
শিলবৰী(ওৰাং)ৰ পৰা মোছাবিৰুল হক, ১০ চেপ্টেম্বৰ, ২০১৬ঃ
বিগত কেইবা মাহ ধৰি ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰি চোৰাং চিকাৰীৰ উপদ্ৰৱ যথেষ্ঠ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।বিগত জুলাই মাহত সাত জন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে এই মাহতো ছয় জনকৈ চোৰাং চিকাৰী বন বিভাগ–আৰক্ষীৰ জালত পৰিছে।একমাত্ৰ সহজে ধন ঘটাৰ উদ্দেশ্যে গঁড়ৰ দৰে আপুৰুগীয়া সম্পদ বিধক হত্যা কৰিবলৈ একাংশ যুৱক গঁড় হত্যা প্ৰক্ৰিয়াটোত জৰিত হৈ পৰিছে।একাংশ অপৰাধী চক্ৰৰ জালত ভৰি দি নতুন নতুন লোক এই জাতিধ্বংসী কামত লিপ্ত হৈ পৰাত উদ্বিগ্ন হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি–কাষৰীয়া স্থানীয় শিক্ষিত যুৱক তথা সচেতন মহল।ফলত বনজ সম্পদ সুৰক্ষাৰ স্বাৰ্থত “Anti-Forest Activities Protection Committee ”নামৰ এটা প্ৰকৃতিপ্ৰমী সংগঠন ইতিমধ্যে জন্ম লাভ কৰিছে।মোছাবিৰুল হকক সভাপতি,জয়নাল আবদিন আৰু বাহাৰুল ইছলামক সম্পাদক হিচাপে লৈ গঠন হোৱা নৱগঠিত প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে গঁড় হত্যাৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ জনমত গঠন কৰিবলৈ ৰাজহুৱা সজাগতা সভাৰ আয়োজন কৰিছে।যোৱা ১০/০৯/২০১৬ তাৰিখে ৰাষ্ট্ৰীয় উদ্যান খনৰ সমীপৱৰ্তী বেছিমাৰী গাৱত উক্ত সংগঠনটোৰ উদ্যোগত আৰু বন বিভাগৰ সহযোগত এখনি ৰাজহুৱা সজাগতা সভা অনুষ্ঠিত হৈ যায়।
শিলবৰী গাওঁ পঞ্চায়তৰ সভাপতি আবু বক্কৰ ছিদ্দিকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত দৰং জিলা বন সংমণ্ডল বিষয়া ছানী দেৱ চৌধৰী,খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ বুধীন হাজৰিকা, দলগাওঁ থানাৰ আৰক্ষী বিষয়া উপস্থিত থাকে।গাওঁখনৰ গাওঁবুঢ়া ,গাওঁৰক্ষী বাহিনী,বয়োজ্যেষ্ঠ ব্যক্তি,আমছুৰ দৰং জিলাৰ উপ সভাপতি আশ্বিক মাতবৰ উপস্থিত থকা সভাখনত কিদৰে গঁড় হত্যাত জৰিত হৈ পৰা একাংশ নতুন নতুন যুৱকক আঁতৰাই অনা যায় তাৰ বিষয়ে আতিগুৰি মাৰি আলোচনা কৰা হয়।ভাষণ প্ৰসংগত সংগঠনটোৰ সভাপতি মোছাবিৰুল হকে কয় যে ৰাষ্ট্ৰীয় উদ্যানখন আমাৰ সম্পদ।এই সম্পদৰ সুৰক্ষা দিয়াৰ প্ৰথম আৰু প্ৰধান দায়িত্ব আমাৰ গাওঁবাসী তথা স্থানীয় ৰাইজৰ।প্ৰতিজন লোকেই যদি ৰাষ্ট্ৰীয় উদ্যান খন নিজৰ বুলি ভাৱিবলৈ আৰম্ভ কৰে তেন্তে নিশ্চয় ৰাষ্ট্ৰীয় উদ্যানখনক ৰক্ষনাবেক্ষণ দিয়াত সহজ হ’ব।

