১৮ জুলাই, গুৱাহাটী, ২০১৬ :
বিগত কেইদিনৰ পৰা উত্তাল হৈ থকা ৰহাত বৰ্তমান কিছু উত্তেজনা শাম কাটিছে যদিও চেপা উত্তেজনা অব্যাহত আছে। ৰহাৰ নতুন চাৰিআলি আৰু আশে-পাশে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানে পুনৰ পৰিস্থিতিৰ যাতে অৱনতি নহয় তাৰ বাবে চোকা দৃষ্টি ৰখা পৰিলক্ষিত হৈছে। ইপিনে এইমছ আন্দোলনৰ ৰক্তাক্ত পৰিস্থিতিত আৰক্ষীৰ গুলীচালনাত নিহত হোৱা ৰহাৰ মিন্টু দেউৰীৰ বাসগৃহলৈ এতিয়া ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনৰ নেতাৰ সোঁত বোৱা পৰিলক্ষিত হৈছে। আজি পুৱা কেন্দ্রীয় ৰেল ৰাজ্যিক মন্ত্রী তথা নগাঁৱৰ সাংসদ ৰাজেন গোহাঁই এইমছ আন্দোলনৰ প্রথমগৰাকী ছহিদ মিন্টু দেউৰীৰ বাসগৃহত উপস্থিত হৈ মিণ্টৰ পত্নী আৰু পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে আৰু এইমছ স্থাপনৰ বাবে মিন্টুৱে দিয়া আত্মবলিদান অথলে নাযায় বুলি মন্তব্য কৰে। মিণ্টৰ পৰিয়ালবৰ্গক আর্থিক নিৰাপত্তাৰ লগতে আন সকলো ক্ষেত্রতে সহযোগিতা কৰাৰো আশ্বাস দিয়ে কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত ৰহাত এইমছ স্থাপনৰ দাবীত পূৰ্বৰ দৰে ৰাইজৰ সৈতে একে স্থিতিত থকা বুলি মন্তব্য কৰি ৰহাত এইমছ স্থাপন কৰাৰ বাবে নিজৰ ফালৰ পৰা সকলো প্রচেষ্টা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে। তাত্পর্যপূর্ণভাৱে ৰহাত সংঘটিত উত্তপ্ত পৰিস্থিতিত তৃতীয় পক্ষৰ হাত থকা বুলি ইংগিত দি ৰাজেন গোহাঁয়ে সংবাদ মাধ্যমৰ আগত কয় যে কামপুৰ, ৰূপহীৰ ফালৰ কিছুমান মানুহে আহি ৰহাত হিংসাত্মক কার্যত লিপ্ত হোৱাটাে স্থানীয় মানুহে দেখা পাইছিল, টিভি চেনেলৰ ভিডিঅ’ ফুটেজতো ওলাইছে। ইয়াৰ বিপৰীতে ৰহাৰ ৰাইজে গণতান্ত্রিক আন্দোলন কৰিছিল। গণতান্ত্রিক আন্দোলন কৰাৰ অধিকাৰ সকলোৰে আছে। আনহাতে অহা ১৯ জুলাইত মন্ত্ৰীগৰাকীয়ে এইমছ সন্দৰ্ভত দিল্লীত এজন বিশেষ ব্যক্তিৰ সৈতে আলোচনাত মিলিত হব বুলিও মন্তব্য কৰি ১৯ জুলাইৰ পিচতে ৰহাৰ ক্ষেত্ৰত এক শুভবার্তা অনাৰ আশা কৰা বুলিও কয়। অৱশ্যে মন্ত্ৰী ৰাজেন গোহাঁয়ে ৰহাত এইমছৰ বিষয়ে মন্তব্য কৰিলেও মন্ত্রী হৈয়ে এইমছৰ দাবীৰ প্রতি পিঠি দি নিজৰ কামতহে অধিক ব্যস্ত হৈ পৰাত ৰাইজ আশ্বস্ত হ’ব পৰা নাই।
facebook
twitter
google+
fb share