গাঁৱৰ উন্নয়নত গুৰুত্ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল



ৱেব ডেস্ক, ৮ অক্টোবৰ, ২০১৬ঃ শাৰদীয় দুৰ্গোসৱৰ বতৰতে সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্রামাঞ্চলৰ উন্নয়ন, কৃষি খণ্ডৰ বিকাশৰ বাবে আজি কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত অভিলাষী আঁচনি ‘মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনা’ ৰূপায়ণৰ বাবে আজি মেগা মিছন ছ’চাইটি গঠন কৰা হয়৷ মুখ্যমন্ত্রী হ’ব এই মেগা মিছন ছ’চাইটিৰ অধ্যক্ষ৷ ৰাজ্যৰ ২৫,৪২৫ খন গাঁৱৰ উন্নয়নৰ বাবে এই বছৰ ৫০০ কোটি টকা অনুমোদন জনোৱা হৈছে৷ এই আচঁনিৰ অধীনত ৫ বছৰত মুঠ ৩০ হাজাৰ কোটি টকা খৰচ কৰা হ’ব৷ প্রতিখন গাঁৱে লাভ কৰিব ১.২০ কোটি টকাকৈ৷ দিছপুৰত মুখ্যমন্ত্রীৰ কার্যালয়ত অনুষ্ঠিত কেবিনেট বৈঠকে পূর্বৰ তৰুণ গগৈ চৰকাৰে ঘোষণা কৰা দুখন জিলা ভংগ কৰি দিয়াৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ ইয়াৰ ফলত এতিয়া অসমত জিলাৰ সংখ্যা৩৫ খনৰ পৰা ৩৩ খনলৈ হ্রাস হ’ল৷ বৈঠকত পূূব কামৰূপ আৰু দক্ষিণ কামৰূপ নামৰ পূর্বৰ চৰকাৰে গঠন কৰা জিলা দুখন ভংগ কৰি তিনিটা নতুন মহকুমা গঠনৰ সিদ্ধান্তৰ কথা আজি সদৰী কৰে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ কেবিনেট বৈঠকৰ পাছত সংবাদমেলত পাটোৱাৰীয়ে কয় যে পূর্বৰ চৰকাৰে জিলা দুখনৰ বাবে প্রয়োজনীয় পদৰ অনুমোদন নিদিয়াকৈ এই জিলা দুখন গঠন কৰিছিল৷ সেয়েহে, স্থানীয় বিধায়কসকলৰ সৈতে কথা পাতি দুয়োখন জিলা বতিল কৰা হৈছে৷ এই জিলা দুখনৰ সলনি এতিয়া কামৰূপ মহানগৰ জিলাৰ অধীনত চন্দ্রপুৰ আৰু সোণাপুৰত স্থাপন হ’ব দুটা মহকুমা আৰু দক্ষিণ কামৰূপ জিলাৰ পৰিৱর্তে ছয়গাঁও হ’ব নতুন মহকুমা৷ ইফালে পূর্বৰ চৰকাৰে গঠন কৰা বহুকেইটা মহকুমাৰ প্রয়োজনীয়তা পুনৰীক্ষণ কৰিবলৈ আজি অনুষ্ঠিত বৈঠকে কেবিনেট উপ-সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ পূর্বৰ চৰকাৰে গঠন কৰা দক্ষিণ শালমাৰা-মানকাচৰ, চৰাইদেউ, পশ্চিম কার্বি আংলং, হোজাই আৰু বিশ্বনাথ জিলাৰ ক্ষেত্রত সিদ্ধান্ত সলনি নহয়৷ পাটোৱাৰীয়ে সংবাদমেলত কয় যে কৃষি আৰু পশুপালনৰ বাবে কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ লোৱা হৈছে৷

ইয়াৰ ভিতৰত গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি (আৰ আই ডি এফ) -২২ৰ অধীনত নাবার্ডৰ পৰা ১২৪০ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ তদুপৰি, কৃষকে যাতে বছৰত একেডৰা মাটিতে তিনিটাকৈ খেতি কৰিব পাৰে তাৰ প্রতি লক্ষ্য ৰাখি কৃষকৰ মাজত৬১,১০০ টা চেল টিউবৱেল বিতৰণ কৰা হ’ব৷ আৰ আই ডি এফ ২১-ৰ অধীনত এই আঁচনিৰ বাবত ৩২৫ কোটি টকা ব্যয় কৰা হ’ব৷ পশুপালন বিভাগৰ ১০০ খন পশু চিকিৎসালয় নির্মাণ কৰাৰ লগতে ৫৭ টা গুদামঘৰ পুনৰ নির্মাণ আৰু ৪ টা নতুন গুদামঘৰ নির্মাণ কৰা হ’ব৷ কেবিনেটৰ সিদ্ধান্তৰ কথা সদৰী কৰি পাটোৱাৰীয়ে কয় যে অহা ১০ ডিচেম্বৰৰ শ্বহীদ দিৱসৰ দিনা অসম আন্দোলনৰ শ্বহীদ পৰিয়ালক ৫ লাখকৈ টকাৰ সাহায্য প্রদান কৰা হ’ব৷ মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামীক কেবিনেট মর্যাদা প্রদানৰো সিদ্ধান্ত লোৱা হয় আজিৰ কেবিনেট বৈঠকত৷ বাহিৰৰ পৰা ব্যক্তিগতভাৱে কিনি অনা সামগ্রী, যেনে– টাইলছ, ফ্রীজ, গাড়ী, লিফট, টেলিফ’ন, কেমেৰা, ফার্নিচাৰ, পি ভি চি পাইপ আদিত এতিয়া প্রৱেশ কৰ আছিল ৪ শতাংশ৷ এইবোৰ সামগ্রীত প্রৱেশ কৰ ১০ শতাংশলৈ বৃদ্ধি কৰা হৈছে৷ বিশেষভাৱে সক্ষম লোকসকলৰ নাম আৰু ফটোসম্বলিত তালিকা যুগুত কৰিবলৈ সমাজ কল্যাণ বিভাগক নির্দেশ দিয়াৰ কথা পাটোৱাৰীয়ে জানিবলৈ দিয়ে৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment