
ৱেব ডেস্ক, ৫ চেপ্টেম্বৰ, ২০১৬ঃ
অতিশীঘ্ৰেজলপাইগুৰিৰ পৰা গুৱাহাটীলৈ বিদ্যুৎচালিত ৰে’লসেৱা আৰম্ভ হ’ব৷ আজি লামডিংত এখন সংবাদমেলত এই বিষয়ে ঘোষণা কৰে ৰাজ্যিক ৰে’ল মন্ত্রী ৰাজেন গোহাঁয়ে। আজি ৰে’লযোগে লামডিঙত উপস্থিত হােৱাৰ পিচত আয়োজন কৰা সংবাদমেলত সকলো ৰে’ল ষ্টেচনৰ সকলো প্লেটফৰ্ম পুনৰ উন্নয়ন সাধন কৰাৰ লগতে নিউ জলপাইগুৰিৰ পৰা গুৱাহাটীলৈ বিদ্যুৎচালিত ৰে’লসেৱা প্রকল্পৰ বাবে অহা ২৫ ছেপ্টেম্বৰত নিবিদা আহ্বান কৰা হ’ব বুলি ৰে’ল মন্ত্রীগৰাকীয়ে সদৰী কৰে। উক্ত প্রকল্পৰ বাবে কেন্দ্রীয় চৰকাৰে ৬৫০ কোটি টকা মোকলাই দিয়া বুলিও প্রকাশ কৰে নগাঁৱৰ সাংসদ তথা মন্ত্রী গোহাঁয়ে। ৰে’ল ষ্টেচনসমূহৰ আন্তঃগাঁথনি উন্নীত কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰা বুলি সংবাদমেলত ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে লামডিঙৰ ভূমি বেদখল কৰি থকাসকলক উচ্ছেদ কৰা হ’ব বুলি তেওঁ প্রকাশ কৰে। মন্ত্রী গোহাঁয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যলৈ ৰেলসেৱা সম্প্রসাৰণ কৰা হ’ব বুলিও ঘোষণা কৰে। সংবাদমেলৰ পিচতে লামডিঙত আয়োজিত এখন জনসভাত অংশগ্রহণ কৰি মন্ত্ৰীগৰাকীয়ে ৰে’ল নগৰী লামডিঙৰ উন্নয়নৰ বাবে নগৰবাসীক সহযোগ কৰিবলৈ আহ্বান জনায়। তেওঁ ৰে’ল বিভাগত বর্তমান ১০ হেজাৰ পদ খালী হৈ থকা বুলি সদৰী কৰি নতুনকৈ আৰু ১০ হেজাৰ পদ সৃষ্টি কৰিব বুলি ঘোষণা কৰে। সভা সমাপ্তিৰ পিচতে তেওঁ ৰে’লৱেৰ প্রেক্ষাগৃহত বিষয়াবৰ্গ, কর্মচাৰী আৰু ৰে’ল ইউনিয়নৰ সৈতে এখন বৈঠকত অংশগ্রহণ কৰে। ইপিনে উত্তৰ-পূব সীমান্ত ৰে’লৱে মজদুৰ ইউনিয়নে মন্ত্রীগৰাকী এখন স্মাৰকপত্র প্রদান কৰে। স্মাৰকপত্ৰখনত উত্তৰ-পূব সীমান্ত ৰে’লৱেত অসমৰ যুৱক-যুৱতীসকলক নিযুক্তি দিয়া, লামডিঙত ৰে’লৱেত ক্রীড়া শিতানত যুৱক-যুৱতীক সংস্থাপন দিয়া, লামডিঙৰ পৰা তিনিচুকীয়ালৈ বদলি কৰা ৰে’লৱে কর্মচাৰীসকলৰ বদলি স্থগিত ৰখা, লামডিং-নগাঁৱৰ মাজত ৰে’ল চলাচল কৰা আদি বিভিন্ন দাবী উত্থাপন কৰা হয়।
facebook
twitter
google+
fb share