৫৫ খন কেন্দ্রীয় আচনিৰ ৩৬ খনেই বন্ধ কৰিছে মোডী চৰকাৰে

গুৱাহাটী, ৯ জুলাইঃ

মিছা প্ৰতিশ্ৰুতিৰে ৰাইজৰ বিপুল সমৰ্থন লাভ কৰি সৰ্বানন্দ সোনোৱালে চৰকাৰ গঠন কৰিয়েই ৰাইজক প্ৰতাৰণা কৰা বুলি অভিযোগ উত্থাপন কৰিছে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ ভাৰপ্রাপ্ত সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই। আজি প্রদেশ কংগ্ৰেছৰ সদৰ কাৰ্যালয় ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত বৰাই এই অভিযোগ উত্থাপন কৰি কয় যে চৰকাৰখনে সকলো দিশৰ পৰাই ৰাজ্যবাসীক প্ৰৱঞ্চনা কৰি আহিছে। এই প্রসংগত তেওঁ কয় যে অসমৰ বিশেষ শ্ৰেণীৰ ৰাজ্যৰ মর্যাদা ইতিমধ্যে কর্তন কৰা হ’ল। পূৰ্বৰ কেন্দ্রীয় চৰকাৰে অসমৰ উন্নয়নৰ বাবে মুঠ ৫৫ খন কেন্দ্রীয় আঁচনি আগবঢ়াইছিল। কিন্তু এতিয়া এই আঁচনিসমূহৰ ৩৬ খনেই কর্তন কৰা হ’ল। অর্থাত্ এতিয়া অসমত মাত্র ২৯ খন কেন্দ্রীয় আঁচনিহে আছে। তেওঁ লগতে কয় যে কেন্দ্রীয় চৰকাৰে অসমক ৯০ঃ১০ অনুপাতত পুজিৰ যোগান ধৰা প্রক্রিয়া বন্ধ কৰি দিয়া বুলি কংগ্রেছে পূৰ্বৰে পৰা কৈ আহিছিল। ইয়াৰ বিপৰীতে বিজেপিয়েহে কৈছিল যে কেন্দ্রই এই ব্যৱস্থা পুনৰ প্রৱর্তন কৰিছে। কিন্তু বিত্ত মন্ত্রী হিমন্তবিশ্ব শৰ্মাই কালি আগবঢ়োৱা মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে বিজেপিয়ে ইমানদিনে অসমবাসীক এই বিষয়ত আভূৱা ভাৰি আহিছে। কিয়নো হিমন্তবিশ্ব শৰ্মাই কালি কেন্দ্রীয় বিত্ত মন্ত্রী অৰুণ জেটলিক কৰা সাক্ষাতৰ সময়ত অসমক ৯০ঃ১০ অনুপাতত পুজিৰ আবণ্টন দিবলৈ অনুৰোধ জনাইছে। অর্থাত্ ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে অসমে ইমানদিনে এই অনুপাতৰ পুজি লাভ কৰা নাছিল। ইফালে ভেট বৃদ্ধিৰ নামতো ৰাজ্য চৰকাৰখনে অসমবাসীক প্রতাৰণা কৰা বুলি মন্তব্য কৰি তেওঁ কয় যে চৰকাৰে ভেট বৃদ্ধি কৰাৰ ফলত ৰাজ্যত সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাটো স্বাভাৱিক। চৰকাৰৰ এই সিদ্ধান্তই ৰাইজক মাধমাৰ শোধোৱাতো নিশ্চিত। তেওঁ ভেট বৃদ্ধিৰ পৰিবর্তে কেন্দ্রীয় চৰকাৰৰ পৰা ধন আনি অসমৰ উন্নয়নৰ হকে কাম কৰিবলৈ ৰাজ্য চৰকাৰক প্রত্যাহ্বান জনায়।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment