
ৱেব ডেস্ক, ৮ অক্টোবৰ, ২০১৬ঃ নৱ শৰীৰৰ দাঁত দুপাৰি অন্যতম প্রয়োজনীয় অংগ৷ কিন্তু বহু লোকে মুখৰ ভিতৰভাগৰ পৰিষ্কাৰ -পৰিচছন্নতাৰ প্রতি কোনো গুৰুত্ব নিদিয়ে৷ ইয়াৰ ফলত দাঁতৰ আৰু আলুৰ নানা ৰোগে দেখা দিয়ে৷ প্রথম অৱস্থাতে এই ৰোগসমূহ চিনাক্ত কৰিলে সু-চিকিৎসাৰে আৰোগ্য লাভ কৰিব পাৰি৷ দাঁতৰ বিভিন্ন সমস্যাই স্বাস্থ্যত প্রভাৱিত কৰাৰ আগতে ইয়াৰ লক্ষণবোৰ প্রকট হোৱাৰ সময়তে যদি প্রয়োজনীয় সাৱধানতা অৱলম্বন কৰা যায় তেন্তে সম্ভাব্য বহু ৰোগৰ পৰা হাত সাৰিব পাৰি৷ দাঁত ব্রাছ কৰাৰ সময়ত বা পাছত যদি দাঁতৰ আলুৰ পৰা তেজ নির্গত হয়, তেন্তে ই দাঁতৰ ৰোগৰ লক্ষণ হিচাপে পৰিগণিত হয়৷ দাঁত দুপাৰি আৰু মুখৰ ভিতৰভাগৰ পৰিচর্যাৰ বাবে কেনে ধৰণৰ ব্যৱস্থা গ্রহণ কৰিব লাগে, তাৰ কেইটামান টিপছ দিয়া হ’ল–
* ৰাতিপুৱা শুই উঠি আৰু ৰাতি শুবৰ সময়ত নিতৌ দাঁত ব্রাছ কৰিব৷ প্রতিটো বস্তু খোৱাৰ পাছত মুখখন ভালদৰে ধুব৷
* জিভা নিতৌ পৰিষ্কাৰ কৰি ৰাখিব৷ আপোনাৰ দাঁতত যদি পাতল হালধীয়া ৰং ধৰিছে, তেন্তে অকণমান নিমখত নেমু ৰস চাৰি টোপালমান মিহলাই দাঁত ঘঁহিলে দাঁতৰ বৰণ উজ্জ্বল হ’ব৷
* দাঁত দুপাৰি যদি চকচকীয়া উজ্জ্বল, বগা হোৱাটো বিচাৰে তেন্তে টুথপেষ্টৰ সৈতে অকণমান খোৱা চৌদা লৈ দাঁত মাজিলে দাঁত দুপাৰি সুন্দৰ হ’ব৷
* দাঁতত যদি কেতিয়াবা বিষ অনুভৱ কৰে, তেতিয়া দুই-তিনি দিনৰ মূৰে মূৰে নিমখ আৰু মিঠাতেল মিহলাই দাঁত ঘঁহিলে বিষ কমাৰ লগতে দাঁতৰ গুৰিও টান হ’ব৷
* মহানিমৰ ছাল জুইত পুৰি তাৰ ছাইখিনি উলিয়াই এটা বটলত ভৰাই থ’ব৷ দাঁতৰ বিষ উঠা যেন লাগিলে আৰু দাঁতৰ গুৰিৰ পৰা তেজ ওলালে সেই ছাইৰে দাঁত মাজিলে তেজ ওলোৱা কমিব আৰু বিষো নাইকিয়া হ’ব৷
* বকুল গছৰ ছালৰ ৰস অলপ পানীত মিহলাই মুখখন কুলকুলি কৰিলে দাঁতৰ বিষ কমে৷
* কিছুমানৰ মুখৰ পৰা দুর্গন্ধ ওলায়৷ গোন্ধ আঁতৰাবলৈ বাদামৰ বাকলি, নিমৰ ঠাৰি পুৰি গুড়ি কৰি তাৰ লগত জালুকৰ গুড়ি মিহলাই একেৰাহে এসপ্তাহ দাঁত মাজিলে গোন্ধ নাইকিয়া হ’ব৷
* দৈনন্দিন খাদ্য তালিকাত ভিটামিন ‘ডি’ থকা খাদ্য খাবলৈ যত্ন কৰক৷ গাখীৰ, কেঁচা শাক-পাচলি, বিশেষকৈ বিলাহী, আপেল, নেমু, কমলা, মৌচুমী আদি ফল যথেষ্ট পৰিমাণে খাব৷
* টুথ পিক ব্যৱহাৰ নকৰিব৷ দাঁতৰ ফাঁকত সোমাই থকা খাদ্য পৰিষ্কাৰ কৰাৰ বাবে টুথ পিক বা অন্য সামগ্রী ব্যৱহাৰ কৰিলে দাঁতৰ আলুৰ ক্ষতি হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে৷
* দাঁতৰ সুস্বাস্থ্যৰ বাবে নিয়মিত ভিটামিন ‘চি’ আৰু কেলচিয়ামযুক্ত আহাৰ খাব৷
* ফলমূল কেঁচাই দাঁতেৰে চোবাই খাব লাগে৷ তেতিয়া দাঁতৰ ব্যায়াম হয় আৰু দাঁত ভালে থাকে৷
