
ৱেব ডেস্ক, ৮ অক্টোবৰ, ২০১৬ঃ‘মায়ঙৰ বেদখলকাৰীক কাজিৰঙাৰ দৰেই উচেছদ কৰিম৷’ মৰিগাঁও জিলাৰ ইতিহাস প্রসিদ্ধ মায়ঙৰ বেদখলকাৰীক আজি এইদৰে কঠোৰ সকীয়নি দিলে ৰাজ্যৰ স্বাস্থ্য, শিক্ষামন্ত্রী ড0 হিমন্ত বিশ্ব শর্মাই৷ বেদখল উচেছদ অতি স্পষ্ট আৰু দ্বিধাহীনভাৱেই কৰা হ’ব বুলি হুংকাৰ দিলে মন্ত্রী হিমন্ত বিশ্ব শর্মাই৷ আজি জাগীৰোডৰ আমলিঘাটস্থিত সীতা জখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ উদ্যোগত সর্বসাধাৰণ ৰাইজৰ বাবে এম্বুলেন্স সেৱা মুকলি কৰি মন্ত্রী শর্মাই মায়ঙৰ উচেছদ সন্দর্ভত আৰু কয় যে এই মাহতে অর্থাৎ দেৱালীৰ পাছতে বেদখলকাৰীসকল যাব লাগিব৷ এই ক্ষেত্রত মৰিগাঁও আৰু দৰং জিলাৰ ডি চি, এছ পিসকলে কার্যব্যৱস্থা হাতত লওক৷ তেওঁ সংশ্লিষ্ট ডি চি, এছ পিক সকীয়াই কয়– হয় তেওঁলোক থাকক, নহয় বেদখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰক৷ উল্লেখযোগ্য যে বিভিন্ন প্রতিবাদ, আন্দোলনৰ পাছতো মায়ঙৰ বেদখলকাৰীসকলে আজিও এক প্রৰোচিত শক্তিৰ দ্বাৰা মায়ঙতে বসতি কৰি আছে৷ ইফালে ঈদৰ পাছতে বেদখলকাৰীক দৰং জিলালৈ স্থানান্তৰ কৰাৰ কথা আছিল যদিও সেয়া হৈ নুঠিল৷ আজি এই সন্দর্ভত মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ সকীয়নিয়ে বিশেষ তাৎপর্য বহন কৰিছে৷ এম্বুলেন্স সেৱা মুকলি অনুষ্ঠানত মন্ত্রী শর্মাই সীতা জখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ কাম-কাজক প্রশংসা কৰি শীঘ্রে এই সমিতিৰ বাবে দুগ্ধ প্রক্রিয়া প্রকল্পৰ বাবে এপেক্স বেংকৰ জৰিয়তে প্রয়োজনীয় পুঁজি প্রদান কৰিব বুলি কয় আৰু এই পুঁজিত থাকিব ৰাজ সাহায্য৷ লগতে সমবায় মন্ত্রী হিচাপে ড0 শর্মাই উক্ত সমবায় সমিতিয়ে 1958 চনৰে পৰা আৰম্ভ কৰা শ্বেত বিপ্লৱৰ অংশ স্বৰূপে ইয়াৰ অধীনত অতি কমেও এক লাখ নিবনুৱাক কর্ম সংস্থাপনৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰে৷ এই অনুষ্ঠানতে স্থানীয় কুৰিজনৰো অধিক কৃতী শিক্ষার্থীক সমবায়খনৰ জৰিয়তে অর্থ সাহায্য প্রদান কৰা হয়৷ অনুষ্ঠানত মন্ত্রী ড0 শর্মাৰ লগতে জাগীৰোড, মৰিগাঁৱৰ বিধায়কদ্বয় ক্রমে পীয়ুষ হাজৰিকা, ৰমাকান্ত দেউৰী, মৰিগাঁৱৰ উপায়ুক্ত হেমেন দাস, সমবায়খনৰ অধ্যক্ষ ৰঞ্জীৱ শর্মাকে ধৰি অন্যান্য বিষয়ববীয়া উপস্থিত থাকে৷
facebook
twitter
google+
fb share