গুৱাহাটী, ১৬ ডিচেম্বৰ, ২০১৬ : বিমুদ্রাকৰণৰ ফলত সাধাৰণ জনতাৰ দুর্ভোগৰ মাজতে লক্ষ লক্ষ টকা খৰচ কৰি বিলাসবহুল পঞ্চতাৰকা হােটেলৰ শীতাতপ কক্ষৰ পৰা অস্তিত্বৰ সংকটত থকা খিলঞ্জীয়াক ৰক্ষাৰ সূত্র উদ্ভাৱনৰ চেষ্টা চলালে সর্বানন্দ সোণোৱাল চৰকাৰে। বিশিষ্ট আইনজ্ঞ আৰু বৌদ্ধিক সমাজক লৈ খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকৱচ। কেনেকৈ প্রদান কৰিব পাৰি সেই সংক্রান্তত অসম চুক্তি ৰূপায়ণ বিভাগে আজি খানাপাৰাৰ হােটেল তাজ ভিভাণ্টাৰ দৰে বিলাসী পঞ্চতাৰকা হােটেলত অনুষ্ঠিত কৰিলে ঘূৰণীয়া মেজমেল। অবৈধ বাংলাদেশী নাগৰিকৰ অবাধ দপদপনিৰ মাজত খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰ দৰে অতি গুৰুত্বপূর্ণ আৰু অসমৰ সাধাৰণ জনতাৰ জীৱন-মৰণৰ লগত সম্পর্কিত এটা বিষয় আলোচনাৰ বাবে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়কে ধৰি চৰকাৰী, বেচৰকাৰী যথেষ্ট উপযুক্ত অনুষ্ঠান-প্রতিষ্ঠান থকাৰ পিচতো লক্ষ লক্ষ টকা শৰাধ কৰি হােটেল তাজ ভিভাণ্টাৰ দৰে পঞ্চতাৰকা হােটেল কিয় বাছি লোৱা হ’ল তাক লৈ প্রশ্ন উত্থাপিত হৈছে। উল্লেখ্য যে উত্তৰ-পূব ৰাজনীতি বিজ্ঞান সংস্থা আৰু নৰ্থ-ইষ্ট পলিচি অলটানেটিভৰ সহযোগত অসম চৰকাৰৰ অসম চুক্তি ৰূপায়ণ বিভাগে আজি খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষাক লৈ তাজ ভিভাণ্টাত অনুষ্ঠিত কৰে ঘূৰণীয়া মেজমেল। মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, কেইবাগৰাকীও মন্ত্রীবিধায়কৰ লগতে ৰাজ্য প্রশাসনৰ আমোলা-বিষয়াৰ উপস্থিতিত ৰাজ্যৰ শিক্ষাবিদ, আইনজ্ঞকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰি খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচ সংক্রান্তত ভালেসংখ্যক গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়। অনুষ্ঠানত ভাষণ প্রদান কৰি অধ্যাপক ৰমেশ বৰপাত্ৰগোহাঁয়ে কয় যে সাংবিধানিক ৰক্ষাকৱচ সংক্রান্তত অসম চুক্তিৰ ৬ নং দফাত কেতবােৰ বিষয় উল্লেখ আছে। কিন্তু সেয়া দীর্ঘদিন ধৰি কাৰ্যকৰী হােৱা নাই। কেন্দ্রীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰো এই দফা ৰূপায়ণ কৰাটো সাংবিধানিক দায়িত্ব। ভাষণ প্ৰসংগত অধ্যাপক গোহাঁয়ে খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকৱচৰ প্রক্রিয়া সন্দৰ্ভত স্পষ্ট ভূমি নীতি প্রস্তুত কৰিব লাগিব বুলি মন্তব্য আগবঢ়ায়। মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ৰণোজ পেগুৱে কয় যে খিলঞ্জীয়াৰ কাৰণে কি কি অধিকাৰ থাকিব লাগে, তাক আইনৰ দ্বাৰা নিশ্চিত কৰিব লাগিব। প্ৰসংগক্ৰমে অসমত উচ্চ সদনৰ প্রয়োজনীয়তাৰ কথা উল্লেখ কৰি পেগুৱে কয়— ‘অসমত উচ্চ সদনৰ প্রয়োজন আছে। অসমত বিভিন্ন জাতি-জনগোষ্ঠীৰ প্রতিনিধিত্ব কৰাৰ সুবিধা প্রদান কৰিব লাগে। কিয়নো অসমত এনে জনগোষ্ঠী আছে যাৰ প্রতিনিধিৰ সংখ্যা বিধানসভাত শূন্য। এনে বঞ্চিত জাতি-জনগোষ্ঠীৰ মানুহে যাতে উচ্চ সদনত স্থান পাব পাৰে সেইক্ষেত্ৰত চৰকাৰে চিন্তা-চৰ্চা কৰাৰ প্রয়োজনীয়তা আছে।” বিশিষ্ট অধিবক্তা কমল নয়ন চৌধুৰীয়েও সাংবিধানিক সুৰক্ষাৰ বাবে সংবিধানৰ ৩৭১ (এফ)ৰ অধীনত এখন আইন প্রস্তুতৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁৰ মতে ছিকিমৰ দৰে অসমতো ভাৰতীয় সংবিধানৰ ৩১৭। (এফ)ৰ অধীনত বিধানসভাৰ আসন খিলঞ্জীয়াৰ বাবে সুৰক্ষিত হ’ব লাগিব। সাংবিধানিক সুৰক্ষাৰ বাবে খিলঞ্জীয়াৰ হাতত ৰাজনৈতিক অধিকাৰ থাকিব লাগিব। বিশিষ্ট লেখক, ইতিহাসবিদ শ্ৰীকুমাৰ দহােটীয়াই আন্তঃৰাজ্যিক সীমা সমস্যা সমাধান কৰা, খিলঞ্জীয়া অধিকৃত ভূমিসমূহ ম্যাদী কৰাৰ ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান জনায়। ঘূৰণীয়া মেজমেলত ভাষণ প্রদান কৰি বিশিষ্ট অধিবক্তা হাচিবুৰ ৰহমানে জনজাতীয় লোকসকলৰ দৰে অসমীয়া মুছলমানসকলো বিভিন্ন দিশৰ পৰা বঞ্চিত হােৱা বুলি মন্তব্য আগবঢ়ায়। তেওঁ কয় যে সাংবিধানিক সুৰক্ষাৰ বিষয়টাে সন্দৰ্ভত নতুন ভূমিনীতি প্রস্তুত কৰিব লাগে। একেদৰে খিলঞ্জীয়াৰ কাৰণে চৰকাৰী চাকৰি এশ শতাংশ সংৰক্ষণ হ’ব লাগে। সাংবিধানিক ৰক্ষাকৱচ। লাগিলে আৱেগেৰে নহয়, চিন্তাচর্চাৰে আগবাঢ়িব লাগিব বুলি বিশিষ্ট অধিবক্তা ৰহমানে মতপোষণ কৰে। আলোচনাত উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কয়—
“আমাক সাংবিধানিক সুৰক্ষা লাগিবই। কিন্তু আমি নিজে ঠিক কৰিব পৰা নাই আমাক কি সুৰক্ষা লাগে। আচলতে আমাৰ সমাজত কোনখিনি অসমীয়া তাক চিনাক্ত কৰিবলৈ অসুবিধা কি আছে? মাথোঁ অলপ সাহসেৰে এইক্ষেত্ৰত পদক্ষেপ ল’ব লাগিব, চন-তাৰিখক লৈ বেছি কথা পাতি লাভ নাই।” বিশিষ্ট সাংবাদিক ৱাছবীৰ হুছেইনে ভাৰতীয় সংবিধানৰ ৩৭০, ৩৭০ (১) অনুচ্ছেদৰ প্ৰসংগ উত্থাপন কৰি ভূমি আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ বিষয়টাে ভাষণত উল্লেখ কৰে। লগতে অবৈধ বিদেশীৰ অনুপ্রৱেশ বন্ধ কৰাৰ কথা উল্লেখ কৰি হুছেইনে কয়—“অবৈধ অনুপ্ৰৱেশ বন্ধ হ’ব লাগিব। কিন্তু আটাইতকৈ গুৰুত্বপূর্ণ বিষয়টাে হৈছে চিনাক্তকৰণ আৰু বহিষ্কাৰ। কিয়নো বিদেশী চিনাক্তকৰণৰ পিচত বহিষ্কাৰ কৰাৰ বাবে বাংলাদেশৰ সৈতে কোনো আনুষ্ঠানিক চুক্তি হােৱা নাই। গতিকে এইক্ষেত্ৰত চৰকাৰে বাংলাদেশৰ সৈতে চুক্তি কৰা উচিত।” উল্লেখ্য যে নাগৰিকত্ব আইন সংশোধনেৰে হিন্দু বাংলাদেশীক আদৰি লোৱাৰ কুচকাৱাজৰ মাজতে চৰকাৰে খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষাক লৈ অনুষ্ঠিত কৰা এই ঘূৰণীয়া মেজমেল স্বাভাৱিকতেই তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে। কিন্তু লক্ষণীয়ভাৱে চৰকাৰী প্রচেষ্টাত অনুষ্ঠিত হােৱা
চলোৱা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ননীগোপাল মহন্তই আলোচনাৰ বিষয়বস্তু সন্দৰ্ভত ব্যাখ্যা কৰা ঘূৰণীয়া মেজমেলখনত আতি ধৰিছিল জ্যেষ্ঠ সাংবাদিক প্রশান্ত ৰাজগুৰু, সমুদ্রগুপ্ত কাশ্যপে। কিন্তু লক্ষণীয়ভাৱে বৈঠকত হিন্দু বাংলাদেশীৰ প্ৰসংগ উত্থাপন কৰিলেই আত ধৰোতাসকলৰ মাজৰ পৰা বক্তাক আলোচনাৰ বিষয়বস্তুৰ পৰা ফালৰি কাটি নাযাবলৈ অনুৰােধ জনােৱা হয়। অৱশ্যে, ঘূৰণীয়া মেজমেলৰ আতি ধৰােতাৰ এনে চেষ্টাক নিস্ফল কৰি মুখ্যমন্ত্রী সোণোৱালৰ সন্মুখতে ঘূৰণীয়া মেজমেলত হিন্দু বাংলাদেশীৰ সংস্থাপনক লৈ মুকলি সমালোচনা কৰে বক্তাই।
বিশিষ্ট অধিবক্তা অনিল কুমাৰ ভট্টাচার্যই কয় যে অসম চুক্তিৰ ৬ নং দফাত যিবোৰ বিষয় উল্লেখ আছে সেয়া সকলো ৰাজ্য চৰকাৰৰ হাতত আছে। চুক্তিৰ ৬ নং দফাৰ ৯০% কাম ৰাজ্য চৰকাৰে কৰিব পাৰে। ভাষণ প্ৰসংগত হিন্দু বাংলাদেশীৰ বিষয়টাে উল্লেখ কৰি ভট্টাচার্যই কয়— ‘বিদেশী খেদিব নােৱৰাৰ পৰিণতিত সংখ্যালঘু হােৱাৰ বাবেই যদি ১০ কোটি হিন্দু বাংলাদেশীক আনি লওঁ, তেন্তে ইয়াতকৈ প্ৰৱঞ্চনাৰ বিষয় আৰু আন কি হ’ব পাৰে?” ৰাজ্য চৰকাৰক অতি সাৱধানেৰে খোজ দিবলৈ আহ্বান জনাই অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ হিতেশ ডেকাই কয়— “অতি সাৱধানেৰে খোজ নিদিলে বিপদ অনিবার্য। এইখন শৰাইঘাটৰ শেষ ৰণ হয়নে নহয় নাজানো, কিন্তু এইখন শৰাইঘাটৰ বিশ্বাসৰ ৰণ। এইক্ষেত্ৰত সোণোৱাল চৰকাৰ ব্যর্থ হ’লে অসমৰ জাতীয়তাবাদী মানুহৰ আস্থ হেৰাই যাব।’ আনহাতে হিন্দু বাংলাদেশীৰ বিষয়টােক লৈ মুকলিকৈ বিষোদগাৰ কৰি ডেকাই প্রশ্ন কৰে— ‘বাংলাদেশৰ পৰা হিন্দু বাংলাদেশীক আনি অসমীয়াক সংখ্যাগৰিষ্ঠ কৰিব বিচৰা হৈছে। এইবোৰ স্পর্শকাতৰ কথা কিয় কোৱা হৈছে? চৰকাৰে বিষয়বোৰ স্পষ্ট কৰিব লাগে।”
বিশিষ্ট নৃতত্ত্ববিদ অন্নদাচৰণ ভাগৱতীয়ে বাংলাদেশত হিন্দু বাংলাদেশীসকল সুখে-সন্তোষে থকাৰ পিচত অসমলৈ অনাৰ যুক্তি কি বুলি প্রশ্ন উত্থাপন কৰে। উল্লেখ্য যে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ঘূৰণীয়া মেজমেলখনত আন ভালেসংখ্যক ব্যক্তি, দল-সংগঠনৰ প্রতিনিধিয়ে ভাষণ প্রদান কৰে। কৃষি মন্ত্রী অতুল বৰা, গড়কাপ্তানি মন্ত্রী পৰিমল শুক্লবৈদ্যাকে লৈ অনুষ্ঠানত ভালেসংখ্যক মন্ত্রী-বিধায়ক উপস্থিত থাকে।
উল্লেখ্য যে ৰাজ্যখনত খিলঞ্জীয়া কোন সেই কথা স্পষ্ট হোৱাৰ পূৰ্বে এনেধৰণৰ আলোচনাই ৰাজ্যখনক কোন দিশে আগুৱাই নিব সেয়া এক গুৰুতৰ প্ৰশ্নৰ বিষয় হৈ পৰিছে৷ ইফালে এই আলোচনাৰ জৰিয়তে যে অবিভক্ত ভাৰতৰ শ্ৰমজীৱী নিৰক্ষৰ মুছলমানক টাৰ্গেট কৰা হৈছে সেই কথা একাংশ বক্তা আৰু উদ্দেশ্য ব্যাখ্যকাৰীৰ ভাষণৰ পৰাই ফুটি উঠিছে৷
facebook
twitter
google+
fb share