ইতিহাস ৰচি ভল্টৰ ফাইনেলত দীপা কর্মকাৰ

ভাৰতীয় খেলুৱৈৰ ব্যর্থতাৰ মাজতে উজলিছে ত্রিপুৰাৰ জীয়ৰী
ৱেব ডেস্ক, ৮ আগষ্ট, ২০১৬ ঃ

ৰিঅ’ অলিম্পিকত ভাৰতীয় খেলুৱৈসকলৰ হতাশজনক প্রদর্শনৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে দীপা কর্মকাৰে। ত্রিপুৰাৰ জীয়ৰী তথা প্রতিভাসম্পন্ন জিমনাষ্টগৰাকীয়ে অলিম্পিকৰ ব্যক্তিগত ভল্ট ইভেণ্টৰ ফাইনেলত প্রৱেশ কৰি ইতিহাস ৰচিছে।

 Dipa Karmakar

দেশৰ প্ৰথমগৰাকী মহিলা জিমনাষ্ট হিচাপে অলিম্পিকলৈ যোগ্যতা অর্জন কৰাৰ পিচত দীপাই এতিয়া প্রথমগৰাকী ভাৰতীয় জিমনাষ্ট হিচাপে অলিম্পিকৰ ফাইনেলত প্রৱেশ কৰি নতুন ইতিহাস ৰচিছে। 

ব্যক্তিগত ভল্ট ইভেণ্টৰ কোৱালিফায়িং ৰাউণ্ডত দীপাই অষ্টম স্থান দখল কৰি ফাইনেললৈ যোগ্যতা অর্জন কৰে। নিজৰ পছন্দৰ প্রদূনভা ভল্টত প্রথম দুটা প্রয়াসত ১৪.৮৫০ পইণ্ট সংগ্রহ কৰি ফাইনেলত প্রৱেশ কৰে দীপাই। 

প্রথমে তেওঁ ষষ্ঠ স্থানত আছিল যদিও কানাডাৰ ছেলন অছলেনে সুন্দৰ প্রদর্শন দাঙি ধৰাৰ ফলত দীপা অষ্টমলৈ অৱনমিত হয়। তিনিবাৰৰ অলৰাউণ্ড বিশ্ব চেম্পিয়ন আমেৰিকাৰ ছিমনে বিলেছে ১৬.০৫০ পইণ্টেৰে কোৱালিফায়িঙত প্রথম স্থান দখল কৰে।

উত্তৰ কোৰিয়াৰ জং উন হঙে দ্বিতীয় আৰু ছুইজাৰলেণ্ডৰ গিউলিয়া ষ্টেইংৰাবাৰে তৃতীয় স্থান লাভ কৰে। আন ইভেন্টসমূহত দীপাই ক্রমে আনইভেন


বাৰত ১১.৬৬৬, বেলেন্স বীমত ১২.৮৬৬ আৰু ফ্ল’ৰ এক্সাৰচাইজত ১২.০৩৩ পইণ্ট সংগ্রহ কৰে। প্রথমগৰাকী ভাৰতীয় হিচাপে কমনৱেলথ গেমছৰ স্বর্ণপদক দখল কৰা দীপাই মুঠ ৫১.৬৬৫ পইণ্টেৰে অলৰাউণ্ড তালিকাত ৪৭ সংখ্যক স্থানত থাকে। 

অহা ১৪ আগষ্টত পদক দখল কৰাৰ লক্ষ্য লৈ ফাইনেলত অবতীর্ণ হ’ব দীপা। 

ইফালে দীপাৰ সাফল্যত উত্ফুল্লিত হৈ জিমনাষ্টগৰাকীক ভূয়সী প্রশংসা কৰিছে ৰাহুল দ্রাবিড়ে। ভাৰতীয় ক্রিকেট দলৰ প্রাক্তন অধিনায়কগৰাকীয়ে কয় যে দীপাৰ এই প্রদর্শনে অসংখ্য ভাৰতীয়ক অনুপ্রাণিত কৰিব।


About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment