অসম-অৰুণাচল প্ৰদেশ সংযোগী নিৰ্মীয়মান দলংৰ বুজ ললে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে

গুৱাহাটী:
অসম আৰু অৰুণাচন প্ৰদেশকক সংযোগ কৰাৰ বাবে ধলা আৰু শদিয়াৰ মাজত ৯.১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ কামৰ খতিয়ান লবলৈ মুখ্যমন্ত্ৰী সোনোৱালে আজি উক্ত স্থান পৰিভ্ৰমণ কৰি সাংবাদিকৰে হোৱা এক বাৰ্তালাপত কয় যে, "ধলা আৰু শদিয়াৰ মাজত নিৰ্মীয়মান দলংখন অহা বছৰ এপ্ৰিল মাহৰ ভিতৰত সম্পূর্ণ হব বুলি মই আশা কৰিছো । ৯.১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলঙখন সম্পূৰ্ণ হৈ উঠাৰ লগে লগে তিনিচুকীয়া আৰু শদিয়াৰ দূৰত্ব লাঘৱ হোৱাই নহয়, অৰুণাচলৰ লগতো যোগাযোগ সূচল হব । লগে লগে বৃদ্ধি হব দুয়োখন ৰাজ্যৰ ব্যৱসায়ৰ লগতে সাংস্কৃতিক সমন্বয়ৰে বন্ধুত্বৰ সম্পৰ্ক"৷ আজি অসম চৰকাৰৰ বহু জ্যেষ্ঠ বিষয়াৰ সৈতে দলঙখনৰ নিৰ্মানকাৰ্যৰ বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment