মোউীৰ আদৰণি— “এনেকৈ মাজে মাজে আহি থাকিব৷”

নতুন দিল্লী, ১৬ ডিচেম্বৰ ঃ বিমুদ্রাকৰণৰ ইছুক্ত চৰকাৰ আৰু বিৰােধীৰ কৰুক্ষেত্ৰৰ যুদ্ধখন চলি থকা তথা এই লৈ সংসদৰ সমগ্র শীতকালীন অধিৱেশনত অচলাৱস্থা বিৰাজ কৰা অৱস্থাৰ মাজতে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ শীর্ষ নেতাৰ এটা সঁজাতী দলে আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি এখন বৈঠকত মিলিত হয়। উচ্চ মূল্যৰ নােট বাতিলৰ ফলত ঋণগ্রস্ত কৃষকসকল চৰম সংকটৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি ৰাহুল আৰু কংগ্ৰেছৰ সঁজাতী দলটােৱে এইসকল কৃষকৰ ঋণ ৰেহাই দিবলৈ প্রধানমন্ত্রীৰ ওচৰত দাবী জনায়। অলপতে উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি ৰাহুলে কৃষকসকলৰ দুৰৱস্থাৰ যি ছবি দেখিলে, প্রধানমন্ত্রীক তেওঁ তাৰ বিতংভাৱে জনায়। এই বৈঠকতে প্রধানমন্ত্রীয়ে ৰাহুলক কয়— আহি থাকিব মাজে মাজে, আমি এনেকৈ বহি কথা পাতিব পাৰিম।” এই বৈঠকৰ শেষত কৃষকৰ সমস্যাৰ কোনাে সমাধানৰ প্রতিশ্রুতি প্রধানমন্ত্ৰীয়ে দিলে নেকি বুলি সাংবাদিকসকলে শুকুৰবাৰে ৰাহুলক প্রশ্ন কৰাত তেও কয়— কৃষকসকলৰ অৱস্থা যে অত্যন্ত বেয়া, সেই কথা প্রধানমন্ত্রীয়ে স্বীকাৰ কৰে যদিও কৃষকসকলৰ ঋণ ৰেহাই দিবলৈ দাবী জনোৱাৰ সময়ত নীৰৱে কেৱল শুনি যায়। মােড়ীয়ে ঋণ ৰেহাইৰ কোনো প্রতিশ্রুতি দিয়া নাই আৰু এই বিষয়ত কোনো মন্তব্যও কৰা নাই।” ৰাহুল নেতৃত্বাধীন এই সঁজাতী দলটােত আছিল লোকসভাৰ কংগ্ৰেছ নেতা মল্লিকার্জন খার্গে, ৰাজ্যসভাৰ বিৰোধী দলনেতা গোলাম নবী আজাদ, আনন্দ শৰ্মা | লক্ষণীয় যে প্রধানমন্ত্রী মোডী ব্যক্তিগত দুনীতিত জড়িত বুলি মন্তব্য কৰাৰ এদিন পিচতেই শুকুৰবাৰে ৰাহুল গান্ধীয়ে মোড়ীৰে মুখামুখি বৈঠকত মিলিত হয়। ৰাহুলৰ মন্তব্যক এক বৃহৎ পৰিহাস বুলি বিজেপি নেতাসকলে প্রকাশ্যে মন্তব্য আতংকৰাে সৃষ্টি হৈছে। ইফালে ৰাহুল গান্ধীয়ে প্রধানমন্ত্রীক সাক্ষাৎ কৰাত কেতবোৰ বিৰোধী দল কংগ্ৰেছৰ প্ৰতি প্রচণ্ড ক্রুদ্ধ হৈ পৰে। বিমুদ্রাকৰণৰ বিৰুদ্ধে প্রতিবাদ জনাবলৈ আটাইবোৰ বিৰোধী দলে আজি ৰাষ্ট্রপতি ভৱনলৈ যায় যদিও ৰাহুলৰ কাৰ্যত অসন্তুষ্ট হৈ বহুজন সমাজ পাটি, এন চি পি, বাওদলসমূহে আৰু সমাজবাদী পার্টিয়ে এই কাৰ্যসূচী বর্জন কৰে।
facebook
twitter
google+
fb share