
ৱেব ডেস্ক, ৫ চেপ্টেম্বৰ, ২০১৬ঃ
আজি আনুষ্ঠানিকভাৱে শ্বুটাৰৰ কেৰিয়াৰ সামৰিলে অলিম্পিকৰ সোণ জয়ী অভিনৱ বিন্দ্রাই৷ ভাৰতীয় ৰাষ্ট্রীয় ৰাইফল সন্থাই আয়োজন কৰা এক ভব্য সমাৰোহত বিন্দ্রাই আজি এই কথা ঘোষণা কৰে৷ ভাৰতৰ একমাত্র ব্যক্তিগত শাখাত অলিম্পিকৰ সোণ জয়ী বিন্দ্রাই নিজৰ অৱসৰৰ কথা ঘোষণা কৰি কয়– ‘এতিয়া আগলৈ চাবলৈ আৰু যুৱ প্রজন্মৰ কান্ধত দায়িত্ব অর্পণ কৰিবলৈ সময় হ’ল৷’
এটা দশকৰো অধিক কাল শ্বুটিং ৰেঞ্জত নিজৰ প্রভুত্ব বজাই ৰখা ৩৪ বর্ষীয় বিন্দ্রাই ২০০৮ চনৰ বেইজিং অলিম্পিকৰ দহ মিটাৰ এয়াৰ ৰাইফলত সোণ জয় কৰাৰ বিপৰীতে যোৱা মাহত সামৰণি পৰা ৰিঅ’ অলিম্পিকত অলপৰ বাবেহে পদকৰ পৰা বঞ্চিত হৈছিল৷ অৱসৰৰ পাছত তেওঁ খেল বিজ্ঞানৰ লগত জড়িত সামগ্রীৰ ব্যৱসায়ত নমাৰ কথাও ঘোষণা কৰে৷ বিন্দ্রাৰ বিদায় সভাত সন্থাৰ উচচপদস্থ বিষয়ববীয়াসকলৰ লগতে কেইবাগৰাকী তাৰকা শ্বুটাৰ আৰু তেওঁৰ পিতৃ-মাতৃৰ সৈতে ভগ্নী উপস্থিত আছিল৷
facebook
twitter
google+
fb share