
ৱেব ডেস্ক, ৯ চেপ্টেম্বৰ, ২০১৬ঃ মায়ঙৰ হাতীমূৰীয়াৰ লগতে হিলৈখুন্দাত চৰকাৰী ভূমিত বাস কৰি থকা সংখ্যালঘু লোকসকলক উচ্ছেদক লৈ এটা ৰাজনৈতিক অপশক্তিয়ে অহৰহ কাম কৰি গৈছে। বানা-খহনীয়াত সর্বস্বন্তি হােৱা এইসকল সংখ্যালঘু লোকক সন্দেহজনক লোক আখ্যা দি গৃহহীন পৰিয়ালসকলক উচ্ছেদৰ বাবে অপশক্তিটােৱে চৰকাৰক হেঁচা প্রয়োগ কৰি আহিছে। এই মন্তব্য সদৌ অসম সংখ্যালঘূ ছাত্র ইউনিয়ন চমুকৈ আমাছৰ সভাপতি আজিজুৰ ৰহমানৰ। নিৰীহ সংখ্যালঘু লোকসকলক পনবন্দী কৰি যি হাৰাশাস্তি কৰি আহিছে সেয়া কোনোপধ্যে সহ্য কৰা নহ’ব বুলি সকীয়াই দিয়ে সভাপতিগৰাকীয়ে। উল্লেখ্য যে আমছুৰ সভাপতি আজিজুৰ ৰহমানৰ নেতৃত্বত আজি এটা সঁজাতী দলে হিলৈখুন্দৰ বিবাদমান ভূমিত উপস্থিত হৈ পনবন্দী হৈ থকা ৩৩৫টা সংখ্যালঘু পৰিয়ালৰ পৰিস্থিতিৰ বুজ লয়। চৰকাৰী ভূমিত দীর্ঘ বছৰ ধৰি বাস কৰি থকা লোকসকলক লৈ সম্প্রতি যি ষড়যন্ত্ৰ চলিছে তাত সংখ্যালঘু লোকসকল শংকিত হৈ পৰিছে। এতিয়া উক্ত পৰিয়ালসকল জীবন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ অনিহাত দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে। আমছুৰ সঁজাতী দলটােৱে সংখ্যালঘু পৰিয়ালসকলৰ মনৰ কথা বুজ লৈ উক্ত পৰিয়ালসকলক আহি উচ্ছেদ কৰা হয়, তেন্তে উচ্ছেদৰ পূর্বে সকলোকে ভূমি আবণ্টন দি পুনৰ সংস্থাপন দিয়াৰ দাবী তােলে।

সভাপতিজনে জানিবলৈ দি কয় যে হিলৈখুন্দাত বাস কৰা লোকসকল কোনো বাংলাদেশী নহয়। ষড়যন্ত্রমূলকভাৱে এটা শক্তিয়ে বাংলাদেশী সজাব বিচাৰিছে। দৰং জিলাত যোৱা ১৯৯৭, ১৯৯৮ আৰু ১৯৯৯ চনত বান আৰু খহনীয়াত সর্বস্বান্ত হৈছিল পৰিয়ালৰ লোকসকল। দৰঙৰ গছবাৰী, পিয়াজবাৰী আৰু কাজিয়াৰ চ’ৰাত বাস কৰা লোকসকল খহনীয়াত গৃহহীন হােৱা ২০০০ চনত ৩৩৫টা পৰিয়ালক হিলৈখুন্দাত আশ্রয় দিয়ে প্রশাসনে। উক্ত অঞ্চলটােত গঢ়ি উঠিছে দুখন প্রাদেশীকৃত প্রাথমিক বিদ্যালয়, দুখন স্বাস্থ্যকেন্দ্ৰ আৰু এখন এম ই মাদ্ৰাছ। দীর্ঘবছৰ ধৰি বাস কৰা লোকসকল উক্ত স্থানত শান্তিপূর্ণ তথা স্থায়ীভাৱে বাস কৰি আছিল। কিন্তু হঠাৎ চৰকাৰ পৰিৱৰ্তন হােৱাৰ লগে লগে এটা ৰাজনৈতিক অপশক্তিয়ে সংখ্যালঘু লোকসকলক বাংলাদেশী সজাইভিতিগ্রস্ত কৰাৰ যড়যন্ত্র চলাইছে বুলি আমছুৰ সভাপতিজনে কয়। আমছুৰ সঁজাতী দলটােত আছিল সভাপতি আজিজুৰ ৰহমান, সাধাৰণ সম্পাদক আইনুদ্দিন আহমেদ, কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি মিন্নাতুল ইছলামকে ধৰি কেইবাজনো নেতা।
facebook
twitter
google+
fb share