আজি দেখা গৈছে গঁড় হত্যাত এনে বহু লোক জৰিত হৈ পৰিছে যি সকল কোনো দাগী অপৰাধী নাইবা উগ্ৰপন্থী সংগঠনৰ লোক নহয়। একমাত্ৰ সহজতে টকা ঘটাৰ কৌশল হিচাপে একাংশ অপৰাধীৰ প্ৰৰোচনাত লোক সকলে ঘৃণনীয় কামত লিপ্ত হৈ পৰিছে।গতিকে আমি সজাগ হবৰ হ’ল।ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতি–কাষৰীয়া লোক সকলে এনে চোৰাং চিকাৰীৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়াৰ সময় সমাগত।চোৰাং চিকাৰী নাইবা কোনো অচিনাক্ত লোকক আশ্ৰয়দান কৰিবলৈ বাৰণ কৰিবলৈ উপস্থিত ৰাইজক আহ্বান জনোৱা হয়।আনকি গাৱৰ কোনো লোক এনে কামত জড়িত হৈ পৰিলে এনে লোকক ৰাজহুৱা বৰ্জন কৰাৰো আহ্বান জনোৱা হয়।নঞাৰ্থক ধাৰণা সমূহ পৰিত্যাগ কৰি ৰাইজ আৰু বন বিভাগ একেলগে এনে কাম বোৰত আগবাঢ়িব লাগিব।বন বিভাগেও স্থানীয় লোক সকলক আস্থাত লৈ কাম কৰিব লাগিব।সভাখনত বন সুৰক্ষা আৰু গঁড় চিকাৰীৰ বিৰুদ্ধে একত্ৰিত হৈ কাম কৰাৰ বাবে ৰাজহুৱা শপত বাক্যও পাঠ কৰোৱা হয়।ইফালে দৰং জিলা বন সংমণ্ডল বিষয়া ছানী দেৱ চৌধৰীয়ে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ আশে–পাশে থকা লোক সকলৰ লগতে সমগ্ৰ অসম বাসীক গঁড় সংৰক্ষণৰ ক্ষেত্ৰত লোৱা ভূমিকা ক ধন্যবাদ জনায়।।গঁড় হত্যা বিষয়টো ঐতিহাসিক ভাৱে চালে দেখা যায় যে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে আফগানিস্তানতো এসমত বহু গঁড় আছিল,কিন্তু এতিয়া অসম বাদে আন ক’তো গঁড় সংৰক্ষিত কৰিব পৰা নাই।এয়া অসমৰ কাৰণে শুভ লক্ষণ।২০১৬ চনত ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল বুলি ঘোষিত হোৱা ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ ত্ৰিশটা বাঘ আছে বুলি উল্লেখ কৰি বন বিষয়াগৰাকীয়ে কয় যে মাটিকালি অনুপাতে ওৰাং ৰাষ্ট্ৰীয় উদ্যান বাঘৰ সংখ্যা যথেষ্ট বেছি আৰু এনে দিশত ই পৃথিৱীৰ প্ৰথম খন ব্যাঘ্ৰ বনাঞ্চল য’ত বাঘৰ ঘনত্ব মাটি অনুপাতে বহু বেছি।দলগাওঁ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে চোৰাং চিকাৰীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাৱলৈ ৰাইজৰ সহযোগ বিচাৰে।খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ বুধিন চন্দ্ৰ হাজৰিকাই নিজ ভাষণ প্ৰসংগত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন জণগণৰ সৃষ্টি বুলি উল্লেখ কৰে।আনহাতে সভাখনত গাৱ বাসীয়ে বন্যপ্ৰণীৰ উপদ্ৰৱ আৰু বিভিন্ন সমস্যা সন্দৰ্ভত বন বিভাগৰ দৃষ্টি আকৰ্ষণ কৰে।
facebook
twitter
google+
fb share