প্ৰতিমাহে ১৫০০ শিক্ষকক পেঞ্চন, অৱসান হ’ব দৰমহাৰ বাবদ উৎকোচ

ৱেব ডেস্ক, ৫ চেপ্টেম্বৰ, ২০১৬ঃ
অসমলৈ পৰিবর্তন আনিব লাগিলে সকলোৱে পৰিবর্তনৰ বাবে কষ্ট আৰু ত্যাগ কৰিব লাগিব। পৰিবর্তনৰ বাবে পাঁচ লক্ষাধিক কর্মচাৰী, জনপ্রতিনিধি সকলোৱে সংকল্প ল’ব লাগিব। কঠোৰ শ্ৰম, ত্যাগ আৰু সংকল্প অবিহনে পৰিবর্তন সম্ভৱ নহয়। সমাজৰ প্রতি ভয় আৰু ভক্তি ভাবেৰে যদি সকলোৱে কাম কৰাৰ সিদ্ধান্ত লৈ যদি আগুৱাই যায়, তেনেহ’লে পৰিবর্তন আহিব।’ এই ভাষ্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালীৰ। আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত ৫৫ সংখ্যক শিক্ষক দিৱসৰ ৰাজ্যিক কাৰ্যসূচীত অংশগ্রহণ কৰি ভাষণ প্রসংগত এই মন্তব্য প্রদান কৰি মুখ্যমন্ত্রীয়ে লগতে কয়- “উচিত শিক্ষাৰ দ্বাৰা আমাৰ প্রশাসন ব্যৱস্থাক অধিক শক্তিশালী আৰু দুনীতিমুক্ত কৰাৰ উপৰি প্রশাসনৰ প্ৰতিটাে স্তৰৰ বিষয়া-কর্মচাৰীক অধিক দায়িত্বশীল কৰি গঢ়ি তুলিব লাগিব।” অনুষ্ঠানটােত বিশ্ববিশ্রুত দার্শনিক তথা ভাৰতৰ ভূতপূর্ব ৰাষ্ট্রপতি ড° সর্বেপল্লী ৰাধাকৃষ্ণনৰ দৰ্শন আৰু আদৰ্শৰ কথা দােহাৰি মুখ্যমন্ত্রীয়ে সর্বেপল্লী ৰাধাকৃষ্ণনৰ মূল্যবােধ আৰু আদৰ্শৰ পণ লৈ সমাজ গঢ়াত ব্ৰতী হ’বলৈ শিক্ষক আৰু ছাত্ৰসকলক আহ্বান জনায়। সমাজ জীৱনত শিক্ষকসকলৰ অৱদান আৰু ভূমিকাৰ কথা দোহাৰি মুখ্যমন্ত্রীয়ে কয়—শিক্ষা প্ৰদানৰ জৰিয়তে শিক্ষকসকলে সমাজ জীৱনত পাৰস্পৰিক বিশ্বাস আৰু একতাৰ বান্ধোন দৃঢ় কৰি আহিছে। আন্তঃগোষ্ঠী আৰু আন্তঃসম্প্রদায়ৰ মাজত থকা ব্যৱধান নাইকিয়া কৰাৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকাৰ কথা দােহাৰি মুখ্যমন্ত্রীয়ে অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় আৰু ভাতৃত্ববোধ গঢ়ি তুলিব পৰা শিক্ষা প্ৰদানত ব্ৰতী হ’বলৈকো শিক্ষকসকলক আহ্বান জনায়। ‘আমি মূল্যবােধ, সততা আৰু সত্যৰ ভেটিত সমাজ গঢ় দিব লাগিব। আমাৰ ৰাজ্যখনত এই সপোন বাস্তৱায়িত কৰিব লাগিলে শিক্ষাৰ জৰিয়তে তাক সম্ভৱ কৰি তুলিব লাগিব। ৫৫ সংখ্যক শিক্ষক দিৱসৰ দিনা আমি এই সংকল্প লোৱা উচিত।”— মুখ্যমন্ত্রীয়ে কয়। যোৱা এশ দিনত শিক্ষা বিভাগে বহু আঁচনিৰ সফল ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে বুলিও নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে। আনহাতে আজিৰ এই অনুষ্ঠানটােত ভাষণ প্রদান কৰি শিক্ষা মন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই ভাৰতীয় দর্শন সমৃদ্ধিশালী কৰা ড° সর্বেপল্লী ৰাধাকৃষ্ণন আৰু এ পি জে আব্দুল কালামৰ অৱদান আৰু অনুকৰণীয় দৰ্শনৰ ওপৰত আলোকপাত কৰি এনে দর্শনৰে অনুপ্রাণিত হৈ শিক্ষাদানৰ মহৎ কৰ্মত ব্ৰতী হ’বলৈ আহ্বান জনায়। এ পি জে আব্দুল কালামৰ বাণী দোহাৰি শিক্ষা মন্ত্রীয়ে কয়— “আব্দুল কালামে কৈছিল শিক্ষক আৰু ছাত্ৰৰ মাজত তেতিয়ালৈ সম্পর্ক শিক্ষক আৰু ছাত্ৰৰ মাজত যোগাযোগ গঢ়াৰ বাবে শিক্ষকসকল নিপুণ হ’ব লাগিব। শিক্ষকসকলৰ মহত্ত্বই ছাত্ৰক অনুপ্রাণিত কৰিব লাগিব। কিন্তু বিদ্যালয়ৰ কমন ৰুমত যেতিয়া শিক্ষকসকলৰ মাজত বিভিন্ন গোটৰ সৃষ্টি হয় আৰু এয়া যেতিয়া ছাত্র-ছাত্রীৰ কাণত পৰে তেতিয়া শিক্ষকৰ মহত্ত্ব সম্পর্কে প্রশ্ন জাগে। কথাই কথাই আমি যেতিয়া আদালতলৈ যাওঁ, কথাই কথাই যেতিয়া শিক্ষাজগতক পংকিলতালৈ নিও তেতিয়া সেই শিক্ষক আৰু ছাত্ৰৰ বাবে উদাহৰণ হৈ নাথাকে।” মর্যাদা শিক্ষকৰ জীৱনৰ ডাঙৰ অলংকাৰ বুলিও মন্তব্য কৰি শিক্ষা মন্ত্ৰীয়ে কয় যে যেতিয়া শিক্ষকে এই মর্যাদা, জীৱন আদর্শ পাহৰি যায় তেতিয়া শিক্ষকৰ মহত্ত্ব ক’ৰবাত লুকাই যাব। শিক্ষা প্ৰদানৰ ক্ষেত্ৰত আর্থিক বৈষম্যৰ কথা নাভাবিবলৈকো শিক্ষা মন্ত্রীয়ে শিক্ষকসকলক আহ্বান জনোৱাৰ লগতে শিক্ষকসকলক অন্তর্দৃষ্টি আৰু দূৰদৃষ্টি সম্পন্ন হ’বলৈকো আহ্বান জনায়। উল্লেখ্য যে আজিৰ এই শিক্ষক দিৱসৰ দিনটােতে চৰকাৰী বঞ্চনা আৰু অপ্রাপ্তিৰ ক্ষোভত শিক্ষকৰ বিভিন্ন সংগঠনে বিভিন্ন প্রতিবাদী কাৰ্যসূচীৰে উত্তাল কৰি তোলে ৰাজ্যৰ প্রেক্ষাপট। নিজৰ ভাষণত প্ৰসংগক্ৰমে এই কথালৈকে আঙুলিয়াই শিক্ষা মন্ত্রীয়ে কয়— “দুৰ্ভাগ্য যে আমি দুখীয়া দেশত জন্মিছাে। আমাৰ সমস্যা থাকিব। কিন্তু এই আর্থিকভাৱে পিচ পৰা ৰাজ্যকে আমি সর্বোচ্চ ৰাজ্যত পৰিণত কৰিব পাৰো, যদি ছাত্ৰসকলৰ মাজত আদর্শ, প্রতিভাৰ সন্ধান কৰিব পাৰো। আমাৰ ছাত্ৰসকল যদি দেশৰ ৰত্ন হয়, তেনেহ’লে অসমৰ ভাগ্য পৰিবর্তন হ’ব। শিক্ষকে শিক্ষকতাৰ পবিত্র বৃত্তিৰ পবিত্ৰতা ৰক্ষা কৰিব লাগিব।” ভেন্সাৰ স্কুলৰ প্ৰাদেশিকীকৰণৰ প্ৰসংগ লৈ আঙুলিয়াই শিক্ষা মন্ত্রীয়ে আজিৰ অনুষ্ঠানটােত কয় যে ৰাজ্যৰ কোনো জিলাত গেলামালৰ দোকানতো প্রাথমিক স্কুলৰ নাম লিখি থোৱা হৈছে আৰু সেই শিক্ষকসকলেও বিচাৰিছে প্রাদেশিকীকৰণ। এটা অঞ্চলত ৭০০ ভেন্সাৰ স্কুল আছে। প্রতি এশ মিটাৰত এখনকৈ স্কুল আছে, য’ত ছাত্র নাই। কিন্তু শিক্ষক আছে। এনেদৰে শিক্ষাৰ পবিত্ৰত ক’ত থাকিব বুলিও প্রশ্ন কৰি শিক্ষা মন্ত্রীয়ে কয়— ‘এই সকলোকে