পূৰ্বৰ চৰকাৰে নিযুক্তি দিয়া অধিবক্তাৰ তালিকা বাতিল কৰিলে নতুন চৰকাৰে
বিদেশী ন্যায়াধিকৰণৰ সদস্যই ন্যায়াধীশৰ ফলক গাড়ীত লগাব নোৱাৰিব

ৱেব ডেস্ক, ২৫ আগষ্ট, ২০১৬ঃ
চৰকাৰী অধিবক্তাৰ অভাৱত বন্ধ হৈ আছে ৰাজ্যৰ ১৫খন জিলাৰ বিদেশী ন্যায়াধিকৰণৰ কাম-কাজ।সংশ্লিষ্ট জিলাসমূহৰ বিদেশী ন্যায়াধিকৰণসমূহত সম্প্রতি ৩১টা চৰকাৰী অধিবক্তাৰ পদ খালী হৈ আছে। উল্লেখ্য, পূৰ্বৰ চৰকাৰৰ দিনত ৰাজ্যত বিদেশী ন্যায়াধিকৰণৰ সংখ্যা ১০০খনলৈ বৃদ্ধি কৰা
হৈছিল। নতুনকৈ ৬৪খন বিদেশী ন্যায়াধিকৰণ স্থাপন কৰা হৈছিল। এই ন্যায়াধিকৰণসমূহত পূৰ্বৰ চৰকাৰে ৩৯জন চৰকাৰী চৰকাৰী অধিবক্তাৰ নিযুক্তি প্রক্রিয়া সম্পূর্ণ কৰিছিল। কিন্তু বিধানসভা নিযুক্তি প্রক্রিয়া বন্ধ হৈ পৰে। ৰাজ্যৰ ১২খন জিলাত নিযুক্তি দিয়া ৩৯জন চৰকাৰী অধিবক্তাৰো ৬জনে বিভিন্ন কাৰণত দায়িত্বৰ পৰা অব্যাহতি লয়।
লক্ষণীয় যে ৰাজ্যৰ বর্তমানৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে ৰহস্যজনক কাৰণত পূৰ্বৰ চৰকাৰৰ পুনৰ নতুনকৈ নিযুক্তি প্রক্রিয়া আৰম্ভ কৰাৰ বাবে সংশ্লিষ্ট জিলাৰ উপায়ুক্তসকলক নির্দেশ দিছে। উল্লেখ্য যে জিলা উপায়ুক্ত, জিলা ন্যায়াধীশ আৰু আৰক্ষী অধীক্ষকক লৈ গঠন কৰা জিলা পর্যায়ৰ বিদেশী ন্যায়াধিকৰণ কমিটীয়ে চৰকাৰী নীতি অনুসৰি বিদেশী ন্যায়াধিকৰণসমূহৰ চৰকাৰী অধিবক্তাৰ তিনিজনীয়া পেনেল প্রস্তুত কৰি ৰাজ্যৰ গৃহ বিভাগলৈ প্রেৰণ কৰিছিল। গৃহ বিভাগে উক্ত তিনিজনীয়া পেনেলৰ এজনক চৰকাৰী অধিবক্তা হিচাপে নিযুক্তিৰ বাবে বাছনি প্রক্রিয়া সম্পূর্ণ কৰিছিল। 

এক দীঘলীয়া পৰিক্রমাৰে এই বাছনি প্রক্রিয়া সম্পূর্ণ হৈছিল। কিন্তু এই বাছনি প্রক্রিয়া নাকচ কৰি নতুনকৈ ৰাজ্যৰ গৃহ বিভাগে অধিবক্তাৰ বাছনি প্রক্রিয়া আৰম্ভ কৰাত প্রতিক্রিয়াৰ সৃষ্টি হৈছে। ইফালে, ৰাজ্যৰ গৃহ বিভাগে বিদেশী ন্যায়াধিকৰণৰ সদস্যসকলকো গাড়ীত বিচাৰক বুলি লিখিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে। এই সন্দর্ভত ৰাজ্যৰ গৃহ বিভাগে দুদিন পূর্বে এখন জাননী জাৰি কৰা বুলি জানিব পৰা গৈছে।
facebook
twitter
google+
fb share