গুৱাহাটী, ৮ আগষ্ট, ২০১৬ :
পতঞ্জলি যোগপীঠক বিটিচি প্রশাসনে বি টি চি এলেকাৰ ৩,৬২৪ বিঘা ৪ কঠা ৩ লেচা মাটি বণ্টন দিয়াৰ কথা বিধানসভাত আজি মন্ত্রী পল্লৱলোচন দাসে প্ৰকাশ কৰে।

বিধায়ক শ্বেৰমান আলী আহমেদৰ এক প্রশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে দাখিল কৰা তথ্যমতে পূর্বে ৩,৮২৮ বিঘা ৪ কঠা ১৫ লেচা মাটি বণ্টন দিয়া হৈছিল যদিও পিচত তাৰ সামান্য সংশোধনী ঘটোৱা হয়। অৱশ্যে এই সন্দৰ্ভত বি টি চি প্রশাসন আৰু পতঞ্জলি যোগপীঠৰ নাই। মন্ত্ৰীগৰাকীৰ মতে বণ্টন দিয়া ভূমি বি টি চি প্রশাসনৰ অন্তর্গত চৰকাৰী মাটি।
উক্ত চৰকাৰী মাটিত বসবাস কৰি বিধিমতেই উচ্ছেদৰ ব্যৱস্থা কৰা হ’ব। মন্ত্ৰীগৰাকীয়ে সদনত দাখিল কৰা তথ্য অনুসৰি বণ্টন দিয়া ভূমিত পতঞ্জলি যোগপীঠে গৰু আৰু পঞ্চগব্য গৱেষণা বিষয়ক এক প্রতিষ্ঠান স্থাপন কৰিব। তিনি বছৰৰ ভিতৰত এই ভূমি নির্দিষ্ট কামত ব্যৱহৃত নহলে আপোনা আপুনি বণ্টন হোৱা ভূমি বি টি চিৰ ৰাজহ বিভাগে ওভতাই পাব।
facebook
twitter
google+
fb share