গুৱাহাটী, ১৫ আগষ্ট, ২০১৬:
‘‘সমূহ
জাতি-ধৰ্ম-বৰ্ণ-ভাষাৰ মিলন ভূমি ভাৰতবৰ্ষ হৈছে বিশ্বৰ বুকুত এখন বৃহত্ গণতন্ত্ৰৰ এক
বাস্তৱ নিদৰ্শন৷ আমি সকলোৱে শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ত্ববোদ অটুট ৰাখি শান্তিৰে
থকাটো কামনা কৰো৷ কোনোবা দল-সংগঠন বা ব্যক্তিবিশেষে আমাৰ সংখ্যালঘু জনগোষ্ঠীৰ লোকক
ভাৰতীয় কওঁক বা নকওঁক আমি তাৰ প্ৰতি ভ্ৰুক্ষেপ নকৰো৷ আমি নিজে জানো আমি ভাৰতীয় হয়,
আমি অসমীয়া হওঁ৷ গতিকে আমি ভাৰতবৰ্ষৰ অখণ্ডতাক বিঘ্নত কৰিব পৰা কোনো শক্তিকে
প্ৰশ্ৰয় নিদিওঁ আৰু যদি তেনেকুৱা কোনো দুষ্ট চক্ৰ অসম বা ভাৰতবৰ্ষত সোমাব বিচাৰি
আছে তেন্তে অন্তত আমি অসমৰ সংখ্যালঘু জনসাধাৰণে সেই অপশক্তিক প্ৰশ্ৰয় দিয়াৰ প্ৰশ্নয় নাহে আৰু তেনে শক্তিক
আমি কঠোৰ হাতেৰে শাস্থি দিয়াৰ বাবেও প্ৰস্তুত আছো৷’’-লখিমপুৰ জিলাৰ ইয়াহ্ইয়া-উল-উলুম
হাফিজিয়া মাদ্ৰাছা, ২ নং অহমদপুৰত ৭০ তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি এই মন্তব্য
আগবঢ়ায় সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ সভাপতি আজিজুৰ ৰহমানে৷
স্বাধীনতা
দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী মহানগৰ জিলা সমিতিৰ অন্তৰ্গত নটবমা আঞ্চলিক সমিতিৰ
উদ্যোগত আমছুৰ উপদেষ্টা মাননীয় আব্দুল মতিন আহেমদ, কেন্দ্ৰীয় সাধাৰণ সম্পাদক
ৰেজাউল কৰিম সৰকাৰৰ উপস্থিতিত স্বাধীনতা দিৱস উদযাপন কৰা হয়৷
গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি মিন্নাতুল ইছলামে আত ধৰা অনুষ্ঠানটিত পতাকা উত্তোলন কৰে আমছুৰ উপদেষ্টা মাননীয় আব্দুল মতিন আহেমদে৷ পতাকা উত্তোলন কাৰ্যসূচীৰ অন্তত উপদেষ্টা মাননীয় আব্দুল মতিন আহেমদ আৰু সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰৰ উপস্থিতিত নটবমা আঞ্চলিক সমিতিৰ সদস্য সকলে হাতীগাঁওৰ নটবমাৰ পৰা এক বাইক ৰেলী কৰি গোটেই মহানগৰতে ‘ভাৰত মাতা কি জয়’, ‘বন্দেমাতাৰম’, ‘জয় আই অসম’ আদি ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰে৷ উক্ত অনুষ্ঠানত উপস্থিত থাকি সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰৰ আৰু গুৱাহাটী মহানগৰ জিলা সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক শাকিল আহমেদে স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশবাসী আন্তৰিক অভিনন্দন জ্ঞাপন কৰে৷

আমছুৰ কেন্দ্ৰীয়
সমিতিৰ আন এগৰাকী সাধাৰণ সম্পাদক আইনুদ্দিন আহমেদে তেওঁৰ গৃহ জিলা দৰংৰ
খাৰুপেটীয়াত ৭০ তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি কয় যে-‘‘স্বাধীনতাৰ ৭০ টা
বছৰ পাৰ হৈ যোৱাৰ পিছতো আমি আজিলৈকে দৰিদ্ৰতা আৰু দুৰ্নীতিৰ পৰা স্বাধীনতা লাভ
কৰিব নোৱাৰিলো৷ মহামানৱ মহাত্মা গান্ধীৰ সপোন যেন সপোন হৈয়ে থাকিব৷ গতিকে আমি
সকলোৱে এই পৰাধীনতা পৰা স্বাধীন হ’বলৈ জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে দেশৰ
উন্নয়নৰ স্বাৰ্থত কাম কৰি যাব লাগিব৷’’ লগতে আমছুৰ প্ৰতিখন জিলাত কেন্দ্ৰীয় সমিতিৰ
বিষয়ববীয়া সকলে উপস্থিত থাকি পতাকা উত্তোলন কৰে আৰু প্ৰতিখন আঞ্চলিক সমিতিৰ
উদ্যোগতো উলহ-মালহেৰে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি এই দিৱস পালন কৰি ৰাইজক
এক শান্তিৰ বাৰ্তা প্ৰেৰণ কৰে৷
facebook
twitter
google+
fb share