অসমত আছে ৬৫ লাখ বাংলাদেশীঃপ্ৰব্ৰজনবিৰোধী মঞ্চ অসম

গুৱাহাটী, ১৫ আগষ্ট, ২০১৬ঃ 
চৰকাৰী তথ্য মতেই অসমত ৬৫ লাখ অবৈধ বাংলাদেশী আছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনা সদনৰ শূন্যকালীন সময়ত চৰকাৰী ভূমি বেদখল সন্দৰ্ভত ছিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়াই উত্থাপন কৰা প্রশ্নৰ পিছত সদনত যি  পৰিস্থিতিৰ সৃষ্টি হ’ল, সেই ঘটনাই অসমত বাংলাদেশী লবী কিমান শক্তিশালী হৈ উঠিছে সেয়া  প্রমাণ কৰিছে।’ —এই মন্তব্য প্ৰব্ৰজনবিৰোধী মঞ্চ  অসমৰ আহায়ক তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমনু হাজৰিকাৰ। দেওবাৰে বৰপেটা প্রেছ ক্লাবত প্ৰব্ৰজনবিৰোধী মঞ্চ অসম ঐতিহ্য ক্ষেত্র উন্নয়ন মঞ্চৰ সহযোগত অনুষ্ঠিত এখন নাগৰিক সভাত অংশগ্রহণ কৰি জ্যেষ্ঠ অধিবক্তা হাজৰিকাই কয় যে অসমৰ বেদখলৰ দৰে অতি স্পর্শকাতৰ বিষয় এটা সদনৰ প্রথম এজেণ্ডা হ’ব লাগিছিল যদিও সেয়া নকৰি এই বিষয়টাে শূন্যকালীন সময়ত আলোচনা হোৱাটো অতি দুভাগ্যজনক। প্রসংগক্রমে উচ্চতম ন্যায়ালৰ জ্যেষ্ঠ অধিবক্তগৰাকীয়ে কয় যে চৰকাৰী তথ্য অনুসৰি অসমত আছে ৬৫ লাখ অবৈধ বাংলাদেশী। এই বাংলাদেশীসকলে অসমৰ খিলঞ্জীয়াৰ ভূমি আৰু সম্পদৰ অধিকাৰ কাঢ়ি নিয়াৰ বাবে অহৰহ প্রচেষ্টা অব্যাহত ৰাখিছে। বাংলাদেশীৰ এই আগ্রাসনে অসমৰ খিলঞ্জীয়া ৰাইজক সংখ্যালঘুত পৰিণত কৰিবলৈ ওলাইছে। তৎসত্ত্বেও চৰকাৰে এই নাই। এই ভয়াৱহ সমস্যাটো সমাধান কৰিবলৈ হ’লে ১৯৫১ চনক ভিত্তিবর্ষ কৰি খিলঞ্জীয়া লোকসকলৰ বাবে সাংবিধানিক ৰক্ষাকবচ প্রৱর্তন কৰিলেহে এই আগ্রাসন ৰোধ কৰিব পৰা যাব। অন্যথা ইয়াৰ গত্যন্তৰ নাই। ভাষণ খিলঞ্জীয়া লোকসকলৰ বাবে চুবুৰীয়া ৰাজ্য অৰুণাচলমেঘালয় চৰকাৰে যদি খিলঞ্জীয়াৰ সাংবিধানিক নোৱাৰে বুলিও প্রশ্ন উত্থাপন কৰে। বালাংদেশীৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে ১৯৯৩ চনতে প্রয়াত প্রাক্তন মুখ্য মন্ত্রী হিতেশ্বৰ শইকীয়াই অসমত ৩৩ লাখ বাংলাদেশী থকা বুলি কৈছিল। ২০০৪ চনত ১৪ জুলাইতে সেই সময়ৰ ইউ পি এচৰকাৰৰ গৃহ ৰাজ্যমন্ত্রী প্রকাশ জয়ছোৱালে অসমত ৫০ লাখ বাংলাদেশী থকা বুলি সদনত উল্লেখ কৰিছিল। শাসনত থকা চৰকাৰৰ দায়িত্ববাহী মন্ত্ৰীয়ে এনে তথ্য উল্লেখ কৰাৰ পিছতো দিল্লী-দিছপুৰৰ কোনো এখন চৰকাৰে বিদেশী বহিষ্কৰণৰ বাবে বিশেষ পদক্ষেপ গ্রহণ নকৰিলে। যাৰ বাবে এই সমস্যাই আজি অসমত ভয়াৱহ ৰূপ ধাৰণ কৰিব পালে। 
তেওঁ কয় যে দীর্ঘ দিনৰ অন্তত অসমৰ ৰাইজে এখন স্বার্থত শৰাইঘাটৰ শেষ ৰণ বুলি নির্বাচনী যুঁজত অৱতীর্ণ হোৱা চৰকাৰখনে এতিয়া এই বিষয়সমূহ বিধানসভাৰ মজিয়ালৈ নি আলোচনাৰ জৰিয়তে সমাধা কৰিব লাগে। বিধানসভাই এনে এখন আইন প্রণয়ন কৰক য’ত খিলঞ্জীয়া লোকসকলৰ স্থায়ী ৰক্ষাকবচ নিৰুপণ হয়। এই স্পর্শকাতৰ সমস্যাসমূহৰ যেতিয়ালৈকে সমাধান সূত্র নোলায় তেতিয়ালৈকে অসমৰ ৰাইজে সংঘবদ্ধ হৈ সংগ্রাম কৰি যাব লাগিব মন্তব্য আগবঢ়ায় হাজৰিকাই। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰসংগ উল্লেখ কৰি জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে অসমত চলি থকা ৰাষ্ট্ৰীয় নগাৰিক পঞ্জী উন্নীতকৰণৰ কামত সন্দেহজনক বাংলাদেশীয়ে ভুৱা নথি-পত্ৰৰে নাম অন্তর্ভুক্ত কৰিবলৈ অপচেষ্টা চলাই আহিছে। নথি-পত্ৰসমূহ পৰীক্ষণৰ সময়ত বিষয়াসকলক যথেষ্ট চোকা দিবলৈ আহ্বান জনাই তেওঁ ইয়াৰ বাবে চৰকাৰক এখন কমিছন গঠন কৰি অনুসন্ধান কৰিবলৈ পৰামর্শ আগবঢ়ায়। ভাষণ প্রসংগত তেওঁ সন্দেহজনক বাংলাদেশীয়ে জন্মৰ ভুৱা প্রমাণ-পত্র, ভোটাধিকাৰ, ভূমিৰ অধিকাৰকে ধৰি বিভিন্ন চৰকাৰী সা-সুবিধা কেনেদৰে লাভ কৰে, তাৰো এক উচ্চ পর্যায়ৰ অনুসন্ধানৰ অতিকে প্রয়োজন আছে বুলি উল্লেখ কৰে। পাটবাউসী শ্ৰীশ্ৰী দামোদৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ গুৰুকৃষ্ণ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত নাগৰিক সভাৰ আৰম্ভণিতে সভাৰ উদ্দেশ্য বাখ্যা কৰে স্বজাতি আন্তঃগাঁথনি গোট আৰু ঐতিহ্য ক্ষেত্র উন্নয়ন মঞ্চৰ অধ্যক্ষ হৰেকৃষ্ণ তালুকদাৰে। সভাত সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ অধিকাৰী, বৰপেটা জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি গোবিন্দ তালুকদাৰ, বৰপেটা সাহিত্য সভাৰ সভাপতি দীনেশ দাস, সুন্দৰীদিয়া সত্ৰৰ প্রতিনিধি ডিম্বেশ্বৰ মেধি, মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্রাক্তন অধ্যাপক কেশৱ চন্দ্র ডাকুৱাকে ধৰি কেইবাগৰাকীও বক্তাই ভাষণ দিয়ে। আজিৰ সভাই হৰেকৃষ্ণ তালুকদাৰ আৰু চন্দন কুমাৰ পাঠকক প্ৰব্ৰজনবিৰোধী মঞ্চ, অসমৰ বৰপেটা জিলা সমিতিৰ আহায়কৰ দায়িত্ব প্রদান কৰে। 

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment