বি এড মহাবিদ্যালয় সমূহৰ অধ্যক্ষৰে আলোচনা সম্পন্ন
গুৱাহাটী, ৩০ জুলাই, ২০১৬:
যি সময়ত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক নিযুক্তিৰ বাবে বাধ্যতামূল বি এড ডিগ্ৰী পঢ়িবলৈ প্ৰতিটো বৰ্ষতে নাম ভৰ্তিৰ বাবদ ৪৫০০০-৬০০০০ টকা পৰ্যন্ত আদায় দিবলগীয়া হৈছে৷
![]() |
ফাইল ফটো |
সেই সময়তে এই অত্যাধিক নামভৰ্তি মাচুল ১০০০০ টকালৈ হ্ৰাস কৰাৰ লগতে ইয়াৰ লগত জড়িত আনুসংগিক ছয় দফীয়া সমস্যা সমাধানৰ দাবী জনাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যোৱা ২৫ জুলাইৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত ৰূপায়ণ কৰা আমৰণ অনশন কাৰ্যসূচীটো বি এড মহাবিদ্যালয় সমূহৰ অধ্যক্ষৰে আলোচনাৰ বাবে যোৱা নিশাৰ পৰা সাময়িক ভাৱে স্থগিত ৰখা হৈছে। সেইমৰ্মে আজি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত বিশ্ববিদ্যালয় চৌহদতে ছাত্ৰ মুক্তিৰ প্ৰতিনিধিৰে অনুষ্ঠিত হয় এখনি আলোচনা অনুষ্ঠান। আলোচনাটোত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ হৈ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্বৰাফুল ইছলাম আৰু বিশ্ববিদ্যালয় সমিতিৰ হৈ বাবুল হুছেইনে অংশ লোৱাৰ উপৰিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ ৩৫খন বি এড মহাবিদ্যালয়ৰ পৰা ২৭ জন অধ্যক্ষ-প্ৰতিনিধি,আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক ড° সুৰেশ কুমাৰ নাথ, ৰেক্টৰ ড° হৰি প্ৰসাদ শৰ্মা, মহাবিদ্যালয় উন্নয়ন পৰিষদৰ সঞ্চালক ড° বিশ্বজিত শৰ্মা যুটীয়া পঞ্জীয়ক ড° ৰমণ বৰ্মনে উপস্থিত থাকে।
আলোচনাৰ অন্তত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধি দ্বয়ে ব্যক্ত কৰা মতে- ৰাজ্য চৰকাৰৰ হেমাহি আৰু বি এড কলেজ সমূহৰ প্ৰতি থকা অৱহেলাৰ ফলস্বৰূপে এই উপহাৰ অসমৰ ছাত্ৰ-ছাত্ৰীয়ে পাইছিল বা পাই আছে। উল্লেখ্য যে আলোচনাত মহাবিদ্যালয় সমূহৰ অধ্যক্ষ সকলে অভিযোগ কৰা মতে ৰাজ্য চৰকাৰে কলেজ সমূহক এটকাও আৰ্থিক অনুদান আগনবঢ়োৱাৰ ফলতে এই মাচুল অত্যধিক হৈছে। অন্যাহাতে সভাৰ সিদ্ধান্ত মৰ্মে আগষ্ট মাহৰ ১২ তাৰিখৰ ভিতৰত মাচুল হ্ৰাস সন্দৰ্ভত পৰ্যালোচনা কৰি ৰাজহুৱা কৰা হ’ব। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উক্ত পৰ্যালোচনাৰ প্ৰতিবেদন ছাত্ৰ-ছাত্ৰীৰ পক্ষে অৰ্থাত্ মাচুল আশাপ্ৰদ ভাৱে হ্ৰাস হোৱাটো বিচাৰিছে অন্যথা অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ভাবুকি দিছে।
facebook
twitter
google+
fb share