ৱেব ডেস্ক, ৩১ জুলাই, ২০১৬ :
ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ হজৰ বাবে চাৰি আগষ্টত উত্তৰ-পূবৰ প্ৰথমটো দল মক্কা আৰু মদিনালৈ ৰাওনা হ’ব৷ এইবাৰ উত্তৰ-পূবৰ সাতখন ৰাজ্যৰ ৪,৬১১জন লোকে এই যাত্ৰাৰ বাবে সুবিধা লাভ কৰিছে৷

এই কথা শনিবাৰে সংবাদমেলযোগে ঘোষণা কৰে উত্তৰ-পূৰ্বাঞ্চল হজ কমিটীয়ে৷ গুৱাহাটীত অনুষ্ঠিত সংবাদমেলত হজ কমিটীৰ অধ্যক্ষ নেকিবুৰ জামানে জানিবলৈ দিয়া অনুসৰি এইবাৰ হজযাত্ৰাৰ বাবে অসমৰ ৪,১৯১জন লোকে সুবিধা লাভ কৰিছে৷ একেদৰে মেঘালয়ৰ ৩৯জন, নাগালেণ্ডৰ ২৯জন, ছিকিমৰ ২জন আৰু মণিপুৰৰ ৩৫২জন লোকে এইবাৰ হজযাত্ৰা কৰিব৷ ৪ আগষ্টৰপৰা আৰম্ভ হোৱা এই যাত্ৰাৰ পূৰ্বে হজযাত্ৰীসকলক আনুষ্ঠানিকভাৱে বিদায় জনাব উত্তৰ-পূৰ্বাঞ্চল হজযাত্ৰী অভ্যৰ্থনা কমিটীয়ে৷ ৩ আগষ্টত অনুষ্ঠিত হ’বলগীয়া এই বিদায় অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷ গুৱাহাটী হাজী মুছাফিৰ খানা প্ৰাংগণত অনুষ্ঠিত হ’বলগীয়া আনুষ্ঠানিক দোৱাৰ অনুষ্ঠানত ‘লাব্বাইকা’ শীৰ্ষক এখন স্মৰণিকা উন্মোচন কৰা হ’ব৷ স্মৰণিকাখন উন্মোচন কৰিব কৃষিমন্ত্ৰী অতুল বৰাই৷ হজযাত্ৰীসকলৰ বাবে প্ৰয়োজনীয় সকলো যো-জা সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিছে হজ কমিটীৰ অধ্যক্ষ নেকিবুৰ জামানে৷

তেওঁ জানিবলৈ দিয়া অনুসৰি ২ আগষ্টৰপৰা হজযাত্ৰীসকলৰ বাবে হাজী মুছাফিৰ খানাত শিবিৰ মুকলি হ’ব৷ হজযাত্ৰীসকলৰ বাবে যাৱতীয় সকলো ব্যৱস্থা কৰি শিবিৰৰপৰা বিশেষ বাছযোগে বিমানবন্দৰলৈ নিয়া হ’ব৷ ইতিমধ্যে হজযাত্ৰীসকলৰ বিভিন্ন ৰোগৰ প্ৰতিষেধকৰ ব্যৱস্থা কৰা হৈছে লগতে তত্কালীন চিকিত্সাৰ বাবে বিশেষ ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে অধ্যক্ষ জামানে৷ ৰাজ্য চৰকাৰে প্ৰতিগৰাকী হজযাত্ৰীৰ বাবে বেগ, ঔষধ আৰু টেলিফোন ডাইৰেক্টৰী প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে সহায়ৰ বাবে বিশেষ বিষয়াও নিযুক্তি দিছে৷ উল্লেখ্য যে ৪ আগষ্টৰপৰা আৰম্ভ হোৱা এই যাত্ৰাৰ ১৫ আগষ্টত সামৰণি পৰিব৷
facebook
twitter
google+
fb share