ৱেব ডেস্ক, ৬ আগষ্ট, ২০১৬ঃ
বিধানসভাৰ নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পূর্বৰ কংগ্ৰেছ চৰকাৰে নতুন জিলা আৰু মহকুমাৰ নাম ঘোষণা কৰিলেও কাম-কাজ আৰম্ভ হােৱা নাই। কিন্তু বিজেপি মিত্ৰ জোটৰ চৰকাৰে ঘোষণা কৰা প্ৰথমখন জিলাৰ প্রশাসনীয় কাম আৰম্ভ হ’ব অহা ৮ ছেপ্টেম্বৰত। ক্ষমতালৈ আহিয়েই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নিজ সমষ্টি মাজুলীক জিলা হিচাপে ঘোষণা কৰে আৰু এই নতুন জিলাখনৰ কামকাজৰ শুভাৰম্ভ কৰিব ৮ ছেপ্টেম্বৰত। ইয়াৰ বিপৰীতে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ এটা কার্যকালত বহু স্থানৰ পৰা জিলা আৰু মহকুমা ঘোষণাৰ দাবী উত্থাপিত হৈ আহিছিল যদিও সময়ে সময়ে মহকুমা বা জিলা ঘোষণা কৰি নাছিল। বিধানসভাৰ নির্বাচনলৈ জিলা আৰু মহকুমা ঘোষণা প্রক্রিয়া পিছুৱাই আছিল কংগ্ৰেছ চৰকাৰে। নির্বাচনৰ আগে আগে জিলা আৰু মহকুমা ঘোষণা হ’ল কিন্তু নতুন জিলাৰ বাবে এটাও পদৰ অনুমোদন দিয়া নাছিল পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ।

বৰ্তমান থকা জিলাসমূহত তৃতীয় শ্ৰেণীৰ পদৰ সংখ্যা ৩৮৬০টা। ইয়াৰে ৮৪৫টা পদেই আছে খালী হৈ তেনেদৰে চতুর্থ শ্রেণীৰ অনুমােদিত পদৰ সংখ্যা ২৮৬৪টা। ইয়াৰে খালী হৈ আছে ৬৩১টা পদ। কংগ্ৰেছ চৰকাৰৰ শাসনত ৭ খন নতুন জিলা ঘোষিত হৈছিল। ইয়াৰে দক্ষিণ কামৰূপ, পূব কামৰূপ আৰু পশ্চিম কার্বি আংলং জিলা একেবাৰে নতুন জিলা। এই নতুন জিলা দুখনৰ বাবে কোনো পদৰে অনুমোদন হােৱা নাই। ইফালে জিলা হিচাপে ঘোষিত চৰাইদেউ, হােজাই, দক্ষিণ শালমাৰা-মানকাচৰ আৰু বিশ্বনাথ পূর্বতে আছিল মহকুমা। এই মহকুমাসমূহ জিলালৈ উন্নীত কৰি পূৰ্ণাংগ নহ’লেও জিলা পর্যায়ৰ কাম-কাজ চলাই থকা হৈছে। ইফালে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ২৫ জানুৱাৰী, ২০১৬ তাৰিখে জাননীযোগে ২৪টা নতুন মহকুমা গঠন কৰিছিল। এই মহকুমাসমূহ স্থানীয় লোকক সন্তুষ্ট কৰিবলৈ নির্বাচনৰ পূর্বে ততাতৈয়াকৈ ঘোষিত হ’ল কিন্তু কোনাে প্রাৰম্ভিক কামেই আৰম্ভ নহ’ল। পূৰ্বৰ চৰকাৰে ঘোষণা কৰা মহকুমাসমূহ বিহপুৰীয়া-নাৰায়ণপুৰ, নাহৰকটীয়া, ৰামকৃষও নগৰ, হাওৰাঘাট, ডিয়িং ব্রা, দক্ষিণ কামৰূপ, মুকালমুৱা, কলগাছিয়া, মৰাণ, পাথাৰকান্দি, কাটিগড়া, মেৰা পানী, টিহু, সৰুক্ষেত্রী, সৰভোগ, সোণাপুৰ, দিছপুৰ, গুৱাহাটী, আজাৰা, চন্দ্ৰপুৰ, ঢেকীয়াজুলি, লক্ষীপুৰ, কাটলিচেৰা আৰু মাণিকপুৰ।
facebook
twitter
google+
fb share