দ্বিতীয় ত্ৰিপুৰা সজোৱাৰ ষড়যন্ত্রত লিপ্ত হৈছে বিজেপি : আমছু

২৫ আগষ্ট:

Image result for bjp MLA siladitya chetiya

হোজাই সমষ্টিৰ বিধায়ক শিলাদিত দেই অসমৰ ধৰ্মীয় সংখ্যলঘুসকলক ১৯৪৭ চনক ভিত্তি বর্ষ কৰি বাংলাদেশ আৰু পাকিস্থানলৈ প্ৰেৰণ কৰিব লাগে আৰু গামোচা পিন্ধিলেই অসমীয়া হৈ নাযাব বুলি যি সাম্প্রদায়িক মন্তব্য দাঙি ধৰিছে, তাৰ তীব্র প্রতিবাদ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৱে। আজি আমছুৰ কেন্দ্রীয় সমিতিৰ সাঃ সম্পাদক ৰেজাউল কৰিম সৰকাৰে বিধায়কগৰাকীক তীব্র ভাষাৰে গৰিহণা দি প্ৰেৰণ কৰা এক বিবৃতিত কয় যে বিধায়ক শিলাদিত্যৰ এনে সাম্প্রদায়িক বক্তব্য কোনো কাৰণতে মানি লোৱা নহ’ব। ইতিহাসৰ জ্ঞান নথকা বিজেপি বিধায়কগৰাকীক প্রত্যাহ্বান জনাই সৰকাৰে কয় যে ১৯৪৭ চন নহয়, ইয়াণ্ডাবু সন্ধিৰ বর্ষক ভিত্তি বর্ষ কৰিলেও অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক বাংলাদেশ-পাকিস্তানলৈ পঠিওৱাটো দূৰৰ কথা, এক বিন্দুও লৰচৰ কৰিব নোৱাৰে। বিধায়কগৰাকীৰ নাগৰিকত্বতো সন্দেহৰ অৱকাশ আছে বুলি কৈ আমছুৰ নেতাগৰাকীয়ে কয় যে নিজে নাগৰিকত্ব প্রাপ্তিৰ আনন্দত মতলীয়া হৈ এতিয়া ধর্মীয় সংখ্যলঘুসকলক তুচ্ছতাচ্ছিল্য কৰা আৰম্ভ কৰিছে। এনে ধৰণৰ বিজেপি বিধায়কে অসমখনক দ্বিতীয় ত্ৰিপুৰা সজোৱাৰ ষড়যন্ত্রত লিপ্ত হোৱা বুলি আমছুৰ নেতা জনে অভিযোগ কৰিছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment