২০১৮ত সম্পূর্ণ ছীল হ’ব ভাৰত-পাক সীমান্ত

কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিঙৰ ঘোষণা
Image result for Rajnath singh
ৱেব ডেস্ক, ৮ অক্টোবৰ, ২০১৬ঃ চুবুৰীয়া চিৰবৈৰী ৰাষ্ট্র পাকিস্তানে সীমান্তৰে সন্ত্রাসবাদীক অনুপ্ৰৱেশ ঘটাই ভাৰত ভূমি ৰক্তাক্ত কৰি থকাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভাৰত-পাক সীমান্ত ২০১৮ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণকৈ ছীল কৰাৰ ঘোষণা কৰিছে কেন্দ্রীয় চৰকাৰে। কাৰিকৰীগত সমাধানকে ধৰি সকলো ব্যৱস্থাৰে পাক-ভাৰত সীমান্ত ছীল কৰা হ’ব বুলি আজি কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিঙে ঘোষণা কৰে। পাকিস্তানৰ সীমান্তৰে সাঙোৰ খাই থকা ৰাজস্থান, পঞ্জাব, গুজৰাট আৰু জম্মু-কাশ্মীৰ পর্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ আগত পাক-ভাৰত সীমান্ত ছীল কৰা হ’ব বুলি অৱগত কৰে। চাৰি প্ৰদেশৰ মন্ত্রী-বিষয়াৰ সৈতে আলোচনাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এই সন্দৰ্ভত সঠিক নিৰীক্ষণ পদ্ধতি গঠনৰ ওপৰতো গুৰুত্ব দিয়ে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে। দুই দেশৰ এল অ' চিত মন্ত্রী-বিষয়াৰ সৈতে আলোচনাত এটা নতুন ধাৰণাৰ উদ্ভৱ হয় আৰু চাৰি প্ৰদেশৰ পৰামৰ্শ লাভ কৰাৰ পাছতেই নীতি-নির্দেশনাৰ আৰ্হি প্ৰস্তুত কৰা হ’ব বুলি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে সাংবাদিকক অৱগত কৰে। ২০১৮ সচিবে বি এছ এফ আৰু ৰাজ্যৰ মুখ্য সচিবে পর্যায়ক্রমে নিৰীক্ষণ কৰিব বুলি মন্তব্য কৰে। সীমান্ত ছীল কৰাৰ ক্ষেত্ৰত প্রযুক্তি ব্যৱহাৰ কৰা হ’ব বুলি উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে নদীপথ আৰু গুজৰাটৰ ছাৰ ক্রিক অঞ্চল ছীল কৰিবলৈ সর্বাধিক প্রযুক্তি ব্যৱহাৰ কৰিব। আজি বৈঠকত ৰাজস্থানৰ মুখ্যমন্ত্রী বসুন্ধৰা ৰাজে, পঞ্জাবৰ উপ-মুখ্যমন্ত্রী সুখবীৰ সিং বাদল, গুজৰাটৰ ৰাজ্যিক গৃহমন্ত্রী প্ৰদীপ সিং জাদেজা আৰু জম্মু-কাশ্মীৰৰ মুখ্য সচিব ব্রীজ ৰাজ শৰ্মাৰ লগতে বি এছ এফৰ জ্যেষ্ঠ শীর্ষ বিষয়া উপস্থিত থাকে। উল্লেখ্য যে ভাৰত-পাক সীমান্তত গুজৰাটত ৫০৮ কিলোমিটাৰ, ৰাজস্থানত ১,০৩৭ কিলোমিটাৰ, পঞ্জাবত ৫৫৩ কিলোমিটাৰ আৰু জম্মু-কাশ্মীৰত ১,২২৫ কিলোমিটাৰ সাঙোৰ খাই আছে। ৩,৩২৩ কিলোমিটাৰ সীমান্তত প্রায় ২,২৮৯.৬৬ কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত কেন্দ্রীয় গৃহমন্ত্র্যালয়ৰ অধীনত আছে। বাকীখিনি অর্থাৎ এল অ' চি প্ৰতিৰক্ষা মন্ত্র্যালয়ৰ নিয়ন্ত্রণাধীন। ইপিনে ভাৰত-পাক সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ২,০৩৪.৯৬ কিলোমিটাৰত দৃশ্যমান, বিশেষকৈ ফেন্সিঙেৰে ছীল কৰা হ’ব, বাকী ২৫৪.৮০ কিলোমিটাৰ সীমান্তত দৃশ্যমান আৰু অদৃশ্যমান প্রতিবন্ধকে লেজাৰ আদি ব্যৱস্থা কৰা হ’ব। ইতিমধ্যে বি এছ এফে জম্মু অঞ্চল, পঞ্জাব আৰু গুজৰাটত পাইলট প্রকল্পৰ জৰিয়তে এই প্রযুক্তি ব্যৱহাৰৰ পৰীক্ষণ কৰি আছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment