সীমান্ত আৰক্ষীৰ অত্যাচাৰত অতিষ্ঠ সংখ্যালঘু ৰাইজ, আমছুৰ প্ৰতিবাদ

গুৱাহাটী, ১ আগষ্ট, ২০১৬ :

সীমান্ত আৰক্ষীয়ে ষড়যন্ত্ৰমূলকভাবে বিদেশী ন্যাধীকৰণৰ জৰিয়তে সন্দেহজনক বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিক তথা ধৰ্মীয় সংখ্যালঘুলোকক নিৰ্বিচাৰে জাননী দি কৰি অহা হাৰাশাস্থি তথা অত্যাচাৰ বন্ধ কৰাৰ দাবীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ‪‎নলবাৰী জিলা সমিতিৰ‬ উদ্যোগত আজি (০১-০৮-২০১৬ ইং তাৰিখে) মুকালমুৱাত এক পথ অবৰোধ কাৰ্য্যসূচীত ৰূপায়ন কৰে৷



গুৱাহাটী-বৰপেটা সংযোগী পথৰ মোকালমুৱাৰ সমীপৱৰ্ত্তী দমদমা পথাৰত আমছুৱে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাবধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নতিকৰণৰ কাম চলি থকাৰ সময়ত বিশেষকৈ ধৰ্মীয় সংখ্যালঘুলোকসকলক হাৰাশাস্তি প্ৰদান কৰাৰ বাবে একাংশ সীমান্ত আৰক্ষী বিভাগৰ লোকে এনেধৰণৰ হকে-বিহকে জাননি প্ৰেৰণ কৰি ভিতিগ্ৰস্থ কৰি ৰাখিবলৈ ষড়যন্ত্ৰ ৰচনা কৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰি আমছুৰ সভাপতি আজিজুৰ ৰহমানে লগতে সীমান্ত আৰক্ষীৰ মইমতালি বন্ধ নকৰিলে সমগ্ৰ অসমতেই তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ দিয়ে৷

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমছুৰ সভাপতিগৰাকীয়ে সৰ্বনন্দ সোনোৱাল চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় ‘সংখ্যালঘুসকলক যে সৰ্বানন্দ সোনোৱাল চৰকাৰে হাতে নামাৰি ভাতে মাৰিব বিচাৰিছে, তাৰ জ্বলন্ত প্ৰমাণ শেহতীয়াকৈ অসম বিধানসভাত দাখিল কৰা বাজেটেৰ জৰিয়তে দাঙি ধৰিছে৷’


পুৱা ১০ ৰ পৰা আৰম্ভ কৰা প্ৰতিবাদী কাৰ্যসূচীত আমছুৰ সভাপতি আজিজুৰ ৰহমানৰ লগতে সম্পাদক ইউনুছ আলী আহমেদ¸ সাংগঠনিক সম্পাদক মানিক আলী¸ গুৱাহাটী মহানগৰ জিলা সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক শাকিল আহমেদৰ লগতে নলবাৰী জিলা সমিতিৰ সভাপতি সমন্বিতে বিষয়ববীয়া, কৰ্মী-সমৰ্থকসকলে উপস্থিত থাকি প্ৰতিবাদ সাব্যস্ত কৰে৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে দুপৰীয়া ১২ বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷ জিলা প্ৰশাসনৰ হৈ উক্ত স্মাৰকপত্ৰ গ্ৰহণ কৰে বৰক্ষেত্ৰী ৰাজহচক্ৰৰ চক্ৰ বিষয়াই৷ 



প্ৰতিবাদৰ সময়ছোৱাত বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলা পৰিলক্ষিত হয়৷ উল্লেখ্য যে সমগ্ৰ নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰীৰ লগতে সংখ্যালঘু মহিলাসকলেও উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment