৭০ তম স্বাধীনতা দিৱস উপলক্ষে দেশবাসীক উদ্দেশ্যি ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ গুৰুত্বপূৰ্ণ আহবান
সমাজৰ দুৰ্বল শ্ৰেণীৰ ওপৰত বৰ্ধিত আক্ৰমণ, বিভাজনমুখী কাৰ্যকলাপত উদ্বিগ্ন ৰাষ্ট্ৰপতি

ৱেব ডেস্ক, ১৫ আগষ্ট, ২০১৬ঃ দেশবাসীয়ে পালন কৰিব ৭০সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ উপলক্ষে ৰাষ্ট্রপতি প্ৰণৱ মুখাজীয়ে দেশবাসীক সম্বোধন কৰি স্বাধীনতা সংগ্রামৰ সেই মহানবীৰসকলক শ্রদ্ধাৰে সোঁৱৰণ কৰে। বিগত চাৰি বছৰত এটা দলৰ পৰা আন এটা দল, এখন চৰকাৰৰ পৰা আন এখন চৰকাৰ আৰু এটা প্রজন্মৰ পৰা আন এটি প্রজন্মই শান্তিপূর্ণভাৱে ক্ষমতা হস্তান্তৰৰ লগতে এক সুস্থিৰ আৰু প্রগতিশীল গণতন্ত্ৰৰ ছবিত প্রতিষ্ঠিত হৈছে বুলি ৰাষ্ট্রপতি মুখাজীয়ে ভাষণ উল্লেখ কৰি কয় যে পৃথক ৰাজনৈতিক চিন্তাধাৰাৰ সত্ত্বেও মই শাসনাধিষ্ঠিত চৰকাৰ আৰু বিৰোধীক দেশৰ বিকাশ, একতা, অখণ্ডতা আৰু সুৰক্ষাৰ স্বাৰ্থত ঐক্যবদ্ধ হৈছে। সদ্যসমাপ্ত সংসদৰ অধিৱেশনত পণ্য আৰু সেৱা কৰ (জিএছাট) প্রণয়ন কৰিবলৈ সংশোধনী বিধেয়ক গৃহীত হোৱাটোৱে আমাৰ গণতন্ত্ৰৰ পৰিপক্কতাক প্রতিফলিত কৰিছে। এই চাৰি বছৰত দেশত অস্থিৰতা বিভাজনআৰু অসহিষ্ণুতাৰ পৰিবেশ সৃষ্টিকৰিব বিচৰা কিছুশক্তিয়ে মূৰ দাঙি উঠা প্রত্যক্ষ হৈছে। ৰাষ্ট্ৰৰ প্রকৃতি বিৰোধী কাম, যেনে-সমাজৰ দুৰ্বল শ্রেণীৰ ওপৰত আক্রমণ কঠোৰভাবে নিয়ন্ত্রিত হোৱা উচিত। মহিলা আৰু শিশুসকলক প্রদান কৰা সুৰা আৰু নিৰাপত্তাই দেশ আৰু সমাজৰ সুখ-শান্তি নিশ্চিত কৰে। শিশু আৰু মহিলাৰ ওপৰত হোৱা প্রতিটো আক্রমণৰ ঘটনাই সভ্যতাৰ আত্মাত আঘাত হানে। এই দিশত বিফল হ’লে কেতিয়াও সভ্য সমাজৰ বাসিন্দা বুলি ক’ব নোৱাৰি বুলি উল্লেখ কৰি ৰাষ্ট্রপতিগৰাকীয়ে কয় যে গণতন্ত্রৰ অর্থ চৰকাৰ নিৰ্বাচনৰ বাবে সময়ে সময়ে ভোটদান কৰা কাৰ্যতকৈ কেইবাগুণো ব্যাপক। স্বাধীনতাৰ বৃহৎ বৃক্ষক গণতন্ত্ৰৰ বিভিন্ন সংস্থাৰ দ্বাৰা নিৰন্তৰভাৱে লালন-পালন কৰা উচিত। সমাজ উদ্দেশ্যপ্রণোদিত অপচেষ্টাইপ্রতিষ্ঠানগত প্রহসন আৰু সাংবিধানিক বেমেজালি সৃষ্টিৰ বাহিৰে আন একো কৰিব নোৱাৰে

সংবিধানত ৰাষ্ট্রৰ প্রত্যেকৰে কৰ্তব্য আৰু দায়িত্ব নিৰ্ধাৰণ কৰা আছে। ৰাষ্ট্ৰৰ প্রশাসনিক আৰু প্রতিষ্ঠানগতপৰম্পৰা সংস্থাপিত কৰিছে। বিষয়ববীয়াসকলে নিজৰ কৰ্তব্য ৰূপায়ণত এই মর্যাদা পালন কৰি সংবিধানৰ মূল ভাবনাক অক্ষুণ্ণ ৰাখিব লাগে এক অনন্য বিশেষত্বই ভাৰতক একতাৰ দোলেৰে বান্ধি ৰাখিছে আৰু সেয়া হ’ল প্রত্যেকৰে সংস্কৃতি, মূল্য আৰু বিশ্বাসক সন্মান জনোৱা। অনৈক্যৰ মাজত ঐক্যৰ প্রধান তত্ত্ব আমাৰ বিবিধতাৰ প্রতি সহিষ্ণুতা প্রকাশ কৰা আৰু অনৈক্যক মহত্ত্ব প্রদান কৰাৰ মাজত অন্তনিহিত হৈ আছে। আধুনিক বিজ্ঞান আৰু ধর্মীয় এনাজৰীৰ সমন্বয়েৰেহে মাথো এখন সুস্থ সমাজ গঢ়ি তুলিব পাৰি। সপোনৰ ভাৰতবৰ্ষখন নির্মাণৰ বাবে আমি ভাগ্যক হাতৰ মুঠিত ৰাখিব লাগিব সুস্থিৰ ৰাজনৈতিক ইচ্ছাশক্তিৰ জৰিয়তে এনে এক ভৱিষ্যৎ নির্মাণ কৰিব লাগিব, যিয়ে ৭ কোটি যুৱক-যুৱতীক আর্থিকভাৱে সবল কৰিব আৰু এখন ডিজিটেল ইণ্ডিয়া, ষ্টার্ট-আপ ইণ্ডিয়া আৰু স্কিল ইণ্ডিয়া নির্মাণ কৰিব। শতাধিক স্মার্ট চিটী, নগৰ আৰু গাঁও নির্মাণ কৰি আছো, কিন্তু আমি এই কথাও নিশ্চিত কৰিব লাগিব যে এই চহৰ, নগৰ আৰু গাঁওসমূহ মানৱীয়, হাইটেক আৰু শান্তিপূর্ণ স্থান হিচাপে চিহ্নিত হ’ব, য’ত ঔদ্যোগিক বিকাশৰ সমান্তৰালকৈ সুস্থিৰ সামাজিক পৰিৱেশ বিৰাজ কৰিব বৈজ্ঞানিক চিন্তাধাৰাৰ সৈতে খাপ নোখোৱা সিদ্ধান্তক পৰিহাৰ কৰি এক বৈজ্ঞানিক প্রবৃত্তিক উদগনি যোগাব লাগিব আৰু ইয়াক অধিক শক্তিশালী কৰিব লাগিব। স্থিতাৱস্থাক প্রত্যাহবান জনাবলৈ আৰু অদক্ষতা তথা আসোৱাহ পূর্ণ কার্যক অস্বীকাৰ কৰিবলৈ শিকিব লাগিব। এক কিছু ধৈর্য প্রয়োজনীয় গুণ ভাৰতে তেতিয়াহে বিকাশ লাভ কৰিব, যেতিয়া সমগ্ৰ ভাৰত বিকশিত হব। দেশৰ পিছপৰা লোকসকলৰ এই বিকাশ যাত্ৰাত জড়িত কৰিব লাগিব। আহত আৰু পথভ্রষ্ট লোকসকলক মূল সুতিলৈ ওভতাই আনিব লাগিব। প্রযুক্তিগত উন্নয়নৰ এক যুগত, মানুহৰ স্থান যন্ত্রই অধিকাৰ কৰিব ধৰিছে। ইয়াৰ পৰা হাত সৰাৰ একমাত্র উপায় হল জ্ঞান আৰু দক্ষতা অর্জন কৰা আৰু নতুনত্বক আঁকোৱালি লোৱা। জনসাধাৰণৰ আশা-আকাংক্ষাসমূহৰ লগত জড়িত সামগ্রিক অভিনৱত্বই সমাজৰ বৃহৎসংখ্যক লোকক লাভান্বিত কৰাৰ সমান্তৰালভাৱে বৈচিত্র্যকো সংৰক্ষণ কৰিব পাৰে। এক ৰাষ্ট্ৰৰ হিচাপত আমি সৃষ্টিশীলতা, বিজ্ঞান আৰু প্রযুক্তিগত দিশৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবই লাগিব। এই ক্ষেত্ৰত আমাৰ বিদ্যালয় আৰু উচ্চ শিক্ষা প্রতিষ্ঠানসমূহৰ এক বিশেষ দায়িত্ব আছে। বর্তমান সময়ত বৈদেশিক নীতিৰ যথেষ্ট সক্রিয়তা পৰিলক্ষিত হৈছে। আমি আফ্রিকাৰ লগতে এছিয়া-পেচিফিকৰ প্রচেষ্টা অব্যাহত ৰাখিছো। আমাৰ চুবুৰীয়া প্রথম নীতিৰ পৰা কেতিয়াও আতৰি নাহে। ইতিহাস, সংস্কৃতি, সভ্যতা আৰু ভূগোলৰ অতি ঘনিষ্ঠ সম্বন্ধই দক্ষিণ এছিয়াৰ লোকসকলৰ নিকট ভৱিষ্যৎ নির্মাণ কৰা আৰু সমৃদ্ধিৰ দিশে ঐক্যবদ্ধতাৰে অগ্রসৰ হোৱাৰ বিশেষ সুযোগ প্রদান কৰে। এই সুযোগ কোনো পলম নকৰাকৈ শীঘ্ৰেই গ্রহণ কৰিব লাগিব। ভাৰতৰ বৈদেশিক নীতিয়ে সদায় শান্তিপূর্ণ সহাৱস্থান আৰু অর্থনৈতিক আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে প্রযুক্তি আৰু সম্পদ আহৰণতেই গুৰুত্ব আৰোপ কৰি আহিছে। বর্তমান শক্তি নিৰাপত্তা বৃদ্ধিৰ গুৰুত্ব আৰোপ কৰা হৈছে। একেদৰে খাদ্য সুৰক্ষা প্ৰচাৰ আৰু আমবিকাশৰ মুখ্য কাৰ্যসূচীক কৰা পৰিলক্ষিত হৈছে। বিশ্বত সেইধৰণৰ সন্ত্রাসবাদী কার্যকলাপ দ্রুতগতিত বৃদ্ধি পাইছে, যিবোৰে ধৰ্মৰ ভিত্তিত লোকসকলক সন্ত্রাসত যোগ দিয়াৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছে। এই শক্তিবোৰে ধৰ্মৰ নামত নিৰীহ লোকসকলৰ হত্যা কৰাৰ উপৰি ভৌগোলিক সীমা সলনি শান্তিবিনাশকাৰী কাৰকহিচাপে পৰিগণিত হৈছে। এনে গোটৰ অমানৱীয়,মূৰ্খতাপূর্ণ আৰু বৰ্ব্বতাপূর্ণ কার্যকলাপ শেহতীয়াভাৱে ফ্রান্স, বেলজিয়াম, আমেৰিকা, নাইজেৰিয়া, কেনিয়া আৰু আমাৰ চুবুৰীয়া দেশ ক্রমে আফগানিস্তান আৰু বাংলাদেশতো দেখিবলৈ পোৱা গৈছে। এই শক্তিসমূহ এতিয়া সকলো দেশৰ বাবেই এক ভাবুকিস্বৰূপ হৈ পৰিছে।সমগ্র বিশ্বইবিনাচর্তে আৰু ঐক্যবদ্ধভাৱে ইয়াক প্রত্যাহবান জনাব লাগিব।
facebook
twitter
google+
fb share