উত্তপ্ত পৰিস্থিতি:কেইবাগৰকী ছাত্ৰ-ছাত্ৰীক গ্ৰেপ্তাৰ
কলগাছিয়া:
বৰপেটা জিলাৰ সংখ্যালঘু অধ্যুষিত অঞ্চল কলগাছিয়াৰ একমাত্ৰ উচ্চ
শিক্ষাৰ প্ৰতিষ্ঠান নৱজ্যোতি মহাবিদ্যালয়ত স্নাতক মহলাৰ কলা আৰু বিজ্ঞান শাখাৰ
প্ৰথম বৰ্ষৰ নামভৰ্তিৰ পৰা প্ৰায় ছয় শতাধিক আবেদনকাৰী ছাত্ৰ-ছাত্ৰী বঞ্চিত হোৱাত
এছ এফ আই আৰু ডি ৱাই এফ আইৰ উদ্যোগত মহাবিদ্যালয়ৰ আসনৰ সংখ্যা বৃদ্ধি কৰি সকলো
বঞ্চিত ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ দাবীত মহাবিদ্যালয়ৰ গেটত তলাবন্ধ কাৰ্যসূচী পালন
কৰে৷ প্ৰাপ্ত তথ্য মতে, মহাবিদ্যালয়খনত স্নাতক মহলাৰ বিজ্ঞান শাখাৰ প্ৰথম
ষান্মাষিকত ৫২০ জন ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিছিল যদিও ইয়াৰে ২১০ জন ছাত্ৰ-ছাত্ৰীৰ
নামভৰ্তি হোৱাৰ বিপৰীতে ৩১০ জন আবেদনকাৰী নামভৰ্তিৰ পৰা বঞ্চিত হয় আৰু কলা শাখাৰ
প্ৰথম ষান্মাষিকত ৭২৫ জন ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিছিল যদিও ইয়াৰে ৫০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ
নামভৰ্তিৰ বিপৰীতে ২২৫ জন বঞ্চিত হয়৷ নামভৰ্তিৰ পৰা বঞ্চিত হোৱা ছাত্ৰ-ছাত্ৰী সকলক
উচ্চ শিক্ষা লাভাৰ্থে মহাবিদ্যালয়ৰ আসনৰ সংখ্যা বৃদ্ধি দাবীত এছ এফ আই আৰু ডি ৱাই
এফ আই নামৰ সংগঠনৰ নেতৃত্বত ৩ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ত তলা বন্ধ
কাৰ্যসূচী পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ পিছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ
যোৱাত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷
facebook
twitter
google+
fb share