বাংলাদেশৰ সংখ্যালঘু সকলৰ নিৰাপত্তা সুনিশ্চিত কৰক : আমছু

গুৱাহাটী:
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ সভাপতি আজিজুৰ ৰহমানে বাংলাদেশত হৈ যোৱা বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে নিন্দা কৰি এক প্ৰেছ বিবৃতি যোগে জনায় যে,  ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশত সন্ত্ৰাসবাদীয়ে যোৱা কালি ২০ জনকৈ বিদেশী পৰ্যটকক নৃশংসভাবে হত্যা কৰা কাণ্ড আৰু বিগত কিছুদিন ধৰি বাংলাদেশত উগ্ৰপন্থীয়ে সংখ্যালঘু হিন্দু ধৰ্মৰ পুৰোহিতকে আদি কৰি সাধাৰণলোকক হত্যা তথা আক্ৰমণ কৰা কাৰ্য্যক আমি আমছুৱে নিন্দা কৰাৰ লগতে গৰিহণা দিছো।
ৰাষ্ট্ৰসংঘৰ ঘোষণা অনুসৰি সকলো দেশতে সকলো জাতি ধৰ্মৰ লোকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰা সংশ্লিষ্ট ৰাষ্ট্ৰৰ চৰকাৰৰ কৰ্তব্য। সন্ত্ৰাসবাদ সন্ত্ৰাসবাদেই। সন্ত্ৰাসবাদৰ কোনো ধৰ্ম থাকিব নোৱাৰে। বাংলাদেশ চৰকাৰক অতি কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰি তেনে নৃশংস হত্যাকাণ্ডত জড়িত সন্ত্ৰাসবাদী সকলক দমন কৰিবলৈ আমছুৱে দাবী জনাইছে। ভাৰত চৰকাৰেও এই ক্ষেত্ৰত বাংলাদেশ চৰকাৰক সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে সহায়ৰ হাত আগবঢ়াব লাগে বুলিও আমছুৱে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায়। আনহাতে বাংলাদেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ বসতি এলেকা সমুহৰ লগতে ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান সমুহৰ উচিত নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈয়ো আমছুৱে বাংলাদেশ চৰকাৰক দাবী জনাও।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment