
ৱেব ডেস্ক, ২৫ আগষ্ট, ২০১৬ঃ
সৌৰজগতৰ বাহিৰৰ আটাইতকৈ ওচৰত থকা প্রক্সিম চেঞ্চাউৰিক প্রদক্ষিণ কৰি থকা এটা পৃথিৱীৰ সম মানুহৰ বসতি সম্ভৱ হ’ব বা আন গ্ৰহৰ প্ৰাণীৰ অস্তিত্ব পোহৰলৈ আহিব। আমাৰ সূৰ্যৰ আটাইতকৈ ওচৰত থকা নক্ষত্র প্রক্সিমা চেঞ্চাউৰিক প্রদক্ষিণ কৰি থকা এই গ্ৰহটোৰ নাম ৰখা হৈছে ‘প্রক্সিমা বি’। বিগত ১৬ বছৰে অবিৰাম নিৰীক্ষণৰ অন্তত কালি বিজ্ঞানীয়ে এই গ্ৰহটোৰ বিষয়ে সদৰী কৰে। শিলাখণ্ড আৰু পানীৰে পৰিপূৰ্ণ বুলি ভবা এই গ্ৰহটোৰ সবিশেষ এদিন ৰবটে উদ্ধাৰ কৰিব বুলিবিজ্ঞানীসকলে দাবী কৰে। যিটো স্থানত গ্ৰহটো আছে, তাৰ পৰা ইয়াত পানী থকাৰ কথাটোত বিজ্ঞানীসকল নিশ্চিত হৈছে। পানী থাকিলে একোটা গ্ৰহত জীৱ থকাটো সম্ভৱ।

বিগত ১৬ বছৰে ‘প্রক্সিমা বি'ৰ বিষয়ে কৰি অহা গৱেষণা আৰু তথ্যৰ আধাৰত ইয়াৰ বিষয়ে সবিশেষ প্রকাশ কৰা হয়। ফ্রান্সৰ মণ্টপেলিয়াৰ বিশ্ববিদ্যালয়ৰ জ্যোতিবিদ তথা প্রবন্ধটোৰ সহঃলেখক জুলিয়েন মৰিনে এই কথা প্রকাশ কৰে। তেওঁৰ মতে ‘প্রক্সিমাবি হৈছে সৌৰজগতৰ বাহিৰৰ প্ৰথমটোগ্রহ, যাৰ বিষয়ে মানৱ জাতিয়ে অধ্যয়ন সম্পন্ন কৰিছে। প্রবন্ধটোৰ মূল লেখক তথা লণ্ডনৰ কুইন মেৰী বিশ্ববিদ্যালয়ৰ উীন গুইলেম এংলাডাএছকুডে কয় যে এয়া তেওঁলোকৰ জীৱনজোৰা কষ্টৰ পিছত লাভ কৰা সফলতা। আমাৰ সৌৰজগতৰ পৰা চাৰি আলোক বৰ্ষৰ দূৰত্বত অৱস্থিত প্রক্সিমা বিয়ে ইয়াৰ সূৰ্যই প্রক্সিমা চেঞ্চাউৰিক ৭ নিযুত দূৰত্বৰ পৰা প্রদক্ষিণ কৰি আছে। অর্থাৎ আমাৰ পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব যিমান, তাৰ তুলনাত প্রক্সিমা বি আৰু প্রক্সিমা চেঞ্চাউৰিৰ দূৰত্ব ২১ গুণ ওচৰ।
facebook
twitter
google+
fb share