২১ জুলাই আৰু সংখ্যালঘু হত্যাৰ চমু দস্তাবেজ

২১ জুলাই আৰু সংখ্যালঘু হত্যাৰ চমু দস্তাবেজ

—সাজাহান আলী আহমেদ
বৰপেটাৰোড

        ২০১০ চন, ২১ জুলাই তাৰিখে বৰপেটাত অসম আৰক্ষীয়ে খেলিছিল ৰক্তৰ খেলা, পুলিচৰ বুলেটে যেতিয়া বুকু ভেদিছিল নিৰিহ সংখ্যালঘু আন্দোলনকাৰীক তেতিয়া যেন আবতৰীয়া ফাকুৱাৰ ৰঙা ৰঙেৰে ভৰি পৰিছিল বৰপেটাৰ ৰাজপথ৷ 
       বৰপেটাৰ আৱৰ্ত ভৱন আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এখন তেজৰ নদী বৈ যাব ধৰিছিল আৰু সেইবোৰ প্ৰত্যক্ষ কৰি আমোদ লাভ কৰিছিল তথাকথিত জাতীয়তাবাদী শিবিৰ৷ 
      ভুল প্ৰপত্ৰৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰা পাইলট প্ৰজেক্টৰ আহুৱাহ সমূহ দূৰ কৰি এখন শুদ্ধ আৰু সৰ্বগ্ৰহণযোগ্য ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ দাবীত আন্দোলন হৈছিল সেইদিনাখন৷ 
       আন্দোলনৰ নেতৃত্বত আছিল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু৷ 
     আমছুৰ তদানিন্তত সভাপতি আব্দুৰ ৰহিম আহমেদৰ তত্বাবধানত বৰপেটা জিলা সমিতিৰ তদানিন্তত সভাপতি ইউনোছ আলী আহমেদৰ নেতৃত্বত সেই আন্দোলনত ওলাই আহিছিল লাখ লাখ সংখ্যালঘু জনসাধাৰণ৷ 
এখন শুদ্ধ নাগৰিক পঞ্জীৰ দাবীলৈ, অসম আৰু ্সমীয়াৰ স্বাৰ্থত৷
     ১৯৮০ চনৰ ২৬ মে’ৰ পাছত সংখ্যালঘু আন্দোলনৰ ইতিহাসত এইটোৱেই আছিল দ্বিতীয়টো বৃহত্ সংখ্যালঘু জাতীয় আন্দোলন৷ তথাকথিত বিদেশী খেদা (পৰৱৰ্ত্তী সময়ত বাংলাদেশী খেদা) আন্দোলনৰ নামত সংখ্যালঘু জনসাধাৰণক হকে-বিহকে অত্যাচাৰ উত্পীড়ণ চলাই থকাৰ প্ৰতিবাদত ১৯৮০ চনৰ ২৬ মে’ তাৰিখে ৰাজপথলৈ উলাই আহিছিল লাখ লাখ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু জনতা, তেতিয়াও অসম আৰক্ষীৰ বৰ্বৰতাৰ বলি হৈছিসল এইসকলে৷ পুলিচৰ গুলিত নিহত হৈছিল বিজনীৰ ১১ জন আৰু লেংটিশিঙাত ২ জনকৈ সংখ্যালঘু জনতা৷ আহত হৈছিল বহু প্ৰতিবাদকাৰী৷  
       ১৯৮০ চনৰ সেই ৰক্তাক্ত ইতিহাসৰ পুনৰাবৃত্তি কৰি ২০১০ চনৰ ২১ জুলাইত বৰপেটাৰ পবিত্ৰ মাটিত আৰক্ষীয়ে হত্যা কৰিলে চাৰিগৰাকীকৈ সংখ্যালঘু জনতাক৷ 
      ১৯৯৪ চনৰ বিভিষিকাময় ২১ জুলাইৰ কথা বহুতেই জানে৷ সেই দিনাখন বাঁহবাৰী শৰণাৰ্থী শিবিৰত জীৱন্তে জ্বলাই হত্যা কৰা হৈছিল প্ৰায় অৰ্ধ শতাধিক সংখ্যালঘু জনতাক৷ ১৯৯৪ চনত অৱশ্যে অসম আৰক্ষীয়ে এইসকলক হত্যা কৰা নাছিল৷ বড়ো জনগোষ্ঠীৰ উন্নয়নৰ শ্ল’গানলৈ আন্দোলন কৰি থকাসকলৰ একাংশই সংঘটিত কৰিছিল এই হত্যাকাণ্ড৷ আক্ৰমণকাৰীসকলে তাৰ দুদিনমান আগৰ পৰা শালবাৰী, বাঁহবাৰী, আনন্দবজাৰ, মৈৰাঝাৰ এই সমগ্ৰ অঞ্চলত থকা সংখ্যালঘু বসতিৰ গাওঁ সমূহ এফালৰ পৰা জ্বলাই গৈছিল৷ তাৰ পৰিপ্ৰেক্ষিতত এই অঞ্চলৰ বহুলোক নিৰাপদ স্থানত আশ্ৰয় লৈছিল৷ কিন্তু প্ৰশাসনৰ আশ্বাস মৰ্মে বাঁহবাৰী ৰেঞ্জ অফিচৰ কাষতে থকা বাঁহবাৰী হাইস্কুলত অঞ্চলটোৰ একাংশ লোকে আশ্ৰয় লৈছিল৷ কিন্তু নিশাৰ ভাগত তেওঁলোকৰ শিবিৰ জ্বলাই দিয়া হৈছিল, যিসকলে তাৰ পৰা পলাই অহাৰ চেষ্টা কৰিছিল তেওঁলোকক কাটি, গুলিয়াই হত্যা কৰা হৈছিল৷
         দৰ্শক হিচাপে আছিল নিৰাপত্তাৰক্ষী৷


        আজি আমি এখন শুদ্ধ নাগৰিক পঞ্জী পোৱাৰ পথত৷ কিন্তু যিসকল বীৰ সৈনিকে আমাৰ বাবে অসমৰ বাবে আৰু এখন শুদ্ধ, নিৰ্ভুল, সৰ্বগ্ৰহণযোগ্য নাগৰিকপঞ্জীৰ দাবীত নিজৰ জীৱনটোকো তুচ্ছ কৰিলে তেখেতসকলক মনত ৰাখিছো নে ?

        ৰহাত এইমছৰ দাবীত কৰা আন্দোলনত অসম আৰক্ষীৰ গুলিত মিন্টু দেউৰী শ্বহীদ হৈছে, আমি দুখ পাইছো, পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো৷ চৰকাৰেও মিন্টু দেউৰীৰ পত্নীক চাকৰি প্ৰদান কৰিছে, ৫ লাখ টকাৰ আৰ্থিক সাহায্যও প্ৰদান কৰিছে৷ ভাল লাগিছে, চৰকাৰৰ এনে সিদ্ধান্তক ামি সন্মান জনাও৷ কিন্তু চৰকাৰৰ এই নীতি সকলোৰে বাবে সমান হৈ আছে নে ? ২০১০ চনৰ ২১ জুলাইত অসম আৰক্ষীৰ গুলিত প্ৰাণাহুতি দিয়াসকলৰ পৰিয়ালে চৰকাৰী চাকৰিৰ কথা বাদেই আজিৰ তাৰিখলৈকে নাপালে উপযুক্ত ক্ষতিপূৰণ৷


      আমছুৱে বছৰে বছৰে সেই মহান বীৰ শ্বহীদসকলৰ আত্মাৰ সদগতিৰ কাৰণে অনুষ্ঠান আয়োজন কৰি আহিছে, শ্বহীদসকলক চিৰস্মৰণীয় কৰি ৰখাৰ স্বাৰ্থত শ্বহীদবেদি নিৰ্মান কৰিছে৷ কিন্তু চৰকাৰে তেওঁলোকক আজিৰ তাৰিখলৈকে শ্বহীদ হিচাপেই ঘোষণা নকৰিলে৷ যিদৰে নেলী, নগাবন্ধা, গহপুৰ, চাউলখোৱাৰ শ্বহীদসকলক চৰকাৰী ভাবে শ্বহীদ বুলি ঘোষণা কৰা নহ’ল৷ 

      এই দিন, সেই দিন কেতিয়া হ’ব, যেতিয়া ত্যাগৰ বিনিময়ত মৰ্যাদা পোৱা যাব ?

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment