ৱেব ডেস্ক, ৮ আগষ্ট, ২০১৬ :
‘আন্তৰাষ্ট্ৰীয় বজাৰত গঁড়ৰ খৰ্গৰ চাহিদা থকা পৰ্যন্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যা সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰাটো সম্ভৱ নহয়৷’— এই অসহায় স্বীকাৰোক্তি বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ৷

বিভাগটোৰ দায়িত্ব গ্রহণ কৰাৰ পিচৰে পৰা গড় হত্যা প্রতিৰোধৰ বাবে চেষ্টা চলোৱা মন্ত্ৰীগৰাকীয়ে আজি অসম বিধানসভাৰ মজিয়াত অসহায়ভাৱে এনেদৰে কয়।
সদনৰ শূন্য ঘণ্টাত অসম গণ পৰিষদৰ সদস্য পবীন্দ্র ডেকাই গড় হত্যা সন্দর্ভত উত্থাপন কৰা বিষয়ৰ উত্তৰত মন্ত্রী ব্ৰহ্মই কয় যে চোৰাং চিকাৰীৰ দ্বাৰা গড় হত্যা প্রতিৰোধৰ বাবে যত্পৰোনাস্তি চেষ্টা চলোৱা হৈছে। তেওঁ কয়— মই চেষ্টা কৰিছো। ইয়াৰ বাবে বিষয়াসকলক সচেতন হৈ থাকিবলৈ কৈছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁওবোৰৰ লগত থকা লোকসকলৰ সৈতে সম্পর্ক স্থাপন কৰি পৰিস্থিতি আয়ত্তত আনিলেহে এই কার্য বন্ধ হোৱাৰ সম্ভাৱনা আছে। সেয়েহে গাঁৱৰ লোকসকলৰ সৈতে মই নিজেই গৈ আলোচনা কৰিছো। এই আলোচনাৰ সময়ত বিভিন্ন এন জি অ'ৱে মোক জনাইছিল যে গড়ৰ খৰ্গবোৰ বিক্ৰী কৰিবলৈ বাহিৰলৈ নিয়ে। কাৰণ বাহিৰত দাম বেছি পায়। মোক জনোৱা মতে এটা গড়ৰ খৰ্গৰ বাবে দুই-তিনি কোটি টকা পর্যন্ত পায়। সেইবাবে চোৰাং চিকাৰীয়ে গড়বিলাক এনেদৰে মাৰে।
মোৰ কাৰ্যকালতে এতিয়ালৈকে পাঁচটাকৈ গড় মাৰিলে। গতিকে এনে অৱস্থাত গড় হত্যা ৰোধ কৰিবৰ বাবে আমাৰ বিভাগে অকলে একো কৰিব নোৱাৰে বুলি সকলো দিশ চালি-জাৰি চাই মই নিশ্চিত হৈছে। এই কথা মই মুখ্যমন্ত্ৰীৰ লগতো আলোচনা কৰিছো। কিয়নো খৰ্গৰ চোৰাং বজাৰ বন্ধ কৰিবলৈ হ’লে শক্তিশালী পক্ষৰ সহায় লাগিব। বহুতে মোক ইয়াৰ দায়িত্ব এন আই এক দিবলৈ পৰামর্শ আগবঢ়াইছে। কথাটো ময়ো ভাবিছো। কাৰণ ইয়াত যিহেতু আন্তঃৰাষ্ট্ৰীয় চক্র জড়িত হৈ আছে, গতিকে এন আই এয়েহে এই কাম কৰিব পাৰিব। এন আই এৰ লগত আমাৰ আলোচনাও চলি আছে আৰু যদি তেওঁলোক মান্তি হয়, তেতিয়াহে গোচৰটো তেওঁলোকক দিব পৰা যাব। আৰু সেয়া হ’লে গড় হত্যা ৰোধ কৰাত সফল হ’ব পৰা যাব বুলি মই আশাবাদী।

বন মন্ত্ৰীয়ে দিয়া এই উত্তৰৰ পিচতেই বিজেপি বিধায়ক পদ্ম হাজৰিকাই আগবঢ়োৱা বক্তব্যত গড় হত্যা সন্দর্ভত নেপাল চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ পৰামর্শ আগবঢ়ায়।
তেওঁ কয় যে গড়ৰ খৰ্গৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায় সন্দর্ভত অহা ছেপ্টেম্বৰ মাহত অষ্ট্রেলিয়াত এখন বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত ভাৰতৰ হৈ কেন্দ্রীয় বন মন্ত্ৰীয়ে ভাগ ল’ব। গতিকে অসম চৰকাৰেও ইয়াত ভাগ ল’ব পাৰে।
তেওঁ আৰু কয় যে গড় হত্যা প্রতিৰোধৰ ক্ষেত্ৰত নেপাল সফল হৈছে। যোৱা চাৰি বছৰত নেপালত মাত্ৰ দুটা গড়হে হত্যা হৈছে। গতিকে অসম চৰকাৰে নেপালে গ্রহণ কৰা ব্যৱস্থা সন্দর্ভত বুজ লোৱাৰ বাবে অসম চৰকাৰৰ বিষয়াৰ দল এটা নেপাললৈ দৰকাৰ বুলি তেওঁ পৰামর্শ আগবঢ়ায়।
facebook
twitter
google+
fb share