বিধায়কক বাংলাদেশী আখ্যাঃআমছুৰ সভাপতি আজিজুৰ ৰহমানৰ তীব্ৰ গৰিহণা


নীলবাগান, ১৪ আগষ্ট, ২০১৬ঃ 
‘কেৱলমাত্র সংখ্যালঘুবিধায়ক হোৱাৰ বাবে বাংলাদেশী বুলি আখ্যায়িত কৰি বিধানসভাৰ মজিয়াৰ পৰা উলিয়াই দিয়া হৈছে, এই ঘটনা অতি দুখজনক৷ বিজেপি বিধায়ক ৰমাকান্ত দেউৰী আৰু পীযুষ হাজৰিকাৰ লগতে কালিৰ ঘটনাক সদৌ অসম সংখ্যালঘূ ছাত্র ইউনিয়ন চমুকৈ আমছুৱে তীব্ৰ ভাষাৰে গৰিহণা দিছো৷ এজন বিদেশী বা বাংলাদেশী ব্যক্তি কেতিয়াও বিধানসভালৈ ৰ্নিবাচিত হৈ আহিব নোৱাৰে,  নির্বাচিত ব্যক্তি তথা বিধায়কজনক বাংলাদেশী আখ্যায়িত কৰি বিজেপিৰ এইসকলে অসমৰ সমগ্র মুছলমান জাতিটোক অপমান কৰিছে। অসম বিধানসভাৰ অধ্যক্ষই পক্ষপাতমূলক আচৰণ কৰিছে। গতিকে আমি অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ হস্তক্ষেপ কামনা কৰিছো৷ – এই মন্তব্য আমছুৰ কেন্দ্রীয় সমিতিৰ সভাপতি আজিজুৰ ৰহমানৰ৷ আজি দুপৰীয়া নীলবাগানত আয়োজিত সংবাদমেলত আমছৰ কেন্দ্রীয় নেতাগৰাকীয়ে কয় যে এটা জাতিক অপমান কৰা আমছুৱে কেতিয়াও সহ্য কৰিব নোৱাৰে। যদি অসম বিধানসভাৰ অধ্যক্ষ আৰু মুখ্যমন্ত্ৰীয়ে উচিত পদক্ষেপ গ্রহণ নকৰে, তেন্তে আমছুৱে ইয়াৰ প্ৰত্যুত্তৰ দিব। সমগ্র অসমজুৰি গণতান্ত্রিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি কেন্দ্রীয় সভাপতিজনে মন্তব্য কৰে। সংবাদমেলত কয়-কালিৰ বিধানসভাৰ প্রশ্ন উত্তৰ সন্দৰ্ভত কয়-অবৈধ দখল উচ্ছেদ হ'ব লাগে আমাৰ পূর্ণ সমর্থন আছে। কিন্তু বানপানী আৰু গৰাখহনীয়াত ক্ষতিগ্রস্ত হৈ প্রায় এক লাখ ত্ৰিছ আছে। এই লোকসকলক আগতে পুনৰ সংস্থাপন দিব লাগিব। 

এইসকলক পুনৰ সংস্থাপন দিয়াৰ বিপৰীতে বিজেপিয়ে এই পৰিয়ালসমূহৰ মানুহক উচ্ছেদ কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে সেই ষড়যন্ত্র গ্রহণযোগ্য নহয়। আমছুৰ কেন্দ্রীয় সমিতিৰ সম্পাদক মনোৱাৰ হুছেইন, গিয়াছ উদ্দিন তাফাদাৰ, হোজাই জিলা সমিতিৰ সভাপতি ফাহিম ইকবালকে ধৰি অন্যান্য বিষয়ববীয়াৰ সন্মুখত কেন্দ্ৰীয় সভাপতি আজিজুৰ ৰহমানে কয় - গৰাখহনীয়াত ক্ষতিগ্রস্ত হৈ বিভিন্ন ঠাই অঞ্চল তথা শিবিৰত আশ্রয় লৈ থকা পৰিয়ালবোৰক আগতে পুনৰ সংস্থাপন দিয়ক,কিয়নো বহুতো চৰকাৰী ভূমিতো আশ্রয় লৈ আছে। পাছত উচ্ছেদ অভিযান চলাওক তাত আমছুৰ আপত্তি নাই। অন্যথা ইয়াৰ ফল চৰকাৰে ভুগিব লাগিব বুলি কেন্দ্রীয় সভাপতিয়ে মন্তব্য কৰে। তেওঁ কয়- যেতিয়া বিধানসভাত অসাংবিধানিক শব্দ এটা উচ্চাৰণ কৰা হয়, তেতিয়া সেইটো অধ্যক্ষই কর্তন কৰি দিব লাগে, কিন্তু তাকে নকৰি শ্বেৰমান আলী কেৱল মাত্র সংখ্যালঘু সম্প্রদায়ৰ বিধায়ক হোৱাৰ বাবে শ্বেৰমান আলীক মাৰশ্বাল লগাই অধ্যক্ষই বিধানসভাৰ মজিয়াৰ পৰা উলিয়াই দিছে। ই অতি মৰ্মান্তিক  বেদনাদায়ক অথচ নিন্দনীয় ঘটনা। সংখ্যালঘুক বিজেপিয়ে যদি পদে পদে হাৰাশাস্তি কৰি আহে, তেন্তে আমছু বহি নাথাকে। অসমজুৰি তীব্র গণআন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব। বিধায়ক পীযুষ হাজৰিকা আৰু ৰমাকান্ত দেউৰীয়ে অসমৰ সংখ্যালঘু সম্প্রদায়ৰ ৰাইজৰ সন্মুখত নিঃস্বার্থে মুকলিকৈ ক্ষমা খোজাৰ দাবী উত্থাপন কৰে। সংবাদমেলত আমছুৰ কেন্দ্রীয় সমিতি আৰু হোজাই জিলা সমিতিৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত আছিল।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment