কোষাগাৰত খড়্গৰ সলনি ওলাল বাঁহৰ মূঢ়া

Image result for rhino horn
ৱেব ডেস্ক, ২৬ আগষ্ট, ২০১৬ঃ
অসমৰ বন্যপ্রাণী জীৱিত অৱস্থাতেই নহয়, মৃত্যুৰ পাছতো অংগসমূহ সুৰক্ষিত নহয় বন বিভাগ অথবা আৰক্ষীৰ হাতত। কাজিৰঙাত গড় হত্যা কৰি খড়গ কাটি লৈ যোৱাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ সৰিয়হৰ ডুলিতেই ভূত ওলোৱাৰ দৰে কোষাগাৰৰ বাকচত সুৰক্ষিত অৱস্থাত থকা গড়ৰ খড়াও কাটি নিয়াৰ তথ্য পোহৰলৈ অহাৰ পাছতে এই কথা প্রমাণ হৈছে। তেজপুৰ কোষাগাৰত জমা থকা মুঠ ৫৬টা গড়ৰ খড়াৰ ৫টা খড়গৰ পৰা একোটাকৈ অংশ কোনো দুবৃত্তই কাটি নিয়াৰ তথ্য ধৰা পৰিছে। এই তথ্য আজি পোহৰলৈ আহে তেজপুৰত। আৰক্ষী আৰু বন বিভাগৰ জিন্মাত থকা গড়ৰ খড়া কাটি লৈ যোৱাটো যিদৰে আশ্চর্যজনক কথা, সেইদৰে আৰক্ষী আৰু বন বিভাগে উদ্ধাৰ কৰা গড়ৰ খড়গ জিন্মাত থকা অৱস্থাতে সুৰক্ষিত নোহোৱাটো তাতোকৈও আশ্চর্যজনক বিবেচিত হৈছে। প্রাপ্ত তথ্য মতে, আজি তেজপুৰ কোষাগাৰত বন বিভাগে জমা থোৱা ৫৬টা আৰু শোণিতপুৰ পূব সংমণ্ডলৰ ৪টা খড়গৰ বিশেষজ্ঞ সমিতিয়ে পৰীক্ষা কৰে। বিশেষজ্ঞ সমিতিয়ে শোণিতপুৰ বন বিভাগে তেজপুৰ কোষাগাৰত জমা থোৱা ৫৬টা গড়ৰ খড়গৰ লগতে বিশ্বনাথ কোষাগাৰত জমা থকা ৪টা খড়গ পৰীক্ষা কৰে। তেজপুৰ কোষাগাৰত জমা থকা খড়গ পৰীক্ষা কৰাৰ কালত ৫৬টা গড়ৰ খড়গৰ ৫টা বাঁহৰ মূঢ়া উদ্ধৰ হোৱাত হতবাক হৈ পৰিছে বিশেষজ্ঞ সমিতি। ৫টা খড়গৰ একোটাকৈ অংশ কোনো দুৰ্বত্তই কাটি নিয়াৰ লগতে আন পাঁচটা বাঁহৰ মূঢ়া গড়ৰ খড়গ জমা থোৱা আৰু ৫৬টা খড়গৰ হিচাপৰ লগত সংযোগ হৈ থকা বাকচটােৰ পৰাই উদ্ধৰ হোৱা ঘটনা স্বাভাৱিকতে তাৎপর্যপূর্ণ বিবেচিত হৈছে। তেনেদৰে বিশ্বনাথৰ চাৰিটা খড়গৰ এটা বাঁহৰ মূঢ়া।
তাতোকৈ গুৰুত্বপূর্ণ কথাটাে হল ৫৬টা জমা থকা খড়গৰ পাঁচটা খড়গৰ কিছু অংশ কাটি নিয়া হৈছে, যিটো কাজিৰঙা অথবা আন স্থানত পৰীক্ষা কৰা খড়গত কেতিয়াও দেখা পোৱা নগৈছিল। জিম্মাত থকা খড়গৰ টুকুৰা কাটি নিবলৈ হ’লে উচ্চপদস্থ আৰক্ষী বিষয়া অথবা বন বিষয়া প্রত্যক্ষভাৱে জড়িত থাকিব লাগিব। অন্যথা বাকচত ছীল-মোহৰ মাৰি থোৱা খড়গৰ টুকুৰা কোনে কাটি নিলে? উল্লেখ্য যে যিকেইটা খড়গৰ টুকুৰা কাটি নিয়া হৈছে, সেইকেইটা খড়গ ১৯৯০ চনৰ পৰা ১৯৯২ চনৰ ভিতৰত উদ্ধৰ হোৱা। গতিকে উক্ত সময়ত কোন বন বিষয়াই কার্যনির্বাহ কৰিছিল অথবা কোন আৰক্ষী বিষয়া কর্তব্যত নিয়োজিত আছিল, অনুসন্ধান কৰিলেই জোলোঙাৰ মেকুৰী ওলাই পৰাৰ সম্ভৱনা নুই কৰিব নোৱাৰি। অর্থাৎ আৰক্ষী অথবা বন বিভাগৰ জিন্মাত থকা খড়গৰ টুকুৰাও কাটি নিলে বিভাগীয় চোৰে। আনহাতে তেজপুৰ কোষাগাৰত গড়ৰ খড়গ জমা কৰি ৰখা আন এটা বাকচ আজি বিশেষজ্ঞ সমিতিয়ে খুলি খড়গপৰীক্ষা কৰাৰ পৰা বিৰত থাকে। তথ্য মতে, উক্ত খড়গ থকা বাকচটোৰ ছীল-মোহৰবোৰ সন্দেহজনক হোৱা বাবে বিশেষজ্ঞ সমিতিয়ে উক্ত বাকচত থকা খড়গ পৰীক্ষা কৰাৰ পৰা বিৰত থাকে। উল্লেখ্য যে বিশেষজ্ঞ সমিতিৰ অধ্যক্ষ মোহন চন্দ্র মালাকাৰ, সদস্য পংকজ শৰ্মা, দিলীপ নাথ, মৃণাল তালুকদাৰ, বিভৱ তালুকদাৰ, কোষাগাৰ প্ৰাধিকাৰীয়ে গড়ৰ খড়গসমূহ পৰীক্ষা কৰে। উপস্থিত থাকে শোণিতপুৰ জিলাৰ পূব আৰু পশ্চিম বন সংমণ্ডলৰ প্ৰাধিকাৰীদ্বয়। মন কৰিবলগীয়া যে ২৪ বছৰ পাছত গড়ৰ খড়গসমূহ পৰীক্ষা কৰা হৈছে। বিগত ২৪ বছৰে বন বিভাগে ছীল-মোহৰ মাৰি কোষাগাৰত জমা থৈছিল উদ্ধৰ হোৱা গড়ৰ খড়গবোৰ। লক্ষণীয়ভাৱে বন বিভাগে জমা থোৱা বাকচবোৰত কি আছিল, জনাৰ সুবিধা নাছিল কোষাগাৰ কর্তৃপক্ষৰ।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment