ৱেব ডেস্ক, ৮ আগষ্ট, ২০১৬ :
কোকৰাঝাৰত সংঘটিত নৰসংহাৰৰ ঘটনাৰ আঁৰত কোন জড়িত হৈ আছে?
এন ডি এফ বি (ছ) নে আন কোনো শক্তি ?
এই বিষয়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজতেই মত পার্থক্যৰ সৃষ্টি হৈছে।
যি সময়ত উক্ত ঘটনাৰ আঁৰত এন ডি এফ বি (ছ) জড়িত থকা বুলি ৰাজ্য চৰকাৰে দাবী কৰিছে, সেই সময়ত কেন্দ্রীয় চৰকাৰৰ মতে কোকৰাঝাৰৰ ঘটনাৰ সৈতে কোন উগ্রপন্থী সংগঠন জড়িত হৈ আছে সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

কেন্দ্রীয় গৃহ মন্ত্রী ৰাজনাথ সিঙে আজি লোকসভাত কোকৰাঝাৰৰ পৰিস্থিতি সন্দৰ্ভত আগবঢ়োৱা বক্তব্যত তেওঁ এনেদৰে উল্লেখ কৰি কয় যে ঘটনাস্থলীত নিহত উগ্রপন্থীজন এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। তেওঁ কয় যে উক্ত ঘটনাত চৈধ্যজনকৈ নিৰীহ লোকৰ মৃত্যু হোৱাৰ লগতে ১৯ জন লোক গুৰুতৰভাৱে আহত হয় আৰু এজন উগ্রপন্থী নিহত হয়। এই ঘটনাৰ তদন্তৰ বাবে কোকৰাঝাৰ থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু ঘটনাৰ সৈতে জড়িত থকা উগ্রপন্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিয়া হৈছে।
এইখিনিতে উক্ত ঘটনাত জড়িত উগ্রপন্থী সংগঠন, সদস্যৰ সংখ্যা আৰু নিহত উগ্রপন্থীজনক চিনাক্ত কৰাত চৰকাৰী ব্যর্থতা উদঙাই তেওঁ কয় যে ঘটনাৰ সৈতে কোন উগ্রপন্থী সংগঠন জড়িত হৈ আছে, সেই সন্দর্ভত তদন্ত অব্যাহত আছে। আনকি আক্রমণ সংঘটিত কৰা উগ্রপন্থীৰ সংখ্যা আৰু নিহত উগ্রপন্থীজনৰ চিনাক্তকৰণো বাকী আছে বুলি তেওঁ জানিবলৈ দিয়ে।
এইখিনিতে উল্লেখ কৰিব পাৰি যে নিহত উগ্রপন্থীজন মঞ্জয় বসুমতাৰী আৰু তেওঁ এন ডি এফ বি (ছ)ৰ সদস্য বুলি ৰাজ্য চৰকাৰে ইতিমধ্যে আনুষ্ঠানিকভাৱে সদৰী কৰিছে। কিন্তু ইয়াৰ বিপৰীতে কেন্দ্রীয় গৃহ মন্ত্ৰীজনে আন ভাষ্যহে আগবঢ়ায়। মন কৰিবলগীয়া যে সংসদৰ উভয় সদনতে আজি উথাপিত হয় কোকৰাঝাৰৰ নৰসংহাৰৰ ঘটনা।
লোকসভাত নির্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়া, কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ, বিজেপিৰ সাংসদ বিজয়া চক্ৰৱতী আৰু এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমলে বিষয়টো উত্থাপন কৰাৰ বিপৰীতে ৰাজ্যসভাত কংগ্ৰেছী সাংসদদ্বয় ৰিপুণ বৰা আৰু শান্তিয়াছকুজুৰে এই বিষয়টো উত্থাপন কৰে।
তদুপৰি উগ্রপন্থীৰ গুলীত নিহতসকলৰ আত্মাৰ সদগতিৰ বাবে সদনত মৌন প্রার্থনাও কৰা হয়। লোকসভাৰ অধ্যক্ষা সুমিত্রা মহাজনে কোকৰাঝাৰৰ ঘটনাৰ কথা উল্লেখ কৰি ইয়াক কঠোৰ ভাষাৰে নিন্দ কৰে। তেওঁ কয় যে সমগ্র সদনে ইয়াক নিন্দ কৰা উচিত। নিহত লোকসকলৰ পৰিয়ালৰ প্রতি তেওঁ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যও কামনা কৰে। ইয়াৰ পিচতে সদনত মৌন প্রার্থনা কৰা হয়।
সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ পিচত শূন্য ঘণ্টাত বিষয়টো উত্থাপন কৰি নৱ কুমাৰ শৰণীয়াই কয় যে বি টি এডিত সাম্প্রদায়িক উত্তেজনা অব্যাহত ৰাখিবলৈ এটা শক্তি সদায় সক্রিয় হৈ থাকে। বিশেষকৈ বড়ো সম্প্রদায়ৰ লোকসকলে নিজকে সংখ্যাগৰিষ্ঠ হিচাপে প্রমাণ কৰিবলৈ আন সম্প্রদায়ৰ ওপৰত আক্রমণ কৰি অহা বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে। লগতে কয় যে পৃথক বড়ো ৰাজ্যৰ নামত ৯০ ৰ দশকৰ পৰা হেজাৰ হেজাৰ আদিবাদী, কোচ ৰাজবংশী, ভাষিক সংখ্যালঘু বড়োসকলৰ আক্রমণৰ বলি হৈ আহিছে।
বি টি এ ডিৰ দৰে স্পর্শকাতৰ এলেকাৰ পৰা অৰ্ধসামৰিক বাহিনী প্রত্যাহাৰ কৰাটোৱে এনে ঘটনাৰ প্রধান কাৰণ বুলি অভিহিত কৰি তেওঁ সমগ্র ঘটনাৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাক দিবলৈ দাবী জনায়।
সাংসদ ক্রমে নিনং এৰিং, চিৰাজুদ্দিন আজমল, বদৰুদ্দিন আজমল, ভৈৰো প্রসাদ মিশ্র আৰু শংকৰ প্রসাদ দত্তয়ো নৱ কুমাৰ শৰণীয়াৰ বক্তব্যৰ সমৰ্থনত ভাষণ আগবঢ়ায়। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে উক্ত ঘটনাক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক প্রত্যাহ্বান জনোৱা ঘটনা বুলি অভিহিত কৰে। তেওঁ কয় যে স্বাধীনতা দিৱসৰ প্ৰাকমুহুর্তত সংঘটিত এই কার্যই উগ্রপন্থীৰ দুঃসাহসিকতাকে প্রমাণ কৰে বুলি মন্তব্য কৰি তেওঁ ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ কেন্দ্রীয় চৰকাৰক আহ্বান জনায়। কংগ্ৰেছী সাংসদ সুস্মিতা দেৱেও গৌৰৱ গগৈৰ সমৰ্থনত বক্তব্য আগবঢ়ায়।
ইয়াৰ বিপৰীতে বিজেপিৰ সাংসদ বিজয়া চক্ৰৱতীয়ে উক্ত বক্তব্যৰ বিৰোধিতা কৰি কয় যে কংগ্ৰেছৰ শাসনকালত অসমত এন ডি এফ বি (ছ)য়ে সংঘটিত কৰা নৰসংহাৰৰ ঘটনা আৰু সেই সময়ত ক্ষতিগ্রস্ত হোৱা লোকসকলে এতিয়াও ক্ষতিপূৰণ পোৱা নাই। এই কথা হয়তো কংগ্ৰেছী সাংসদসকলে পাহৰি গৈছে। সেই সময়ত ৰাজ্য চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰা উগ্রপন্থীয়ে কোনো অত্যাধুনিক অস্ত্র সমর্পণ কৰা নাছিল বুলিও বিজয়া চক্রৱর্তীয়ে উল্লেখ কৰে।
সাংসদ ভৈৰো প্রসাদ মিশ্র আৰু জর্জ বেকাৰেও বিজয়া চক্রৱতীৰ বক্তব্যৰ সমৰ্থন জনায়। আনহাতে বদৰুদ্দিন আজমলে উগ্রপন্থীৰ আক্রমণৰ ঘটনাক লৈ কোনোধৰণৰ ৰাজনীতি হ’ব নালাগে বুলি কয়।
ইফালে ৰাজ্যসভাত ৰিপুণ বৰা আৰু শান্তিয়াছকুজুৰেও কোকৰাঝাৰৰ ঘটনাৰ প্ৰসংগ উত্থাপন কৰে আৰু এন ডি এফ বিক সম্পূৰ্ণৰূপে উত্খাত কৰাৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়।
লক্ষণীয় কথাটো হ’ল যে ইয়াৰ বিপৰীতে অসম বিধানসভাৰ মজিয়াত সর্বানন্দ সোণোৱালে আগবঢ়োৱা বক্তব্যত উক্ত ঘটনাৰ আঁৰত এন ডি এফ বি (ছ) জড়িত থকা বুলি উল্লেখ কৰে। আজি সদনত বিৰোধী পক্ষই কোকৰাঝাৰৰ নৰসংহাৰৰ বিষয়টো উত্থাপন কৰিব বিচাৰিছিল যদিও একেটা বিষয় এ আই ইউ ডি এফৰ সদস্য আমিনুল ইছলামে শূন্য ঘণ্টাত উত্থাপন কৰাত বিধানসভাৰ অধ্যক্ষই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্রস্তাৱ নাকচ কৰে। আমিনুল ইছলামে বিষয়টো উত্থাপন কৰি দিয়া ভাষণত উক্ত ঘটনা এন ডি এফ বি (ছ)য়ে পূর্ব পৰিকল্পনা অনুসৰি সংঘটিত কৰা বুলি মন্তব্য কৰাৰ লগতে এনেধৰণৰ ঘটনাৰ সৈতে জধে-মধে জেহাদীৰ নাম জড়িত কৰিব বিচৰা কার্যত অসন্তুষ্টি প্রকাশ কৰে।
ইয়াৰ উত্তৰত গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সদনত আগবঢ়োৱা বিবৃতিত কয় যে ঘটনাৰ খবৰ পোৱা মাত্রকে প্রধানমন্ত্রী নৰেন্দ্র মোডী আৰু গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এই বিষয়ে আলোচনা কৰাৰ লগতে বিত্ত বিভাগৰ মন্ত্রী হিমন্তবিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালকপ্রধান মুকেশ সহায়ৰ লগতে গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব টি ৱাই দাসক কোকৰাঝাৰলৈ যাবলৈ নির্দেশ দিয়া হৈছিল। ঘটনা সংঘটিত হোৱাৰ দিনাখনেই তেওঁ ততাতৈয়াকৈ নতুন দিল্লীৰ ভ্ৰমণসূচী সামৰি গুৱাহাটীত উপস্থিত হৈ নিশাৰ ভাগতে পৰিস্থিতি পর্যালোচনা কৰাৰ লগতে উগ্রপন্থীৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি অনুসৰি ব্যৱস্থা লোৱা আৰু পিচদিনা ঘটনাস্থলীলৈ গৈ পৰিস্থিতিৰ চৰজমিন বুজ লোৱাৰ কথা উল্লেখ কৰে।

সোণোৱালে কয়— ঘটনাৰ অনুসন্ধান কৰি ম'বাইলত থকা নম্বৰ আৰু অন্যান্য তথ্যৰ পৰা ইয়াৰ আঁৰত এন ডি এফ বি (ছ) জড়িত থকা বুলি জানিব পৰা যায়। এই সন্দর্ভত তদন্ত অব্যাহত আছে। ইয়াৰ পৰা ঘটনাৰ আঁৰত আন কোনো শক্তি জড়িত থাকিলে পোহৰলৈ আহিব। ৰাজ্যত যাতে এনে ঘটনা আৰু ঘটিব নোৱাৰে, তাৰ বাবে ব্যৱস্থা লবলৈ প্রতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ইতিমধ্যে নির্দেশ দিয়া হৈছে। ৰাজ্যত শান্তি প্রতিষ্ঠা কৰাটো আমাৰ দায়িত্ব। ৰাইজক আমি নিৰাপত্তা দিব লাগিব।ইয়াৰ বাবে শাসকবিৰোধীয়ে সন্ত্রাসবাদৰ বিৰুদ্ধে একেলগে যুঁজিব লাগিব। বিপদৰ সময়ত আমি একেলগে সাহসেৰে থিয় দিলেহে সফল হ’ব পাৰিম।'
তেওঁ বিৰোধী পক্ষই কোকৰাঝাৰলৈ গৈ ঘটনাৰ বলি হোৱা লোকসকলৰ কাষত থিয় দিয়া আৰু তেওঁলোকৰ মনত সাহস দিয়া বাবে ধন্যবাদ জনায়।
facebook
twitter
google+
fb share