
ৱেব ডেস্ক, ৩০ চেপ্টেম্বৰ, ২০১৬ঃ১৯৭১ চনৰ পাছত হিন্দুৱেই হওক, মুছলমানেই হওক কোনো বিদেশীৰ বোজা অসমে লোৱাৰ প্রশ্নই নুঠে বুলি স্পষ্ট কৰি আজি আছুসহ ৰাজ্যৰ ২৮টা জনজাতি আৰু জনগোষ্ঠীয় সংগঠনে হিন্দু বাঙালীৰ নামত কোনো কাৰণতে অসমক বিদেশীৰ বোজা জাপি নিদিবলৈ কেন্দ্রক সতর্ক কৰি দিয়ে৷ আনহাতে, বিদেশত নির্যাতনৰ বলি হোৱা হিন্দুক সংস্থাপন দিয়া যদি ভাৰতৰ জাতীয় দায়িত্ব হয় তেন্তে অসম চুক্তি ৰূপায়ণ কৰাটোও ভাৰতৰ জাতীয় দায়িত্ব বুলি স্পষ্ট কৰি আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই অসম চুক্তি সন্দর্ভত অশ্রদ্ধাসূচক মন্তব্য নিদিবলৈ সকলোকে কঠোৰ সকীয়নি দিয়ে৷ গুৱাহাটীত আজি আছুৰ উদ্যোগত অনুষ্ঠিত হোৱা ২৮টা জনজাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ এখন বৈঠকত কেন্দ্রই নাগৰিকত্ব আইন সংশোধন কৰি হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ বাবে কৰা ষড়যন্ত্রৰ বিৰুদ্ধে ঐক্যবদ্ধ হয়৷ এতিয়াৰেপৰা এই বিষয়ত সকলো সংগঠনে ঐক্যবদ্ধভাৱে পদক্ষেপ গ্রহণ কৰিব বুলি আজি ঘোষণা কৰে৷ বৈঠকৰ পাছত অনুষ্ঠিত এক সংবাদমেলত আছুৰ মুখ্য উপদেষ্টা ড0 ভট্টাচার্যই ’৭১ৰ পাছত অসমৰ ওপৰত বিদেশীৰ বোজা জাপি নিদিবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীক কঠোৰ সকীয়নি দিয়ে৷ তেওঁ কয় যে নির্বাচনৰ পূর্বে বিজেপিয়ে ভিছন ডকুমেণ্টত অসম চুক্তি ৰূপায়ণ আৰু অসমৰ খিলঞ্জীয়া জনসাধাৰণক সাংবিধানিক ৰক্ষাকৱচ প্রদান কৰাৰ প্রতিশ্রুতি দিছিল৷ এতিয়া সেই প্রতিশ্রুতি কার্যকৰী কৰিবলৈ তেওঁ চৰকাৰক প্রত্যাহবান জনায়৷ অসমৰ খিলঞ্জীয়াক নিঃশেষ কৰিব বিচৰা যিকোনো ষড়যন্ত্রৰ বিৰুদ্ধে আজি সকলো সংগঠনে মাৰ বান্ধি থিয় দিয়া বুলিও স্পষ্ট কৰি তেওঁ এই ষড়যন্ত্রৰ বিৰুদ্ধে প্রবল আন্দোলনৰ ভাবুকিও দিয়ে৷ ড০ ভট্টাচার্যই অভিযোগ কৰে যে অসমৰ খিলঞ্জীয়াই বলিষ্ঠভাৱে মূৰ দাঙি উঠিব নোৱৰাৰ বাবে কেন্দ্রীয় চৰকাৰে হিন্দু বাংলাদেশীৰ বোজা অসমৰ ওপৰত জাপি দি দুর্বল কৰাৰ ষড়যন্ত্র কৰিছে৷ কিন্তু অসমত খিলঞ্জীয়াৰ প্রভুত্ব থাকিবই লাগিব বুলি স্পষ্ট কৰি ড০ ভট্টাচার্যই অসম চুক্তি অনুসৰি সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ দাবী কৰে৷ ইফালে অসমত বহু চেষ্টাৰ অন্তত উন্নীতকৰণৰ কাম আগবঢ়া ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ কামত বাধা দিবৰ বাবেও কেন্দ্রই হিন্দু বাংলাদেশীক সংস্থাপনৰ ষড়যন্ত্র কৰা বুলিও তেওঁ অভিযোগ কৰে৷ প্রায় তিনিটা দশকৰ বিদেশীৰ বোজা অসমে ইতিমধ্যে লোৱাৰ পাছত আৰু কোনো কৰণতে অসমৰ ওপৰত বিদেশীৰ বোজা নিদিবলৈয়ো তেওঁ কেন্দ্রক সতর্ক কৰি দিয়ে৷ বিদেশীৰ কথা ক’লেই চৰকাৰে ধর্মীয় ৰং সানিব বিচৰা বুলি অভিযোগ কৰি আছু আৰু অসমৰ অন্য খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সংগঠনসমূহ হিন্দু, মুছলমান, বাঙালীৰ বিৰোধী নহয়, কেৱল অবৈধ বাংলাদেশীৰ বিৰোধী বুলি স্পষ্ট কৰে৷ আনহাতে, অসম বাংলাদেশীৰ ডাষ্টবিন অথবা চৰণীয়া পথাৰ নহয় বুলিও স্পষ্ট কৰি অসমৰ খিলঞ্জীয়াই কেৱল অসমৰ স্বার্থৰ কথাহে জানে, ভাৰতৰ নহয় বুলিও তেওঁ কয়৷ উল্লেখযোগ্য যে হিন্দু বাংলাদেশীৰ সংস্থাপনক ঐতিহাসিক মহাভুল আখ্যা দি ২৮ টা সংগঠনে অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত একত্রভাৱে আৰু পৃথকে পৃথকে স্মাৰক-পত্র প্রেৰণ কৰিব বুলিও প্রকাশ কৰে৷ সদৌ অসম ট্রাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে কয় যে আজি সকলোৱে মাৰ বান্ধি বিৰোধ কৰাৰ সংকল্প লোৱা বুলি প্রকাশ কৰে৷ লগতে এই সন্দর্ভত মিত্রজোঁটৰ সকলো দলে নিজৰ নিজৰ স্থিতি স্পষ্ট কৰিবলৈ তেওঁ দাবী কৰে৷ ইফালে ৰাজ্যৰ বুদ্ধিজীৱীসকল এই সন্দর্ভত বহুধা বিভক্ত হোৱা বুলি উল্লেখ কৰি তেওঁ সকলোকে খিলঞ্জীয়াৰ স্বার্থত কাম কৰাৰ আহবান জনায়৷ এবছুৰ সভাপতি প্রমোদ বড়োৱে জাতিৰ এই সন্ধিক্ষণত ৰাজনীতি কৰাৰ সময় নহয় বুলি স্পষ্ট কৰি সকলোকে জাতিৰ স্বার্থত আগবাঢ়ি আহিবলৈ আহবান জনায়৷ চৰকাৰেও জনতাৰ আৱেগ-অনুভূতিক আওকাণ কৰিলে পৰিণাম ভুগিব লাগিব বুলিও তেওঁ কয়৷ ইফালে হিন্দু বাংলাদেশীক ভাৰতত সংস্থাপন দিয়াটো ভাৰতৰ জাতীয় দায়িত্ব বুলি প্রকাশ কৰাৰ সন্দর্ভত তেওঁ কয় যে চৰকাৰে কোনটো জাতিৰ বাবে এই দায়িত্ব ল’ব খুজিছে সেয়া স্পষ্ট কৰিব লাগে৷ মিছিং ছাত্র সন্থাৰ নৰেশ কুম্বিঙে কয় যে এটা সময়ত অসম অবৈধ বাংলাদেশীৰ বাবেহে বিখ্যাত হৈ পৰিব৷ উল্লেখযোগ্য যে আছুৰ উপৰি আজিৰ বৈঠকত এবছু, ট্রাইবেল সংঘ, মিছিং ছাত্র সন্থা, সদৌ অসম ট্রাইবেল যুৱ লীগ, ৰাভা ছাত্র সন্থা, তিৱা ছাত্র সন্থা, তিৱা যুৱ-ছাত্র পৰিষদ, আটাছু, আটছা, আছা, ডিমাচা ছাত্র সন্থা, কোঁচ-ৰাজবংশী ছাত্র সন্থা, মটক ছাত্র সন্থা, মৰাণ ছাত্র সন্থা, সোণোৱাল কছাৰী ছাত্র সন্থা, দেউৰী ছাত্র সন্থা, কার্বি ছাত্র সন্থা, চুতীয়া ছাত্র সন্থা, শৰণীয়া কছাৰী ছাত্র সন্থা, মদাহী ছাত্র সন্থা, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, মেছ কছাৰী জাতীয় পৰিষদ আদিয়ে অংশ লয়৷
facebook
twitter
google+
fb share