* দাঁতত থকা দাগ দন্ত্য চিকিৎসকৰ দ্বাৰা পৰিষ্কাৰ কৰি ৰাখিব৷ পাণ-তামোল আদি খোৱাৰ পৰা বিৰত থকা উচিত৷ যিসকলে খায় তেওঁলোকে দাঁতৰ পৰিষ্কাৰ-পৰিচছন্নতাৰ প্রতি সম্পূর্ণ সচেতন হোৱা প্রয়োজন৷ প্রতিদিনে মাউথ ফ্রেছনাৰ পানীত মিহলাই সেই পানীৰে মুখৰ ভিতৰভাগ পৰিষ্কাৰ কৰা উচিত৷ মাউথ ফ্রেশ্বনাৰ মিহলোৱা পানীৰে মুখখন কুলকুলি কৰিব৷ তেতিয়া মুখখন ফৰফৰীয়া লাগিব৷
* বছৰত কমেও এবাৰ দন্ত্য চিকিৎসকৰ দ্বাৰা দাঁত পৰীক্ষা কৰা উচিত৷
-আলুৰ ৰোগ কেঞ্চাৰৰ কাৰণ হ’ব পাৰে-
আপোনাৰ দাঁতৰ আলু যদি সঘনাই ৰোগত আক্রান্ত হৈছে তেন্তে অচিৰেই চিকিৎসকৰ পৰামর্শ লওক৷ অন্যথা আপুনি কেঞ্চাৰৰ দৰে ভয়াৱহ ৰোগত আক্রান্ত হ’ব পাৰে৷ এই তথ্য প্রকাশ কৰিছে হার্ভার্ড স্কুল অব পাব্লিক হেল্থৰ গৱেষক দলে৷ প্রতিষ্ঠানটোৰ গৱেষকে প্রকাশ কৰা মতে যদি দাঁতৰ আলু সঘনাই ৰোগাক্রান্ত হৈ পৰে তেন্তে ইয়াৰ ফলত পেনক্রিয়াছ অর্থাৎ অগ্ন্যাশয়ৰ কেঞ্চাৰৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ অগ্ন্যাশয় কেঞ্চাৰক এটি জটিল ৰোগ হিচাপে ইতিমধ্যে চিনাক্ত কৰা হৈছে৷ অস্ত্রোপচাৰৰ পাছত এই ৰোগত আক্রান্ত ব্যক্তিয়ে দীর্ঘ জীৱন-যাপন কৰাৰ সম্ভাৱনা বহু সময়ত সীমিত হোৱা দেখা যায় বুলি গৱেষকসকলে মন্তব্য কৰিছে৷ হার্ভার্ড স্কুল অব পাব্লিক হেল্থে চলোৱা এই অধ্যয়নটোত প্রকাশ পোৱা মতে, বেক্টেৰিয়াৰ সংক্রমণৰ ফলত দাঁতৰ আলুৰ ৰোগ সৃষ্টি হয় আৰু ইয়াৰ ফলত দাঁতক সহায় কৰা হাড়ৰ ক্ষয় হ’বলৈ ধৰে৷ মার্কিন সমীক্ষাত প্রকাশ পোৱা মতে, দেশখনত কেঞ্চাছাৰ ৰোগত মৃত্যু হোৱা চতুর্থটো গুৰুত্বপূর্ণ কাৰণ হৈছে ‘অগ্ন্যাশয়ৰ কেঞ্চাৰৰ’ বুলি মার্কিন স্বাস্থ্য গৱেষকে প্রকাশ কৰিছে৷ গৱেষকৰ দলটোৰ মতে, অগ্ন্যাশয়ৰ কেঞ্চাৰৰ ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ’লে দাঁতৰ আলুৰ স্বাস্থ্যৰ প্রতি সচেতন হোৱা অতি জৰুৰী৷ বিশেষকৈ দাঁতৰ আলুৰ পৰা তেজ নির্গত হোৱা অথবা আলু ফুলিবলৈ ধৰিলে ইয়াক আওকাণ নকৰি লগে লগে চিকিৎসকৰ পৰামর্শ ল’ব লাগে বুলি অধ্যয়নটো চলোৱা গৱেষকসকলে মন্তব্য কৰিছে৷ গৱেষকসকলে বিশ্বজুৰি বৃদ্ধি পোৱা অগ্ন্যাশয়ৰ কেঞ্চাৰৰ ৰোগৰ সম্পর্কত চিন্তা কৰি লগতে কয় যে কেঞ্চাৰ ৰোগৰ ভিতৰত এই কেঞ্চাৰ অন্যতম জটিল ৰোগ আৰু এই ৰোগত আক্রান্ত হ’লে পুনৰ স্বাভাৱিক জীৱন-যাপন কৰাৰ সম্ভাৱনা যথেষ্ট সীমিত হৈ পৰে৷ সঠিক সময়ত চিনাক্তকৰণ কৰিব পাৰিলেহে এইবিধ কেঞ্চাৰৰ পৰা মুক্তি লাভ কৰিব পাৰি বুলি মার্কিন গৱেষকসকলে জানিবলৈ দিছে৷ অধ্যয়নটো চলোৱা গৱেষকৰ দলটোৱে লগতে কয়, এই সমীক্ষাটোৰ জৰিয়তে জানিব পৰা গৈছে যে অগ্ন্যাশয়ৰ কেঞ্চাৰত আক্রান্ত বৃহৎ সংখ্যক ব্যক্তি দাঁতৰ আলুৰ ৰোগত পীড়িত আছিল৷
facebook
twitter
google+
fb share