
By Main Uddin
৩০ জুলাই, ২০১৬ :
মুখ্যমন্ত্ৰী মহাশয় অসমৰ অসমীয়াক লৈ ল'ৰাধেমালি কৰাটো সহ্যৰ বাহিৰত হ'ল । আপুনি ইমান নিম্ন খাপৰ কাম কৰিৱ পাৰে বুলি সপোনৰো অগোচৰ আছিল। কিন্তু জাগীৰোড আশ্ৰয় শিৱিৰৰ মানুহৰ মুখত যি শুনিলো। আমি অসমীয়া হিচাৱে লজ্বানত হৈছো।
মহোদয় খোৰা ঘোৰা কম দামত কিনিলৈ শেষ শৰাইঘাটৰ ৰন জিনিলে। কিন্তু নৈতিকভাৱে আজি পৰাজিত হৈ আপোনালোকেই আকৌ ঘোৰা লেখীয়া হ'ল। ঘোৰাৰো দুটা ভাগ আছে মহাশয়। বুঢ়া ঘোৰা আৰু আপোনালোকে কিনা ঘোৰা। গৰাকীয়ে বুঢ়া ঘোৰাক কেতিয়াও বহুৱাই খুৱাই নেৰাখে। কোনো কাম কৰিৱ নোৱাৰে বাবে তাক চিৰ বিদায় জনায় আৰু খোৰা ঘোৰাক কম দৰত বিক্ৰী কৰি দিয়ে। তথাপি আপোনাৰ ত্যাগৰ মুল্যক শ্ৰদ্ধা কৰিছিলো। কিন্তু বানপানীত উটি ভাহি যোৱা মানুহক গিনিপিক সাজি কেন্দ্ৰীয় গৃহমন্ত্ৰীক তৈল্যমৰ্দন কৰাৰ পিছত আপোনাৰ প্ৰতি জন্মা ঘৃনা প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াক অসমৰ জনগনে কৰা ঘৃনাতকৈ বহুত বেছি ঘৃননীয় হ'ল।

আপোনালোকে কেন্দ্ৰীয় গৃহমন্ত্ৰী মহোদয়ক অসমৰ ৩৬ লাখ বানক্ৰান্তক সুন্দৰকৈ ৰখা প্ৰতিছৱি দেখুৱালৈ গৈ ৩৬ পইচাওঁ আদায় কৰিৱ নোৱাৰিলে। ইয়াৰ দ্বাৰা এইটোৱে প্ৰমান কৰিলে যে— অনাগত দিনত আপোনাৰ চৰকাৰেওঁ পাচঁ বছৰৰ বিশ্বাস আৰু পাচঁ বছৰৰ বিকাশত কি কৰিৱ অসমৰ ৰাইজক বুজায় দিলে বা আমাৰ অন্তঃত বুজিৱলৈ বাকী নেথাকিল।
মহোদয় মিছাতেই বা সচাঁতেই হওঁক। যিদৰে অসমৰ বৰ্তমান চৰকাৰী কৰ্মচাৰী কিছুমানক নিলম্বন কৰি আছে। লিখনীৰ বাবে আমাৰ আৰু আমাৰ সহধৰ্মিনীৰ মাজত বিবাহ বিচ্ছেদ নঘটাৱলৈ অনুৰোধ থাকিল।
আমাৰ লিখনীত ভুল-ভ্ৰান্টি হ'লে ক্ষমা ভিক্ষা অবাঞ্চনীয় ।
facebook
twitter
google+
fb share