ইছলাম ধৰ্মৰ প্ৰবক্তা জাকিৰ নাইকৰ টেলিভিচন চেনেলৰ সম্প্ৰচাৰ বন্ধ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথাও চিন্তা-চৰ্চা কৰিছে নতুন দিল্লীয়ে৷দিল্লীৰ গৃহ মন্ত্ৰণালয়ৰ এক সূত্ৰই সদৰী কৰা মতে একাংশ সন্ত্ৰাসবাদীৰ হাতত দুৰদৰ্শন চেনেলত প্ৰচাৰিত জাকিৰ নাইকৰ বক্তৃতাৰ বিভিন্ন ভিডিঅ ক্লিপ পোৱা গৈছে৷অভিযোগ অনুসৰি উক্ত টেলিভিচন চেনেলটোত সম্প্ৰচাৰিত জাকিৰ নাইকৰ ভিভিঅ ক্লিপে সন্ত্ৰাসবাদীসকলক সন্ত্ৰাসী কাৰ্যকলাপ সংঘটিত কৰাত তথা সন্ত্ৰাসী বনোৱাত সহায় কৰে৷ ফলত টেলিভিচন চেনেলটো বন্ধ কৰাৰ সমান্তৰালকৈ গ্ৰেপ্তাৰকে ধৰি তেওৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি দিল্লীৰ গৃহ মন্ত্ৰণালয়ে সদৰী কৰে৷
একেদৰে বাংলাদেশৰ তথ্যমন্ত্ৰী হাছানুল হক ইনুওয়ে জানিবলৈ দিয়া মতে ইছলাম ৰিচাৰ্ছ ফাউণ্ডেচনৰ মালিকানাধীন এই চেনেলটোৰ সম্প্ৰচাৰ বাংলাদেশতো বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ এতিয়া মাথো সময়ৰ আপেক্ষা৷বাংলাদেশৰ মন্ত্ৰীগৰাকীয়ে লগেত কয়- ঈদজৰ বন্ধৰ পিছত অৰ্থাৎ ৰবিবাৰে বিভাগীয় কাৰ্যালয় খোলাৰ পিছতেই এই বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হব৷ বাংলাদেশৰ কেবল অপাৰেটৰ সংগঠন ‘কোয়াব’ৰ সভাপতি মীৰ হুছেইনে জানিবলৈ দিয়া মতে তেওঁলোকেও উক্ত টেলিভিচন চেনেলটো সম্প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিব৷বিভাগীয় মন্ত্ৰীয়ে চৰকাৰীভাবে এইক্ষেত্ৰত জাননী প্ৰেৰণ কৰিব বুলি মন্ত্ৰীয়ে সংগঠনটোক জানিবলৈ দিছে৷
উল্লেথ্য যো বাংলাদেশৰ গুলছনৰ ৰেষ্টুৰেণ্টত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ পিছত দুজন অভিভাৱকে অভিযোগ কৰা অনুসৰি জাকিৰ নাইকৰ বক্তৃতা শুনিয়েই তেওলোকৰ সন্তানে সন্ত্ৰাসী ভাবধাৰালৈ উদ্বুদ্ধ হৈছে৷
উল্লেখ্য যে জাকিৰ নাইক সম্প্ৰতি ছৌদি আৰবত আছে৷ আৰবৰ পৰা ওভতাৰ পিছতেই তেওঁক এই সন্দৰ্ভত সোধ-পোছ কৰা হব৷ অৱ্শ্যে মুম্বাইৰ তেওৰ কাৰ্যালয়ত ইতিমধ্যেই আৰক্ষী মোতায়েন কৰা হৈছে৷ দিল্লীৰ গৃহ মন্ত্ৰণালয়ৰ সূত্ৰই সদৰী কৰা অনুসৰি জাকিৰ নাইকে তেওঁৰ বিপুল সমৰ্থন সুযোগ লৈ যেনে-তেনে আগুৱাই গৈছে৷ ফলত তেওঁৰ বিৰুদ্ধে তদন্ত কৰাৰ বাবে বিভাগে ৯টা দল গঠন কৰি দিছে৷ ইয়াৰে চাৰিটা দলে জাকিৰৰ বক্তব্যৰ ভিডিঅ-ছিডি ফুটেজসমূহৰ তদন্ত কৰিব৷ আন তিনিটা দলে ছছিয়েল মিডিয়াৰ গতিবিধি পৰ্যবেক্ষণ কৰিব৷ আৰু আন দুটা দলে জাকিৰৰ ফেচবুক একাউণ্ট বিশ্লেষণৰ দায়িত্ব দিয়া হৈছে৷ এই দলসমূহত আছে এনআইএ, আইবি আৰু ৰেভিনিউ ইণ্টেলিজেন্স ব্যুৰো৷ জাকিৰৰ স্বেচ্ছাসেবী সংগঠন ইসলামিক ৰিসার্চ ফাউণ্ডেচনৰ কাজ-কামসমূহ সন্দেহজনক বুলি প্ৰকাশ কৰিছে বিভাগটোৱে৷ ফলত জাকিৰৰ স্বেচ্ছাসেৱী সংগঠনৰ নামত অহা ধনসমূহ কোন কোন শিতানত আৰু কেনেদৰে খৰচ কৰিছে, বিদেশি অনুদান নিয়াৰ ক্ষেত্ৰত আইন মানি লৈছে নে নাই, যোৱা দহ বছৰে কত কত গৈছে, কাৰ লগত যোগাযোগ কৰিছে, সেইসমূহ ভ্ৰমণৰ বাবে ধনৰ যোগান কোনে ধৰিছে এই সকলোবোৰ থাকিব দলটোৰ তদন্তৰ আওতাত৷

সমগ্ৰ অভিযোগ অস্বীকাৰ জাকিৰৰ
ইপিনে শনিবাৰে জাকিৰ নাইক এক ভিডিঅযোগে এইবুলি প্ৰচাৰ কৰে যে- বাংলাদেশ চৰকাৰৰ কোনো মুখপাত্ৰই সন্ত্ৰাসবাদীসকলক উত্সাহ যুগোৱা বুলি তেওঁৰ বিৰুদ্ধে কোনোধৰণৰ অভিযোগ উত্থাপন কৰা নাই৷ তেওঁ এই সম্পৰ্কত নিজে বাংলাদেশ চৰকাৰৰ সৈতে যোগাযোগ কৰি নিশ্চিত হৈছে৷জাকিৰ লগতে কয়- বাংলাদেশৰ অধিকাংশ লোকেই নিয়মিতভাবে তেওঁৰ চেনেল উপভোগ কৰে৷সমগ্ৰ বিশ্বতে তেওঁৰ কোটি কোটি লোক ভক্ত৷ তেওঁলোকৰ কোনেও তেও সন্ত্ৰাসক উদগনি যগোৱা বুলি অভিযোগ কৰা নাই৷ অৱশ্যে দুই-এজন সন্ত্ৰাসবাদীয়েও তেওঁৰ ভক্ত হব পাৰে, সেইবুলি তেওঁক জগৰীয়া কৰাটো কেৱলন অন্যায় নহয়, এক ভয়ংকৰ ষড়যন্ত্ৰ৷
জাকিৰৰ বিৰুদ্ধে অপপ্ৰচাৰৰ অভিযোগ ঃ সংবাদ মাধ্যমক তীব্ৰ সমালোচনা ঃ দেশজুৰি প্ৰতিবাদৰ জোৱাৰ
ভাৰতৰ সংবাদ মাধ্যমে সম্প্ৰতি জাকিৰক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ তেওঁৰ বিৰুদ্ধে হকে বিহকে অপপ্ৰচাৰ চলোৱা কাৰ্যক লৈ সমগ্ৰ দেশজুৰি প্ৰতিবাদৰ ঢৌ উঠিছে৷ প্ৰতিবদাকৰী সকলে জাকিৰ নাইক শান্তি প্ৰতিষ্ঠা কৰাৰ নায়ক বুলি অভিহিত কৰাৰ বিপৰীতে #Times_Nowৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীকে ধৰি একাংশ সংবাদ মাধ্যম আৰু সংবাদ কৰ্মীসকলক কঠোৰ ভাষাৰে সমালোচনা কৰে৷প্ৰতিবাদকাৰীসকলৰ অবিযোগ অনুসৰি ইছলাম ধৰ্মক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ Times Nowৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ দৰে একাংশ হালধীয়া সাংবাদিকে জাকিৰ নাইকৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হৈছে৷ ফলত অতি শীঘ্ৰে তেওঁ এনে অপপ্ৰচাৰ বন্ধ কৰিব লাগে অন্যথা যদিহে সত্য আৰু নিৰপেক্ষভাবে বাতৰি সম্প্ৰচাৰ কৰিব নাজানে তেন্তে নৈতিক দায়িত্ব স্বীকাৰ কৰি সাংবািদকতা পদ এৰি দিয়াৰ লগতে দেশবাসীৰ ওচৰত ক্ষমা বিচৰাৰ বাবে দাবী জনায়৷
facebook
twitter
google+
fb share