বিৰল কাৰ্যসূচীৰ। মাজুলীৰ চুকে-কোণে এতিয়া কেৱল উছাহৰ বন্যা। মাজুলীবাসীৰ প্ৰধান উৎসৱ ৰাসলীলাৰ আনন্দকো যেন চেৰ পেলাইছে জিলা ঘোষণাৰ এই উৎসৱে। মাজুলীৰ ভৌগোলিক অস্তিত্বলৈ ভাবুকি নমাই ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা সমস্যাকো একাষৰীয়া কৰি মাজুলীবাসী সাজু হৈছে "জিলা'ক আদৰিবলৈ। মাজুলীৰ দশক দশকজোৰা সমস্যাৰ যেন পৰিধি ভাঙি সম্ভাৱনাৰ এক নতুন দিগন্তৰ ফালে ধাৱমান হৈছে নদী দ্বীপটাে। মাজুলী এতিয়া নতুন জীৱন পোৱাৰ দিশে আগবাঢ়িছে। অসমৰ কেবিনেট মন্ত্রী, বিভাগীয় বৰমূৰীয়া সকলোকে আদৰিবলৈ কমলাবাৰী ঘাটৰ পৰা গড়মূৰলৈকে সজাই তােলা হৈছে পথৰ দুয়োকাষ। বেনাৰ, হ’র্ডিং, পোষ্টাৰৰ লগতে তোৰণ আদিৰে ভৰাই তুলিছে সমগ্ৰ পথছোৱা। সমান্তৰালকৈ ন কইনাৰ দৰে সজাই তুলিছে মাজুলীৰ মহকুমাধিপতিৰ কাৰ্যালয়। যি কার্যালয়ে ৮ ছেপ্টেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে জিলাৰ মর্যাদা পাব। বিশাল মণ্ডপেৰে সজাই তোলা হৈছে মাজুলী মহাবিদ্যালয়ৰ খেলপথাৰ। একেদৰে যিটাে কোঠাত কেবিনেট বৈঠক হ’ব, তাকো ফুলেৰে সু-সজ্জিত কৰি তুলিছে। মুঠ কথাত এয়া মাজুলীক জিলা ঘোষণাৰ উৎসৱ নহয় মহােৎসৱলৈ পৰিণত হৈছে। সমগ্ৰ মাজুলীতে এনে দৃষ্টিনন্দন পৰিৱেশ বিৰাজ কৰাৰ সমান্তৰালকৈ সঘনে চর্চিত হৈছে মাজুলীবাসীক কি দিব কেবিনেট বৈঠকে? বান-খহনীয়া, ভূমিহীনক পুনৰ সংস্থাপনৰ সমস্যা, সাংস্কৃতিক ঐতিহ্যৰ সমস্যা, স্বাস্থ্য, শিক্ষা যাতায়াত, পর্যটনথলীৰ সংৰক্ষণহীনতাৰ দৰে বহু জ্বলন্ত সমস্যাৰে ভাৰাক্ৰান্ত মাজুলীবাসীয়ে চোকা দৃষ্টি ৰাখিব কেবিনেট বৈঠকৰ ওপৰত। কেবিনেট বৈঠক আৰু অতি সহজভাৱে জিলা ঘোষণাৰে মাজুলীবাসীক দিয়া এই উপহাৰৰ লগতে এই ঐতিহাসিক কেবিনেটে কি নতুন ইতিহাস উপহাৰ দিব সেয়া জানিবলৈ ৮ ছেপ্টেম্বৰলৈ বাট চাবই লাগিব।
Image result for Majuli Office
সুধাকণ্ঠৰ কালজয়ী গীতৰ আধাৰত সমন্বয়ৰ সেতু গঢ়িবলৈ সাজু মাজুলীৰ শিল্পী
পৰম্পৰাগত খাদ্য আৰু বস্ত্ৰৰে আপ্যায়ন কৰিব মন্ত্রীসভাক
মাজুলীৰ পৱিত্ৰ ভূমিতেই সুধাকণ্ঠ” উপাধিৰে বিভূষিত কৰা অসমীয়াৰ হিয়াৰ আমঠু ড° ভূপেন হাজৰিকাৰ এটি কালজয়ী গীতক আধাৰ হিচাপে লৈ বাৰেৰহণীয়া কলা-সংস্কৃতি প্রদর্শন কৰিব মাজুলীৰ শিল্পীয়ে। মাজুলীবাসীয়ে স্বনামধন্য শিল্পীগৰাকীৰ ৮ ছেপ্টেম্বৰৰ জন্মৰ দিনটােতে লাভ কৰিবলৈ আগবাঢ়িছে আন এক ঐতিহাসিক গীেৰৱ। অহা ৮ ছেপ্টেম্বৰৰ উক্ত দিনটােতে মাজুলী পৰিণত হ’ব এক পূৰ্ণাংগ জিলালৈ। সত্ৰ তথা গাঁওসমূহৰ ప్స్టన్లో প্রদর্শনৰ বাবে চলিছে জাতীয় কলা-সংস্কৃতিৰ বৰ আখৰা। গায়নবায়ন, বৰগীত, সত্ৰীয়া নৃত্যৰ লগতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মহাবাহু ব্ৰহ্মপুত্র মহামিলনৰ তীৰ্থ' শীৰ্ষক কালজয়ী গীতটােৰ আধাৰত মাজুলীৰ সমূহ জাতি-জনগোষ্ঠীৰ শিল্পীয়ে সমন্বয়ৰ সেতু ৰচনাৰ অৰ্থে এক কাৰ্যসূচী পৰিৱেশনৰ আখৰাত ব্যস্ত হৈছে। এই আধাৰত নৃত্য পৰিৱেশনৰ বাবে গুৱাহাটীৰ সৌৰভ ভট্টাচার্য নামৰ এগৰাকী শিল্পী-প্রশিক্ষক মাজুলীত উপস্থিত হৈ প্রশিক্ষণত ব্যস্ত হৈ আছে। প্রশিক্ষণত দেউৰী, মিচিং আৰু অন্যান্য সম্প্রদায়ৰ শিল্পীসকলেও একেলগে আখৰা কৰি অনুষ্ঠানটাে সফল কৰি তুলিবলৈ উঠিপৰি লাগিছে। কালিৰে পৰা গড়মূৰ পীতাম্বৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হােৱা আখৰাত মহকুমাটােৰ দুই শতাধিক শিল্পীয়ে অংশগ্রহণ কৰে। আখৰাত মাজুলীৰ গৱেষক শিল্পী গোলাপ বৰুৱা বৰবায়ন, নৃত্যশিল্পী ৰিতুস্মিতা ডেকায়ো প্রশিক্ষণ প্রদান কৰিছে। সমগ্ৰ কাৰ্যসূচীটােৰ তত্ত্বাৱধায়ক হিচাপে সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া অংশুমান দত্ত, অতিৰিক্ত উপায়ুক্ত অনিল চন্দ্ৰ দাস আৰু যুৱনেতা মনোজ বৰা উপস্থিত থাকে। আনফালে, একে সময়তে ৮ ছেপ্টেম্বৰত মাজুলীত অনুষ্ঠিত হ’ব লগা অসম চৰকাৰৰ কেবিনেট বৈঠকত অংশগ্রহণ কৰিব লগা মন্ত্রীবর্গক আপ্যায়ন কৰিবৰ কাৰণে সাজু কৰি তোলা হৈছে পৰম্পৰাগত খাদ্য-বস্ত্ৰ আদি। মিচিং, দেউৰী আৰু থলুৱা অসমীয়া খাদ্য সম্ভাৰ, পৌৰাণিক বাচন-বৰ্তন ব্যৱহাৰৰ উপৰি মাজুলীৰ শিপিনীয়ে প্রস্তুত কৰা থলুৱা বস্ত্ৰ, থলুৱা শিল্পজাত সামগ্ৰীৰে সম্বর্ধনাৰ ব্যৱস্থা কৰিছে। মাজুলী জিলা ঘোষণাক লৈ অত্যন্ত সুখী শ্ৰীশ্ৰী নতুন কমলাবাৰীৰ সত্ৰৰ শংকৰদেৱ বঁটা বিজয়ী সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীয়ে মাজুলীৰ ঐতিহাক মহীয়ান কৰি জিলা ঘোষণাৰ প্ৰাক মুহুর্তত প্রদর্শন কৰিব লগা কৃষ্টি-সংস্কৃতিৰাজিক লৈ সস্তুষ্টি প্রকাশ কৰিছে। এই দিশত মাজুলীবাসী সৌভাগ্যৱান বুলি উল্লেখ কৰি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিত শইকীয়া, সাং কর্মী নীলমণি ভূঞা, ৰঞ্জিত কুমাৰ ভূঞা, লোহিতপৰীয়া কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ নৱজ্যোতি দাস, নাগৰিক যজ্ঞেশ্বৰ পায়েং, বিশিষ্ট সমাজকর্মী বাচাৰাম বৰুৱা, সত্ৰীয়া শিল্পী প্রভাত বৰা বুঢ়াভকত আদিয়ে এয়া মাজুলীৰ বাবে উন্নয়নৰ এক সোপান হােৱাৰ কামনা কৰিছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment