ৱেব ডেস্ক, ৩১ জুলাই, ২০১৬ :
অসমত বানপানীয়ে অতি ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিচতো বিজেপি নেতৃত্বাধীন কেন্দ্ৰৰ এন ডি এ চৰকাৰে অৱহেলা কৰাৰ ফলত সর্বত্র সৃষ্টি হৈছে ব্যাপক প্রতিক্রিয়াৰ। কেন্দ্রীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে কালি বান পৰিস্থিতি পর্যবেক্ষণ কৰি অসমক এটা ফুটাকড়িও প্রদান নকৰাৰ সমান্তৰালকৈ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰা নহয় বুলি স্পষ্ট কৰি দিয়াৰ পছত ক্ষোভ প্রকাশ কৰিছে বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰৰ এন ডি এ চৰকাৰৰ দৃষ্টিত অসম ভাৰতৰ অংগ নহয় নেকি বুলি প্রশ্ন উত্থাপন কৰি সদৌ অসম ছাত্র সস্থা (আছু)ৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, বিহাৰ, জম্মুকাশ্মীৰ আদি ৰাজ্যত বানপানী বা প্রাকৃতিক দুর্যোগ হ’লে বিশেষ পেকেজ ঘোষণা কৰিবলৈ উঠিপৰি লগা কেন্দ্রীয় চৰকাৰখনে অসমৰ বাবে এটকাও পুজি ঘোষণা নকৰা কাৰ্যই কি সূচায়? তেওঁলোকৰ বাবে অসম ভাৰতৰ অংগ নহয় নেকি? প্রকৃততে দিল্লীত চৰকাৰ পৰিবর্তন হ’ল যদিও অসমৰ প্রতি দৃষ্টিভংগী আৰু পদক্ষেপৰ কোনো পৰিবর্তন নহ’ল। কালি গৃহ মন্ত্রী ৰাজনাথ সিঙে অসমৰ বান পৰিস্থিতি অতি জটিল বুলি স্বীকাৰ কৰিও কোনোধৰণৰ সাহায্য ঘোষণা নকৰাটো অতি দুর্ভাগ্যজনক। তদুপৰি গৃহ মন্ত্ৰীয়ে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা নহয় বুলিও স্পষ্ট কৰি দিছে। ৰাষ্ট্ৰীয় সমস্যা বুলি তেওঁলোকে যদি হৃদয়ংগম কৰিব নোৱাৰে, তেন্তেবান সমস্যাৰ সমাধান কিদৰে হ’ব? কেন্দ্রীয় চৰকাৰে গংগাক লৈ যদি আঁচনি ৰূপায়ণ কৰিব পাৰে, অসমৰ জনজীৱনৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰক লৈ ইমান অৱহেলা কিয়?

আনহাতে বানপানীৰ ক্ষেত্ৰত গ্রহণ কৰা ভূমিকাৰে বিজেপিয়ে অসম প্রেমৰ ফোঁপোলা স্বৰূপ উদঙাই দিয়া বুলি মন্তব্য কৰিছে অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে। এটা বিবৃতিত আজি প্রদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র কিশোৰ কুমাৰ ভট্টাচার্যই কয়— ৰাজ্যখনে সন্মুখীন হোৱা ভয়াৱহ বান পৰিস্থিতিৰ সময়ত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰ দুখনে বন্যার্ত ৰাইজক ভেঙুচালি কৰিছে। শেহতীয়াকৈ কেন্দ্রীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ আন্তৰিকতাহীন আৰু পালমৰাধৰণৰ বানপীড়িত অঞ্চল ভ্রমণ, সংবাদমেলত মন্ত্ৰীগৰাকীয়ে প্রদর্শন কৰা গা এৰা দিয়া মনোভাব আৰু ৰাজ্য চৰকাৰে গৃহ মন্ত্রীক দেখুৱাবলৈ জাগীৰোডত নিশাটােৰ ভিতৰতে বিশেষ শিবিৰ স্থাপন কৰি বন্যার্তৰ দুৰ্দশাৰ প্রকৃত ছবিখন লুকুৱাবলৈ কৰা প্রচেষ্টা, কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰা প্রতিবেদনত ২০১৪ চনৰ বাংলাদেশৰ বানপানীৰ ফটো সন্নিৱিষ্ট কৰা আদি ঘটনাই এইটোকে প্রতীয়মান কৰিছে। আনকি জম্মু-কাশ্মীৰ, বিহাৰ আদি ৰাজ্যত বানপানী হ’লে বিশেষ গুৰুত্ব আৰু তত্পৰতাৰে তাত্ক্ষণিকভাৱে আর্থিক সাহায্য ঘোষণা কৰা মোডী চৰকাৰৰ গৃহ মন্ত্ৰীগৰাকীয়ে কালি ৰাজ্যখনৰ এই ভয়াৱহৰ দুর্যোগৰ সময়তো সাহায্যৰ নামত এক পইচাও ঘোষণা নকৰি দৰাচলতে অসম প্রেমৰ ফোপোলা স্বৰূপটোকে উদঙাই দিলে। আনহাতে অসমৰ জাতি, মাটি আৰু ভেটিৰ তথাকথিত ৰখীয়া, গোটেই জীৱন জুৰি অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী কৰি অহা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল অথবা জলসম্পদ মন্ত্রী কেশৱ মহন্তৰ সন্মুখতেই গৃহ মন্ত্ৰীগৰাকীয়ে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ বিষয়টো নস্যাত্ কৰাৰ পিচতো দুয়োগৰাকী নেতাই দৃষ্টিকটুভাৱে মৌন হৈ ৰ’ল। নির্বাচনৰ আগতে অসমলৈ প্রধানমন্ত্রী নৰেন্দ্র মোডীকে ধৰি ইজনৰ পিচত সিজনকৈ কেন্দ্রীয় মন্ত্ৰীৰ লানি নিছিগা সোত বৈছিল। অথচ, চৰকাৰ গঠন হোৱাৰ পিচত ৰাজ্যখনে সন্মুখীন হোৱা প্রথমটাে ভয়াবহ প্রাকৃতিক দুর্যোগৰ সময়ত অসমৰ ৰাইজৰ কাষত থিয় দিবলৈ কেন্দ্রীয় চৰকাৰৰ আহৰি নাইকিয়া হ’ল। বিজেপি এনে মনোভাবক আমি তীব্র ভাষাৰে ধিক্কাৰ দিছো আৰু অসমৰ বান সাহায্যৰ বাবে অনতিপলমে এক হেজাৰ কোটি টকাৰ বিশেষ অনুদান মুকলি কৰি দিবলৈ কেন্দ্রীয় চৰকাৰৰ ওচৰত দাবী জনাইছো।’
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি বিৰাজ তালুকদাৰে কয়— বানপানী চাবলৈ চৰকাৰী ধনৰ অপচয় কৰি অসমলৈ অহাৰ প্রয়োজন নাই গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ। প্রকৃততে কংগ্ৰেছ-বিজেপি সকলো দল একেই। অসমৰ সম্পদৰ ওপৰতহে তেওঁলোকৰ লোলুপ দৃষ্টি, কিন্তু অসমবাসীৰ সমস্যাৰ প্রতি তিলমানো গুৰুত্ব নাই। আমি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক আহ্বান জনাইছে, তেওঁ কেন্দ্ৰৰ ওচৰত মূৰ দাঙি কথা কবলৈ শিকক। অসমৰ বাবে ১০ হেজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰিবলৈ আমি কেন্দ্রীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে। ৰাজ্যখনৰ বন্যার্তক বিজেপি চৰকাৰে ভেঙুচালি কৰা কার্যক ধিক্কাৰ দিছে অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদে৷ অসমবাসীৰ প্রতি এয়া ঘোৰ দাসে। ইপিনে এ আই ইউ ডি এফৰ সভাপতি বদৰুদিন আজমলে কয়— ভয়াৱহ বানত আক্রান্ত হোৱা লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ কামত কৃপণালি কৰা নাই বুলি চৰকাৰে দাবী কৰি আহিলেও বাস্তৱত কিন্তু তাৰ ওলোটা ছবিখনহে দেখিবলৈ পোৱা গৈছে। বিশেষকৈ নামনি অসমৰ বানাক্রান্ত অঞ্চলসমূহত চৰকাৰী সাহায্য সামগ্রী পর্যাপ্ত পৰিমাণে উপলব্ধ হোৱা নাই। এইক্ষেত্ৰত চৰকাৰ আৰু প্রশাসনৰ গাফিলতি স্পষ্ট ৰূপত ধৰা পৰিছে।’ উল্লেখযোগ্য যে চলিত লোকসভাৰ অধিৱেশন আধাতে এৰি বান-খহনীয়াগ্রস্ত অঞ্চলত সাহায্য আৰু পুনৰ সংস্থাপন পর্যবেক্ষণ কৰিবলৈ কালিয়ে ধুবুৰীত উপস্থিত হোৱা আজমলে আজি ধুবুৰী আৰু গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তর্গত বিভিন্ন বানাক্রান্ত অঞ্চল পৰিভ্ৰমণ কৰে। তেওঁ কয়— এই অঞ্চলত হোৱা বানৰ প্রকোপ মাজুলী বা উজনি অসমৰ অন্যান্য অঞ্চলতকৈ মুঠেই কম নহয়। কিন্তু ৰাজ্য চৰকাৰে নামনি অসমৰ এই বানাক্রান্ত এলেকাসমূহত পর্যাপ্ত পৰিমাণৰ সাহায্য সামগ্রী যোগান ধৰা নাই। অন্য এলেকাৰ কথাতো বাদেই, পৰহি খোদ মুখ্যমন্ত্রী সোণোৱালে পৰিভ্ৰমণ কৰি যোৱা গৌৰীপুৰৰ প্রতাপ চন্দ্র উচ্চতৰ মাধ্যমিক বিদ্যালয় আশ্রয় শিবিৰৰ আবাসীসকলক মাত্র এদিনৰ খাদ্য-সামগ্রী যোগান ধৰা হৈছে। এয়া অতি দুর্ভাগ্যজনক। আজমলে আজি পুৱা ১০ বজাৰ পৰা গাছপাৰা, ধর্মশালা, আদাবাৰী, চান্দাখুল, দুৰাহাটী, গৌৰীপুৰৰ প্রতাপ চন্দ্র উচ্চতৰ মাধ্যমিক বিদ্যালয়, বেপাৰীপট্টি এল পি স্কুল আৰু সীমান্ত অঞ্চল ননীয়া, বেৰভাংগা, লক্ষীমাৰী, গাইখোৱা আদি শিবিৰসমূহ পৰিদৰ্শন কৰি বানাক্রান্ত লোকসকলৰ অৱস্থাৰ বুজ লয়।
facebook
twitter
google+
fb share