বৰপেটা, ৯ জুলাইঃ
পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ চূড়ান্ত প্রতাৰণা আৰু বঞ্চনাৰ সন্মুখীন হোৱাৰাজ্যৰ অপ্রাদেশীকৃত শিক্ষানুষ্ঠানসমূহ চলিত বৰ্ষৰ ১৫ আগষ্টৰ ভিতৰত প্রাদেশিকীকৰণ কৰাৰ দাবীত অসম শিক্ষক-কর্মচাৰী ঐক্যমঞ্চই পুনৰ আৰম্ভ কৰিছে বিভিন্ন কাৰ্যসূচী। এই কার্যসূচীৰ অংশ হিচাপে ঐক্যমঞ্চৰ প্ৰতিখন জিলা সমিতিয়ে ৰাজ্যৰ প্ৰতিগৰাকী বিধায়কৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ স্মাৰক-পত্র প্ৰেৰণ কাৰ্যসূচী আৰম্ভ কৰিছে।
আজি পুৱা দহ বজাত বৰপেটা জিলা শিক্ষক-কর্মচাৰী ঐক্যমঞ্চৰ উদ্যোগত শতাধিক শিক্ষক-কর্মচাৰীয়ে বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক গুণীন্দ্রনাথ দাসৰ বাসভৱনত উপস্থিত হৈ বিধায়কগৰাকীৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ স্মাৰক-পত্র প্ৰেৰণ কৰে। ৰাজ্যৰ অন্যতম জ্বলন্ত সমস্যা হিচাপে বিবেচিত অপ্রাদেশীকৃত শিক্ষানুষ্ঠানসমূহ প্রাদেশিকীকৰণ কৰাৰ ক্ষেএত ৰাজ্যৰ প্ৰতিগৰাকী বিধায়কে বিশেষ গুৰুত্ব প্রদান কৰিলে বছৰ বছৰ ধৰি বিনা পাৰিশ্রমিকে অপ্রাদেশীকৃত শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক-কর্মচাৰীৰ পদসমূহ শীঘ্ৰে প্রাদেশীকৰণ সম্ভব হ’ব বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে। শিক্ষকসকলৰ ত্যাগক যথাযথ মর্যাদা দিয়াৰ বাবে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে শিক্ষানুষ্ঠানসমূহ প্রাদেশিকীকৰণৰ কাম সম্পন্ন কৰিব বুলিও বিধায়কগৰাকীয়ে আশা ব্যক্ত কৰে। বিধায়কগৰাকীৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰক-পত্ৰৰ জৰিয়তে প্রাদেশিকীকৰণ আইনৰ আওতাত অন্তর্ভুক্ত শিক্ষানুষ্ঠানসমূহ চলিত বৰ্ষৰ ১৫ আগষ্টৰ ভিতৰত প্রাদেশিকীকৰণ কৰা, প্রাদেশিকীকৰণ আইন পুনৰ সংশোধন কৰা আদি দাবী উত্থাপন কৰে। স্মাৰক-পত্র প্রদান কাৰ্যসূচীত বৰপেটা জিলা শিক্ষক-কর্মচাৰী ঐক্যমঞ্চৰ মুখ্য সভাপতি নিজাম উদ্দিন মল্লিক, মুখ্য সম্পাদক আমিৰুল ইছলাম, সম্পাদকমণ্ডলীৰ সদস্য ছবেদ ভূঞা, যুটীয়া সম্পাদক পুলেন্দ্র দাসৰ লগতে কে’বাগৰাকী নেতা-কর্মী উপস্থিত থাকে।
facebook
twitter
google+
fb share