২১ জিলা পৰিষদলৈ উন্নয়ন পুঁজি ধার্য মাত্র এক কোটি টকা

গুৱাহাটী, ২১ আগষ্ট :

পৰিবৰ্তনৰ শ্ল’গানেৰে দিছপুৰৰ মচনদত উপৱিষ্ট হোৱা বিজেপি মিত্রজোট চৰকাৰৰ আমোলত অসমবাসী ৰাইজে সচা অৰ্থত ইতিবাচক পৰিবর্তন প্রত্যক্ষ কৰিব পাৰিবনে? ইয়াক লে সর্বসাধাৰণ ৰাইজৰ নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যৰ জিলা পৰিষদসমূহক ক্ষমতাহীন কৰিবলৈ উঠিপৰি লগা কার্যই বিশেষ তাত্পর্য বহন কৰিছে।


তৈলক্ষেত্র নিলাম, ১২৭ বিধ সামগ্ৰীৰ ওপৰত ভেট বৃদ্ধি, চিমেণ্টৰ মূল্যবৃদ্ধি আদিকে ধৰি এটাৰ পিচত আন এটা জনবিৰোধী কার্যৰে ইতিমধ্যে ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে চৰকাৰখন। বিভিন্ন দল-সংগঠন তথা ৰাইজে তেনে জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে নতুন চৰকাৰখনে ক্ষমতাৰ বিকেন্দ্রীকৰণ প্রক্রিয়াৰ বিলুপ্তি ঘটাই জিলা পৰিষদসমূহক ক্ষমতাহীন কৰিব বিচৰা কার্যক লৈ চৰকাৰৰ অভ্যন্তৰতে সৃষ্টি হৈছে ব্যাপক প্রতিক্রিয়াৰ। অতি আশ্চৰ্যকৰভাৱে সোণোৱাল চৰকাৰে ২০১৬-১৭ বৰ্ষৰ ৰাজ্যিক বাজেটত ৰাজ্যৰ ২১ খন জিলা পৰিষদৰ বাবে ধার্য কৰিছে মাথো এক কোটি টকা। জিলা পৰিষদৰ বাবে থকা জিলা উন্নয়ন পুজি শিতানত পূর্বতে প্রতি বছৰে ধাৰ্য কৰি অহা হৈছিল প্রায় ১৫০ কোটি টকা। যোৱা ২০১৫-১৬ বৰ্ষৰ বাজেটত জিলা উন্নয়ন পুঁজি শিতানত ধার্য কৰা হৈছিল ১৪৫ কোটি টকা। উল্লেখ্য যে জিলা উন্নয়ন পুঁজি শিতানত ধার্য কৰা পুজিৰ ২০ শতাংশ ধন জিলা পৰিষদৰ প্রতিনিধিয়ে ব্যয় কৰাৰ বিপৰীতে ৩০ শতাংশ ধন আঞ্চলিক পঞ্চায়ত আৰু ৫০ শতাংশ ধন গাও পঞ্চায়তসমূহে ব্যয় কৰে। ৰাজ্যত সম্প্রতি ২১ খন জিলা পৰিষদ, ১৮৫ খন আঞ্চলিক পঞ্চায়ত আৰু ২,২০২ খন গাঁও পঞ্চায়ত আছে। জিলা উন্নয়ন পুজিৰ উপৰি জিলা ত্রয়োদশ বিত্ত আয়োগৰ অধীনত প্রতি বছৰে প্রায় ৫০ কোটি টকা লাভ কৰি আহিছিল। কিন্তু সম্প্রতি ত্রয়োদশ বিত্ত আয়োগৰ ম্যাদ শেষ হোৱাৰ পিচত জিলা উক্ত ধন লাভৰ পৰাও বঞ্চিত হৈছে। এনে সময়তে কংগ্ৰেছক পৰাভূত কৰি শাসনৰ গাদীত অধিষ্ঠিত হোৱা বিজেপি মিত্রজোট চৰকাৰখনে জিলা বাবে মাথো এক কোটি টকা ধার্য কৰাত জিলা পৰিষদৰ লগতে আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ প্রতিনিধিসকলৰ মাজত সৃষ্টি হৈছে ব্যাপক প্রতিক্রিয়াৰ। বিজেপি মিত্ৰজোট চৰকাৰখনে যে ক্ষমতাৰ বিকেন্দ্রীকৰণ প্রক্রিয়াক বিলুপ্ত কৰিবলৈ উঠিপৰি লাগিছে, সেয়া এনে কাৰ্যৰ পৰা স্পষ্ট হৈ পৰিছে। উল্লেখ্য যে ক্ষমতাৰ বিভিন্নজনে মত প্রকাশ কৰি আহিছে। ইয়াৰ পৰিপ্রেক্ষিততে ২০০৭ চনৰ ২৫ জুনত ৰাজ্যৰ ২৭ টা বিভাগৰ ২৯ টা বিষয় জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ সৈতে সংলগ্ন কৰিবলৈ তদানীন্তন কংগ্ৰেছ চৰকাৰে সিদ্ধান্ত লৈছিল। অৱশ্যে উক্ত সিদ্ধান্ত বাস্তৱত ৰূপায়ণ নহ’ল। এইদৰে চৰকাৰী অৱহেলাৰ মাজেৰে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তসমূহ জিলা পৰিষদসমূহক ক্ষমতাহীন কৰিব বিচৰা কার্য বিশেষভাৱে তাত্পর্যপূর্ণ হৈ পৰিছে। এনে প্রেক্ষাপটতে আজি ৰাজ্যৰ বিভিন্ন জিলা পৰিষদৰ প্রতিনিধিসকলে গুৱাহাটীত এখন বিশেষ বৈঠকত মিলিত হৈ চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ প্রতিবাদ কৰে। প্রয়োজনবশতঃ তেওঁলোকে ৰাজপথলৈ ওলাই আহিব বুলিও আজি চৰকাৰক সকীয়াই দিয়ে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment