দুৰ্নীতিগ্ৰস্ত পাঁচজন ডি টি অ’ক নিলম্বন

বিভাগীয় পৰ্যালোচনা বৈঠকত কেলেংকাৰী উন্মোচিত হোৱাত মন্ত্ৰী পাটোৱাৰীৰ কঠোৰ সিদ্ধান্ত
ৱেব ডেস্ক, ১০ চেপ্টেম্বৰ, ২০১৬ঃ বলিউডৰ জনপ্রিয় হিন্দী ছবি ‘নায়ক’ৰ দৰেই দুর্নীতিগ্রস্ত বিষয়াৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্রহণৰ এটা ঘটনা আজি বাস্তৱত ঘটিল অসমত৷ অৱশ্যে ‘নায়ক’ৰ দৰে বাস্তৱ নায়কজন মুখ্যমন্ত্রী নহয়, ৰাজ্যৰ পৰিবহণ মন্ত্রীজনহে৷ ৰাজ্যৰ প্রতিখন জিলাৰ পৰিবহণ বিষয়াসকলৰ এখন বৈঠক চলি থকাৰ মাজতে কর্তব্যত গাফিলতি আৰু ৰাজহ সংগ্রহ কৰাত ব্যর্থ হোৱা ৫ জন জিলা পৰিবহণ বিষয়াক নিলম্বন কৰে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ আনহাতে, কেইবাজনো এলেহুৱা পৰিবহণ বিষয়াক সকীয়নিও দিয়ে৷ পৰিবহণ বিভাগৰ ৰাজহ সংগ্রহকে ধৰি বিভিন্ন দিশ পর্যালোচনা কৰিবৰ বাবে আজি খানাপাৰাৰ অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যৰ সকলো জিলাৰ পৰিবহণ বিষয়াসকলৰ সৈতে মন্ত্রী পাটোৱাৰীয়ে এখন বৈঠকত মিলিত হয়৷ বৈঠক চলি থকা অৱস্থাতে মন্ত্রীজনে কর্তব্যত গাফিলতি কৰি পর্যাপ্ত ৰাজহ সংগ্রহ কৰাত ব্যর্থ হোৱা আৰু নিজ কার্যালয়ত দালালৰাজ অব্যাহত ৰখাৰ অভিযোগত বিষয়া পাঁচজনক তাৎক্ষণিকভাৱে চাকৰিৰ পৰা নিলম্বন কৰে৷ দুর্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱা মন্ত্রীজনে বৈঠক চলি থকা অৱস্থাতে তিনিচুকীয়াৰ ডি টি অ’ নৃপেন কলিতা, কার্বি আংলঙৰ ডি টি অ’ ছৈয়দ আলম, শ্রীৰামপুৰৰ ডি টি অ’ আজগৰ আলী, দীঘাৰখালৰ ডি টি অ’ মুনীন দাস আৰু বক্সিৰহাটৰ ডি টি অ’ বুবুল গগৈক নিলম্বন কৰে৷ তেওঁলোকৰ উপৰি নলবাৰী, বঙাইগাঁও আৰু কৰিমগঞ্জৰ পৰিবহণ বিষয়াকেইজনলৈ কর্তব্যত গাফিলতি কৰাৰ বাবে কাৰণ দশোর্ৱাৰ জাননী জাৰি কৰা হয়৷ তেওঁ ৰাজহুৱা অভিযোগ থকা সকলো বিষয়াৰ বিৰুদ্ধে তদন্ত কৰা হ’ব বুলিও স্পষ্ট কৰে৷ ৰাজহ সংগ্রহত গাফিলতি কৰা এই বিষয়াসকলক শাস্তি প্রদানৰ লগতে সকলো এলেহুৱা পৰিবহণ বিষয়াকো মন্ত্রীজনে সকীয়াই দিয়ে ৰাজহ সংগ্রহত গাফিলতি নকৰিবৰ বাবে৷ মন্ত্রীজনে বৈঠকত ৰাজহ সংগ্রহৰ উপৰি পথ সুৰক্ষাৰ দিশত গুৰুত্ব দিবলৈ নির্দেশ দিয়ে৷ তেওঁ কয় যে পথ সুৰক্ষাৰ দিশটোত এনফর্চমেণ্ট বিভাগে ব্যৱস্থা গ্রহণ কৰিব লাগে৷ জিলাসমূহত এনফর্চমেণ্ট বিভাগক অধিক শক্তিশালী কৰিবলৈ তেওঁ নির্দেশ দিয়ে৷ ইফালে একেস্থানতে আজি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৰাজ্যৰ প্রশিক্ষণৰত অসামৰিক সেৱাৰ বিষয়াসকলৰ সৈতে মিলিত হৈ তেওঁলোকক দুর্নীতিৰ বিৰুদ্ধে কঠোৰ হ’বলৈ আহবান জনায়৷ তেওঁ ২০১৩ আৰু ২০১৫ বর্ষত নিযুক্তিপ্রাপ্ত অসামৰিক সেৱাৰ বিষয়াসকলক সততা আৰু নিষ্ঠাসহকাৰে কাম কৰিবলৈ আহবান জনায়৷ তৃণমূল পর্যায়ত কঠোৰ কর্মসংস্কৃতিৰ নজিৰ সৃষ্টি কৰিবলৈয়ো সকলোকে মুখ্যমন্ত্রীজনে আহবান জনায়৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment