গুৱাহাটী, ১৬ ডিচেম্বৰ :

গুৱাহাটী উচ্চ ন্যায়ালয়ে লখিমপুৰ থানাৰ নদীবান্ধ সম্পৰ্কীয় গোচৰত অখিল গগৈক জামিন প্রদান কৰে। লখিমপুৰ থানাত ২০১৩ চনত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে বক্তৃতা প্রদান কৰাৰ অপৰাধত অখিল গগৈৰ ওপৰত অসম আৰক্ষীয়ে পূৰ্বতে ৰুজু কৰা গোচৰ নং ৮১৪/১৩ত অখিল গগৈক কাৰাবন্দী অৱস্থাতে লখিমপুৰ আৰক্ষীয়ে নগাঁও কাৰাগাৰৰ পৰা ৬ অক্টোবৰত গ্রেপ্তাৰ কৰিছিল। এই গোচৰটােত ৭২ দিন কাৰাগাৰত কটােৱাৰ পিচত আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মানসৰঞ্জন পাঠকৰ আদালতে জামিন মঞ্জৰ কৰে। আদালতত অখিল গগৈৰ হৈ যুক্তি প্রদর্শন কৰে অধিবক্তা ৰাজীৱ কলিতা আৰু সীমা ভূঞাই। উল্লেখযোগ্য যে যোৱা ২ অক্টোবৰৰ পৰা কাজিৰঙাৰ সোণোৱাল চৰকাৰে কাৰাবন্দী কৰি ৰাখিছে। অখিল গগৈৰ ওপৰত সর্বানন্দ সোণোৱাল চৰকাৰে সৰ্বমুঠ নটা গোচৰ জাপি দিছিল। গোলাঘাট আৰক্ষীয়ে আনকি ২০০৬ চনত অৰ্থাৎ দহ বছৰ পুৰণি গোচৰতো অখিল গগৈক গ্রেপ্তাৰ কৰিছিল। জখলাবন্ধা, বগী,নদী, গোলাঘাট আৰু বােকাখাত থানাত ৰুজু হােৱা গোচৰসমূহত গগৈয়ে ইতিমধ্যে জামিন লাভ কৰিছিল। লখিমপুৰ থানাৰ এই গোচৰটােত জামিন লাভ কৰাৰ লগে লগে অখিল গগৈয়ে সকলো গোচৰত জামিন লাভ কৰি সুদীর্ঘ ৭৬ দিনৰ মূৰত কৰামুক্ত হােৱাটাে নিশ্চিত হৈ পৰিছে। অখিল গগৈক ২০১৩ চনৰ যি গোচৰত গ্রেপ্তাৰ কৰা হৈছিল, সেই গোচৰৰ এজাহাৰত অভিযোগ কৰা হৈছিল। ২০১৩ চনৰ ৩০ মে’ত লখিমপুৰৰ ডি চি ক'ৰ্টৰ সন্মুখত জনতাৰ সন্মুখত অখিল গগৈয়ে এন এইচ পি চিক কোনাে পৰিস্থিতিতেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প সম্পূর্ণ কৰিবলৈ দিয়া নহ’ব বুলি বক্তব্য প্রদান কৰিছিল। বক্তব্যত গগৈয়ে সমর্থক আৰু সাধাৰণ
জনতাক এন এইচ পি চিৰ নদীবান্ধৰ সামগ্ৰী সৰবৰাহ কাৰ্যত বাধা প্রদান কৰিবলৈও আহ্বান জনাইছিল। নদীবান্ধৰ সামগ্ৰী সৰবৰাহ কৰা গাড়ীক শিল দলিয়াই, গছ বগৰাই আৰু ৰাষ্ট্ৰীয় ঘাইপথ ৫২। খান্দি বাধা প্রদান কৰিবলৈ উচটনি দিছিল। প্রতিবাদস্থলীত থকা আৰক্ষী আৰু চি আৰ পি এফ জোৱানকে নদীবান্ধৰ বিৰোধী আন্দোলন সমর্থন কৰিবৰ কাৰণে আহ্বান জনাইছিল। এই বক্তব্য ৰখাৰ অপৰাধতে ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজাৰ অপৰাধত গোচৰ ৰুজু কৰা হৈছিল অখিল গগৈৰ বিৰুদ্ধে। আজি এটা প্রেছ বিবৃতিযোগে কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ৰাজু বৰা, যুটীয়া সাধাৰণ সম্পাদক অনিল বড়ো আৰু ভাস্কো ডি শইকীয়াই কয় যে অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ কাৰণে অখিল গগৈক অপৰাধীৰ দৰে সৰ্বানন্দ সোণোৱাল চৰকাৰে ইটােৰ পিচত সিটাে পুৰণি গোচৰত গ্রেপ্তাৰ কৰি সুদীর্ঘ দিন কাৰাবন্দী কৰি ৰাখি বিজেপিৰ স্বৈৰতান্ত্রিক চৰিত্ৰ উন্মোচিত কৰিলে। একেটা প্রেছ বিবৃতিতে কয় যে অখিল গগৈৰ মুক্তিৰ লগে লগে অসমত পুনৰ নদীবান্ধবিৰােধী আন্দােলন, হিন্দু বাংলাদেশীক সংস্থাপনবিৰোধী আন্দোলন, তৈলখাদবিৰোধী আন্দোলন আৰু এ পি এছ চিৰ কেলেংকাৰীৰ তদন্তত এক নতুন মাত্রা প্রদান কৰিব। সংগঠনটােৱে আইনী সাহায্য আগবঢ়োৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ভাস্কৰ দেৱ কেঁৱৰ, অধিবক্তা ৰাজীৱ কলিতা, অধিবক্তা সীমা ভূঞা, গোলাঘাট আদালতত আইনী সাহায্য আগবঢ়োৱাৰ বাবে অধিবক্তা প্রাঞ্জল গগৈ, কলিয়াবৰ আদালতত আইনী সাহায্য আগবঢ়োৱাৰ বাবে অধিবক্তা গজেন শইকীয়া, লখিমপুৰ আদালতত আইনী সাহায্য আগবঢ়োৱাৰ বাবে অধিবক্তা মীনাক্ষী গোহাঁই বৰুৱা আৰু অধিবক্তা নৱ কৃষ্ণ বৰাক ধন্যবাদ জ্ঞাপন কৰে।
facebook
twitter
google+
fb share