শিক্ষক বুলি স্বীকৃতি দিয়ে সমাজে। এনে পৰম্পৰা সলনি হ’ব লাগিব। চৰকাৰী নিযুক্তিপত্ৰই এজন শিক্ষকৰ জন্ম নিদিয়ে। শিক্ষকৰ জন্ম হয় গুণৰ দ্বাৰা, ত্যাগৰ দ্বাৰা আৰু ছাত্ৰৰ অন্তৰৰ পৰা।” আনহাতে আজিৰ এই অনুষ্ঠানৰ পিচত সংবাদ মাধ্যমৰ সৈতে হােৱা বার্তালাপত শিক্ষা মন্ত্রীয়ে জনোৱামতে কোনো অশুভ চক্ৰই যাতে ভেন্সাৰ স্কুলৰ প্ৰাদেশিকীকৰণৰ সুবিধা লৈ অনিয়ম কৰিব নোৱাৰে তাৰ বাবে অহা ডিচেম্বৰত ৰাজ্য চৰকাৰে প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত এটা সম্পূর্ণ ফলপ্রসূ পৰীক্ষিত ব্যৱস্থা গঢ়ি তুলিব। ইফালে শিক্ষকসকলৰ দৰমহাৰ লগতে পেন্সনৰ সমস্যা আঁতৰোৱাৰ বাবে চৰকাৰে বর্তমানৰ ব্যৱস্থাৰ পৰিবর্তন সাধন কৰিব বুলি ঘোষণা কৰি শিক্ষা মন্ত্রীয়ে কয়— ‘প্রাথমিক স্কুলৰ শিক্ষকসকল যেতিয়া মাহৰ দৰমহা পাবলৈ ৫০-১০০ টকা দিবলগা হয়, তেতিয়া মোৰ দুখ লাগে। অহা বছৰৰ এপ্রিলৰ পৰা আৰু শিক্ষকসকলে দৰমহা পাবলৈ উৎকোচ দিব নালাগে। শিক্ষকৰ অৱসৰৰ দিনাই আগবঢ়োৱা হচােব প্রভিজনেল পেন্সনৰ কাগজ।” শিক্ষকসকলৰ পেন্সন প্রাপ্তিৰ প্রক্রিয়া ত্বৰান্বিত কৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা ব্যৱস্থাৰ কথাও দোহাৰি শিক্ষা মন্ত্রীয়ে কয় যে ছফটৱেৰৰ জৰিয়তে শিক্ষকসকলক স্থায়ী পেন্সন প্রদান কৰিবলৈ লোৱাৰ পিচত বর্তমানে প্রতি মাহৰ সাত তাৰিখে ১,০০০ জনকৈ শিক্ষকক পেন্সন প্রদান কৰা হৈছে। অহা বছৰৰ পৰা প্রতি মাহে ১,৫০০ গৰাকীকৈ শিক্ষকক পেন্সন প্রদান কৰা হ’ব বুলিও শিক্ষা মন্ত্রীয়ে কয়। অনুষ্ঠানটােৰ পিচত শিক্ষা মন্ত্রীয়ে সংবাদ মাধ্যমক জনোৱা মতে অহা বছৰৰ এপ্রিলৰ পৰা প্রাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে নিজে দৰমহাৰ বিল দি নিজৰ স্কুলৰ শিক্ষকসকলৰ দৰমহা আদায় কৰিব পাৰিব। আজিৰ এই সভাত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচার্য ড° দীপক শর্মায়াে ভাষণ প্রদান কৰে। উল্লেখ্য, আজিৰ এই অনুষ্ঠানটােতে ৰাজ্যৰ ২৭ গৰাকী কৃতী শিক্ষকক ৰাজ্য চৰকাৰৰ পৰা বঁটা প্রদান কৰা হয়। আনহাতে ৰাজ্য চৰকাৰে ৰাজ্যৰ দুৰাৰােগ্য ব্যাধিত আক্রান্ত ২৮ গৰাকী শিক্ষকক ২৫ হেজাৰ টকাকৈ আর্থিক শিক্ষকক আনুষ্ঠানিকভাৱে এই আর্থিক সাহায্য প্রদান কৰে। আজিৰ অনুষ্ঠানটােত অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা তিনিটা শাখাত ছাত্র-ছাত্রীৰ মাজত অনুষ্ঠিত কৰা ৰচনা প্রতিযোগিতাৰ বঁটা বিজয়ী ছাত্র-ছাত্ৰীসকলকো বঁটা প্রদান কৰা হয়। আজিৰ অনুষ্ঠানটােত আদৰণী ভাষণ প্রদান কৰে শিক্ষা বিভাগৰ প্ৰধান সচিব পৱন কুমাৰ বৰঠাকুৰে। অনুষ্ঠানটােত ৰাজ্যৰ গড়কাপ্তানি মন্ত্রী পৰিমল শুক্লবৈদ্য, অসম বিজ্ঞান আৰু প্রযুক্তি বিশ্ববিদ্যালয়ৰ উপাচার্য ড° পি কে গোস্বামী, প্রাথমিক আৰু মাধ্যমিক শিক্ষা সচিব প্রীতম শইকীয়া আদিও উপস্থিত থাকে।

নতুন দিল্লীত ৰাষ্ট্রীয় বঁটাৰে সন্মানিত অসমৰ সাতগৰাকী শিক্ষক
শিক্ষা ক্ষেত্ৰত আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হয় অসমৰ সাতগৰাকী শিক্ষক। আজি শিক্ষক দিৱস উপলক্ষে দিল্লীৰ বিজ্ঞান ভৱনত আয়ােজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্রপতি প্ৰণৱ মুখাজীয়ে এই বঁটা প্রদান কৰে। ২০১৫ বৰ্ষৰ বাবে শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অসমৰ এই কৃতী শিক্ষককেইগৰাকী হ’ল ক্ৰমে মৰিগাঁৱৰ ভূৰবন্ধ এম ভি বিদ্যালয়ৰ প্রধান শিক্ষক তোলন ৰাজগুৰু, কাছাৰৰ গোবিন্দপুৰ (পশ্চিম) এম ই বিদ্যালয়ৰ প্রধান শিক্ষক সীতাংশু শেখৰ দাস, শিৱসাগৰৰ মিঠাপুখুৰী এম ভি বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্রী হেমলতা বৰুৱা, গোলাঘাটৰ ঢেকেৰিপট্টা নিন্ন প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বিপুল চন্দ্র গগৈ, শোণিতপুৰৰ দণ্ডীনাথ স্মৃতি প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রী বিনু ফুকন, গোলাঘাটৰ ঢেকিয়াল বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ডিম্বেশ্বৰ শইকীয়া আৰু কামৰূপ মেট্ৰ’ৰ টি চি চৰকাৰী বালিকা উচ্চ মাধ্যমিক তথা মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী ৰাণু বৰগোহাঁই। উল্লেখযোগ্য যে দেশৰ প্ৰাথমিক, মজলীয়া, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত আগবঢ়োৱাৰ উদ্দেশ্যে প্রতি বছৰে ৫ ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনা ৰাষ্ট্রপতিয়ে এই বঁটা প্রদান কৰে। ১৯৫৮ চনৰ পৰা এই বঁটা আৰম্ভ কৰা হৈছে। সর্বমুঠ ৩৭৪ টা পুৰস্কাৰ এই শিতানত আগবঢ়োৱা হয় আৰু ইয়াৰে ২০ টা পুৰস্কাৰ সংস্কৃত, পাচী আৰু আৰৱী ভাষাৰ শিক্ষকৰ বাবে সংৰক্ষিত। আজিৰ এই বঁটা উপৰি উক্ত দপ্তৰৰ কেন্দ্রীয় ৰাজ্য মন্ত্রী উপেন্দ্ৰ কুশৱাহা আৰু মহেন্দ্রনাথ পাণ্ডে উপস্থিত থাকে।
বীৰেন্দ্রনাথ দত্তক কে চি দাস কমার্চ কলেজ ৰাষ্ট্রীয় শিক্ষক বঁটা, ৰতন থিয়ামক ৰাষ্ট্রীয় কৃতী বঁটা প্রদান
গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগৰ প্রাক্তন মুৰব্বী অধ্যাপক, বিশিষ্ট সংগীত শিল্পী ড° বীৰেন্দ্রনাথ দত্তক চলিত বৰ্ষৰ কে চি দাস কমার্চ কলেজ ৰাষ্ট্ৰীয় শিক্ষক বঁটা আৰু প্রখ্যাত নাট্যশিল্পী পদ্মশ্ৰী ৰতন থিয়ামক ৰাষ্ট্ৰীয় কৃতী বঁটা প্রদান কৰা হয়। কে চি দাস কমার্চ কলেজ শৈক্ষিক ন্যাসৰ তৰফৰ পৰা প্রদান কৰা হয় এই বঁটা। এই বঁটা হিচাপে দুয়োজনকে দিয়া হয় প্রশংসাপত্র, অভিনন্দনপত্র, স্মাৰক, চেলেং চাদৰ, জাপি, গামোচা, গ্ৰন্থৰ টােপোলা আৰু ১ লাখ টকাৰ একোখনকৈ চেক। গুৱাহাটীৰ প্রাগজ্যোতি সাংস্কৃতিক প্রকল্পত আজি বিয়লি আয়ােজন কৰা এখন গাভীর্যপূর্ণ সভাত মংগলধ্বনিৰ মাজত এই সন্মানীয় বঁটা গ্রহণ কৰি আগবঢ়োৱা ভাষণত ড° বীৰেন্দ্রনাথ দত্তই বঁটাটােৰ জৰিয়তে লাভ কৰা গভীৰ সন্তোষৰ কথা ব্যক্তি কৰে। পঞ্চাশৰ দশকতে শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলি বিগত প্রায় চাৰিটা দশকে কৰি অহা শিক্ষাদানৰ পৰা পোৱা অভিজ্ঞতাৰ কথা প্রকাশ কৰে। সমাজত শিক্ষকসকলৰ স্থান যথেষ্ট গুৰুত্বপূর্ণ যদিও এইসকল কিন্তু বহু সময়ত যথাযোগ্যভাৱে সন্মানিত নহয় বুলি নাট্যশিল্পীজনে আক্ষেপ প্রকাশ কৰে। ৰাজ্যৰ ভিন্ন স্থানত ৰাজনীতিককে ধৰি বিভিন্নজনৰ প্ৰতিমূর্তি প্রত্যক্ষ কৰা হয় যদিও এইক্ষেত্ৰত কিন্তু এগৰাকীও কৃতীমান শিক্ষকৰ প্ৰতিমূর্তি পৰিলক্ষিত হােৱা নাই বুলি তেওঁ মন্তব্য কৰে। তেওঁ নিজকে থিয়েটাৰৰ সৈতে জড়িত বুলি কৈ এই ক্ষেত্ৰখন সন্দৰ্ভতো কিছু বক্তব্য আগবঢ়ায়। এই বঁটা প্রদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ড° অমৰজ্যোতি চৌধুৰী। ভাষণ প্ৰসংগত ড° চৌধুৰীয়ে সমাজলৈ প্ৰতিগৰাকী শিক্ষকে আগবঢ়োৱা বৰঙণিৰ কথা উল্লেখ কৰে। প্রসংগক্ৰমে তেওঁ এসময়ত গুৱাহাটীৰ উজানবজাৰৰ পৰা বিশ্ববিদ্যালয়লৈ বাছেৰে গৈ থকা সময়ত নিয়মিতভাৱে ড° বীৰেন দত্তৰ সৈতে পতা কথা-বতৰাত সাহিত্য-সংস্কৃতিকে ধৰি স্থান পোৱা বিভিন্ন বিষয়ৰ কথা বিশেষভাৱে উল্লেখ কৰে। ড° চৌধুৰীয়ে দত্তক এগৰাকী প্রকৃত অৰ্থত পৰিপূৰ্ণ শিক্ষক হিচাপে অভিহিত কৰে। তেওঁ কামেশ্বৰ দেৱশৰ্মাৰ দৰে তেওঁ লগ পোৱা আৰু অনুপ্রাণিত হােৱা কেইগৰাকীমান শিক্ষকৰ কৃতিত্বৰ কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে। তেওঁ ৰতন থিয়ামৰ নাট্য সাধনা সন্দৰ্ভতো কিছু কথা উল্লেখ কৰে। অনুষ্ঠানত ন্যাসৰ সভানেত্রী মিনতি চৌধুৰীয়েও বক্তব্য আগবঢ়ায়। আদিতে সকলোকে আদৰণি জনায় কে চি দাস কমার্চ কলেজৰ অধ্যক্ষ ড° ঘনশ্যাম নাথে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment