ৱেব ডেস্ক, ৮ আগষ্ট, ২০১৬ :
জাকিৰ নাইকৰ ইছলামিক ৰিছাৰ্চ ফাউণ্ডেচনক নিষিদ্ধ কৰাৰ প্রস্তুতি কেন্দ্ৰৰ চলাইছে কেন্দ্রীয় চৰকাৰে। বেআইনী কার্যকলাপ (প্রতিৰোধ) আইনৰ (ইউ এ পি এ) অধীনত আইন মন্ত্র্যালয়ে ফাউণ্ডেচনক নিষিদ্ধ ঘোষণা কৰিব বিচাৰিছে।

১৯৯১ চনত নাইকে প্রতিষ্ঠা কৰা ফাউণ্ডেচনক নিষিদ্ধ কৰাৰ যো-জা চলোৱাৰ বিষয়ে আইন মন্ত্র্যালয়ে গৃহ মন্ত্র্যালয়ক ইতিমধ্যে অৱগত কৰিছে।
নিষিদ্ধ ঘোষিত হ’লে ফাউণ্ডেচনত কোনো লোকে পৰৱৰ্তী সময়ত যোগদান কৰিব নোৱাৰিব। তদুপৰি ফাউণ্ডেচনে কাৰো পৰা দান ল'ব নোৱাৰিব বা পুঁজি সংগ্রহ কৰিব নোৱাৰিব।
ইয়াৰ উপৰি ইউ এ পি এৰ অধীনত নিষিদ্ধ ঘোষিত হ’লে ফাউণ্ডেচনে ৰাজহুৱা সভাও অনুষ্ঠিত কৰিব নোৱাৰিব।
পাঁচ বছৰৰ বাবে প্রথমতে ফাউণ্ডেচনক নিষিদ্ধ ঘোষিত কৰা হব। এই সময়সীমা উকলি যোৱাৰ পিচত ফাউণ্ডেচনৰ কাম-কাজ পুনৰীক্ষণ কৰি প্রয়োজনত পুনৰ নিষিদ্ধ কৰা সন্দৰ্ভত চৰকাৰে সিদ্ধান্ত ল'ব।
উল্লেখ্য যে বাংলাদেশত যোৱা মাহত এখন কাফেত হোৱা সন্ত্রাসবাদী আক্রমণত জড়িত যুৱককেইজনে নাইকৰ বক্তব্যৰ দ্বাৰা অনুপ্ৰাণীত হোৱা বুলি অভিযোগ উত্থাপন হৈছিল৷

তাৰ পিচতে বাংলাদেশ চৰকাৰে নাইকৰ পীচ টিভি নিষিদ্ধ ঘোষিত কৰি ভাৰত চৰকাৰে তেওঁৰ বিৰুদ্ধে কার্যব্যৱস্থা গ্রহণ কৰে।
অৱশ্যে নাইকৰ বিৰুদ্ধে অনুসন্ধানকাৰীসকলে কোনো আপত্তিজনক নথি বা তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷
>>> ডাঃ জাকির নায়েকের সাথে সন্ত্রাসবাদের কোনো সম্পর্ক নেই: লোকসভায় জানালো কেন্দ্র
>>> ডাঃ জাকির নায়েকের সাথে সন্ত্রাসবাদের কোনো সম্পর্ক নেই: লোকসভায় জানালো কেন্দ্র
facebook
twitter
google+
fb share