হাতে আৰু ভাতে মৰাৰ নতুন ফৰ্মুলা


হাতে আৰু ভাতে দুয়োপিনৰ পৰা কেনেদৰে মাৰিব পাৰি তাৰ ফৰ্মুলা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিকা উচিত! 

এহাতে উন্নয়ন নতুবা আন্তঃগাঁথনি সৃষ্টিৰ বাবে বাজেটত চৰকাৰী ধন বৰাদ্দ নকৰিব আনপিনে দুটাতকৈ অধিক সন্তান জন্ম হ’লেও হেনো চাকৰি-বাকৰিৰ ক্ষেত্ৰত কিবা বাধকতা আনিব। কথাটো আপাতত: দৃষ্টিত বহুতে সমৰ্থন কৰিলেও ইয়াৰ অন্তৰালত জঘন্য বেয়া ৰাজনীতি এটা আমি দেখা পাওঁ। এই নীতিৰ জৰিয়তে সৰ্বদিশতে পিছপৰি থকা এটা বিশেষ জনগোষ্ঠীৰ লোকক আৰু অধিক বঞ্চিত কৰি নিশেষ কৰাৰ দীৰ্ঘম্যাদী পৰিকল্পনা কৰা হৈছে বুলি আমি ভাবোঁ। যদি বৰ্তমান চৰকাৰখনে সঁচাকৈ জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আন্তৰিকতাৰে পদক্ষেপ গ্ৰহণ কৰিব বিচাৰে তেন্তে আৰ্থ-সামাজিক আৰু শৈক্ষিক ভাৱে পিছপৰা লোকসকলৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগিব আৰু অত্যাধিক জনসংখ্য বৃদ্ধিপোৱা লোকসকলৰ মাজত পাৰিয়াল পৰিকল্পনাৰ আঁচনি সমূহ সফল ভাৱে আন্তৰিকতাৰে ৰূপায়ন কৰাৰ ওপৰত গুৰুত্ব দিব লাগে। 

অন্যহাতে তাকে নকৰি যদি জনসংখ্যা নিয়ন্ত্ৰণৰ দোহাই দি পৰোক্ষভাৱে এচাম দুৰ্বল, অশিক্ষিত, অসচেতন আৰু খাটিখোৱা লোকসকল আৰু তেওঁলোকৰ সতি-সন্ততিক চৰকাৰী চাকৰি-বাকৰিকে ধৰি অন্যান্য সা-সুবিধাৰ পৰ বঞ্চিত কৰা হয় তেনেহ’লে জনসংখ্যা নিয়ন্ত্ৰণ হোৱাটো দূৰৰে কথা সমাজৰ লোকসকলৰ মাজত ব্যাপক বৈষম্য আৰু অসমতাই দেখা দিব। যদিহে তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত নকৰি কেৱল জনংসংখ্যা নিয়ন্ত্ৰণৰ কথা কোৱা হয় তেন্তে সেয়া অবৈজ্ঞানিক আৰু সমস্যা সমাধানৰ আন্তৰিকতা নথকা ধৰণৰ কথা ।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment