এটকাও নিদিয়াকৈ উভতিল গৃহমন্ত্ৰী

মুখ্যমন্ত্রী-বিত্তমন্ত্ৰীক লৈ আকাশমাৰ্গেৰে ৰাজ্যৰ বান চালে কেন্দ্রীয় গৃহমন্ত্ৰীয়ে

ৱেব ডেস্ক,, ৩০ জুলাই, ২০১৬ :
বানত ককবকাই থকা ৰাজ্যবাসীয়ে অধিৰ আগ্ৰহৰে দেশৰ গৃহমন্ত্ৰীৰ মুখলৈ চাই আছিল যদিও স্বভাৱসুলভ বক্ত্যৰ ফুলজাৰিৰ বাহিৰে এটকাও নিদিয়াকৈ উভতিল কেন্দ্ৰীয় গৃমন্ত্ৰী ৰাজনাথ সিং৷

অসমৰ বান সমস্যাক ৰাষ্ট্রীয় সমস্যা ৰূপে ঘোষণা কৰাৰ পৰিৱর্তে এই সমস্যাৰ স্থায়ী সমাধানৰ কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিঙে। আজি ৰাজ্যৰ বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ অন্তত লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত এখন সংবাদ মেল সম্বোধন কৰি কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাটোৱে বান সমস্যাৰ সমাধান সূত্ৰ নহয়। অসমত বানপানী কিয় হয়, তাৰ কাৰণ উদ্ভাৱন কৰা আৰু বানৰ পৰা অসমৰ ৰাইজক সকাহ দিবৰ বাবে ব্যৱস্থা গ্রহণ কৰাটোহে এই সমস্যা সমাধানৰ উপায়। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে এই মুহুৰ্তত বানপানীৰ পৰা সৃষ্টি হোৱা সংকট কেনেদৰে কম কৰিব পাৰি, বান কিদৰে প্ৰতিৰোধ কৰিব পাৰি, সেই বিষয়েহে আলোচনা হ’ব লাগে। তেওঁ বান সমস্যাৰ পৰা অসমক মুক্ত কৰিবলৈ অধিকতম কি কৰিব পাৰি, সেই সন্দর্ভত কর্মসূচী প্রস্তুত কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিয়ে। লগতে কেন্দ্রীয় চৰকাৰে অসমক যথাসম্ভৱ সকলো ধৰণে সহায় কৰিব বুলিও প্রতিশ্রুতি দিয়ে। উল্লেখ্য যে আজি কেন্দ্রীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, ড’নাৰ মন্ত্রী ড° জিতেন্দ্র সিং, মুখ্যমন্ত্র সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, জলসম্পদ মন্ত্রী কেশৱ মহন্তই আকাশমাগেৰে ৰাজ্যৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে। তাৰ পাছত সংবাদ মেলখন সম্বোধন কৰি কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, অসমত বান পৰিস্থিতি যে ইমান ভয়াৱহ হৈছে, সেয়া মই কল্পনাও কৰা নাছিলোঁ। আজি কিছু বানাক্রান্ত অঞ্চল পৰিদৰ্শন কৰি বিষয়াসকলৰ লগত কথা পতাৰ পাছত ধাৰণা হৈছে যে সংকট অতি গভীৰ। বান সমস্যাৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত সকলো সামাজিক সংগঠনকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই কেন্দ্রীয় মন্ত্রী ৰাজনাথ সিঙে কয় যে ৭ দিনৰ ভিতৰত ৰাজ্যখনত বানৰ ফলত ২৪গৰাকী লোকৰ মৃত্যু হৈছে। তেওঁক জনোৱা তথ্য অনুসৰি এইবাৰৰ বানত ২৮খন জিলাৰ ৩৪ লাখ মানুহ বানৰ কবলত পৰিছে। মুখ্য সচিবে ৰাজ্যৰ প্ৰতিখন জিলাই কম-বেছি পৰিমাণে বানৰ দ্বাৰা প্রভাৱিত হোৱা বুলি জনাইছে। বানাক্রান্তক সহায়-সহযোগ কৰাৰ ক্ষেত্ৰত তেওঁ কয়, জনতাৰ বিপদৰ সময়ত সকলো জনপ্রতিনিধি জনতাৰ কাষত থাকিব লাগে, জনতাৰ সেৱা কৰিব লাগে। সেই মনোভাবেৰে বিধানসভাৰ অধিৱেশন পিছুৱাই দিয়া হৈছে। সম্ভৱতঃ দেশৰ ইতিহাসত এনে উদাহৰণ এয়াই প্রথম।


কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে সংবাদ মেলত লগতে উল্লেখ কৰে যে বানাক্রান্তক সহায়ৰ বাবে এন ডি আৰ এফৰ দল সময়মতে ৰাজ্যত উপস্থিত হৈছে। বর্তমান এন ডি আৰ এফৰ ৬০খন নাও ৰাইজৰ সহায়ৰ বাবে ব্যৱহাৰ কৰি থকা হৈছে। এইক্ষেত্ৰত চৰকাৰৰ লগতে এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু সেনাবাহিনীৰ ভূমিকাও প্রশংসনীয়। তেওঁলোকে যথেষ্ট তত্পৰতাৰে কাম কৰি প্ৰায় ৬ হাজাৰ লোকৰ প্ৰাণৰক্ষা কৰিছে। আনহাতে, অসমলৈ বিশেষ পেকেজ ঘোষণা সন্দর্ভত সাংবাদিকে সোধা এক প্রশ্ন উত্তৰত ৰাজনাথ সিঙে কয়, মোক মুখ্যমন্ত্ৰীয়ে জনাইছে যে ৰাজ্য চৰকাৰৰ দুর্যোগ প্রশমন পূজিত ৬২০ কোটি টকা জমা আছে। জনতাৰ সহায়ৰ বাবে এই ধন হাত খুলি খৰচ কৰিবলৈ মই কৈছোঁ। আগলৈ যিকোনো ধৰণৰ সহায় কৰিবলৈ কেন্দ্র প্রস্তুত আছে। তেওঁ লগতে কয় যে আজি ৰাজ্য চৰকাৰে এখন দীঘলীয়া স্মাৰক-পত্ৰ তেওঁৰ হাতত অৰ্পণ কৰিছে। দিল্লীলৈ উভতি গৈয়ে কেন্দ্রীয় মন্ত্ৰীৰ এটা সঁজাতী দল অসমৰ ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ প্ৰেৰণ কৰিব। মন্ত্রী গোটৰ প্রতিবেদনৰ ভিত্তিত অসমৰ বাবে যি সহায়ৰ প্রয়োজন, সেয়া কেন্দ্রই যোগান ধৰিব। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে অসমৰ মথাউৰিসমূহ মজবুত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।ইফালে, সংবাদ মেলত ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে অসমৰ দুর্যোগ আন্তৰিকতাৰে উপলব্ধি কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নির্দেশমৰ্মে গৃহমন্ত্ৰী ৰাজনাথ সিঙে আজি অসমৰ বনাক্রান্ত বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰিছে আৰু ৰাজ্য চৰকাৰক সকলো ধৰণৰ সহায়ৰ প্রতিশ্রুতি দিছে। ইয়াৰ বাবে কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রী সোণোৱালে আৰু কয় যে বানৰ ক্ষয়-ক্ষতি সন্দর্ভত চৰকাৰী বিষয়াৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত তেওঁ এখন স্মাৰক-পত্ৰ ৰাজনাথ সিঙৰ হাতত অৰ্পণ কৰিছে। কিয়নো পানী শুকোৱাৰ পাছতে আৰু বহু সমস্যাৰ উদ্ভৱ হ’ব আৰু তাৰ মোকাবিলা কৰিবলৈ কেন্দ্রীয় চৰকাৰৰ সহযোগিতাৰ প্রয়োজন হ'ব। উল্লেখ্য যে মৰিগাঁৱৰ এটা আশ্রয় শিবিৰৰ লগতে নগাঁও আৰু কাজিৰঙাৰ বানাক্রান্ত অঞ্চল আকাশমাগেৰে পৰিদৰ্শন কৰাৰ পাছত বিমানবন্দৰতে কেন্দ্রীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, ড’নাৰ মন্ত্র জিতেন্দ্র সিং, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, জলসম্পদ মন্ত্রী কেশৱ মহন্ত, ডিজিপি মুকেশ সাহাইকে ধৰি ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল এখন জৰুৰী বৈঠকত মিলিত হয়। এই বৈঠকতে মুখ্যমন্ত্রী সোণোৱালে কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীক স্মাৰক-পত্র প্রদান কৰে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment