শীঘ্রে বেদখল উচ্ছেদৰ নির্দেশ


ৱেব ডেস্ক, ৩০ চেপ্টেম্বৰ, ২০১৬ঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৰাজ্যখনৰ সত্রসমূহকে আদি কৰি অন্যান্য অবৈধ বেদখল উচেছদৰ ক্ষেত্রত দৃঢ় পদক্ষেপ লোৱাৰ বাবে সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক নির্দেশ দিছে৷ আজি অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত মুখ্যমন্ত্রী সোণোৱালে এই নির্দেশ দিয়ে৷ তেওঁ লগতে গুৱাহাটী উচচ ন্যায়ালয়ৰ নির্দেশনাৰ ভিত্তিত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ দাঁতিকাষৰীয়া ঠাইৰ বেদখল উচেছদৰ বাবে লোৱা পদক্ষেপৰ বাবে নগাঁও জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অন্যান্য জিলাসমূহৰ উপায়ুক্ত তথা আৰক্ষী অধীক্ষকসকলক বেদখল উচেছদৰ দিশত ক্ষিপ্র পদক্ষেপ লোৱাৰ বাবে নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীজনে লগতে কয় যে ৰাজ্য চৰকাৰৰ বেদখল উচেছদ অভিযানৰ প্রতি ইতিমধ্যে ৰাজ্যখনৰ জনসাধাৰণে ব্যাপক সঁহাৰি প্রদান কৰিছে৷
এজন দক্ষ প্রশাসকৰ সফলতাৰ মাপকাঠী তেওঁ সম্পাদন কৰা কার্যৰ দক্ষতা আৰু সাধুতাৰ ওপৰত এশ শতাংশই নির্ভৰ কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে সকলো জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক অধিক দায়বদ্ধতাৰে ৰাজ্যখনক আগুৱাই নিয়াৰ দিশত অহোপুৰুষার্থ কৰাৰ বাবে নির্দেশ দিয়ে৷ ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়টো ৰাজ্যখনৰ তথা সমগ্র দেশখনৰ বাবে এক অত্যন্ত গুৰুত্বপূর্ণ বিষয় বুলি মন্তব্য কৰি মুখ্যমন্ত্রীজনে জিলাসমূহৰ শীর্ষ বিষয়াসকলক এখন শুদ্ধ ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রস্তুতকৰণৰ দিশত অত্যন্ত সাৱধানতা আৰু পুংখানুপুংখভাৱে পৰীক্ষাকার্য চলাই যোৱাৰ বাবেও নির্দেশ দিয়ে৷ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্রীয় সীমান্ত ছীল কৰা বিষয়টো চৰকাৰৰ এক অগ্রাধিকাৰৰ বিষয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে এই সীমান্ত উন্মুক্ত হৈ থাকিলে আমি সমগ্র দেশৰে প্রতিৰক্ষা ব্যৱস্থাৰ সৈতে এক আপোচ কৰা হ’ব৷ সেয়েহে এই বিষয়টো সম্পূর্ণ ঐকান্তিকতাৰে ভাৰত চৰকাৰৰ ওচৰত উত্থাপন কৰা হৈছে আৰু সীমান্ত কাঁইটীয়া তাঁৰ নির্মাণৰ দায়িত্ব সেনা বাহিনীৰ ওপৰত ন্যস্ত কৰাৰ বাবে আমি ইতিমধ্যে কেন্দ্রক অনুৰোধ জনাইছোঁ৷ মুখ্যমন্ত্রী সোণোৱালে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক কয় যে জনসাধাৰণৰ আশা-আকাংক্ষাৰ বুজ লোৱাৰ বাবে এই বিষয়াসকলে ব্যক্তিগতভাৱে আওহতীয়া গ্রামাঞ্চলসমূহ ভ্রমণ কৰিব লাগিব আৰু জনসাধাৰণলৈ আগবঢ়োৱা সেৱাসমূহৰো ক্ষিপ্র নিষ্পত্তিকৰণ নিশ্চিত কৰিব লাগিব৷ ৰাজ্যখনৰ খেতিপথাৰসমূহ অলপতে শুঁৰপোকে বিনষ্ট কৰা বিষয়টোৰ প্রতি আঙুলিয়াই মুখ্যমন্ত্রীয়ে উপায়ুক্তসকলক ভৱিষ্যতে এনেকুৱা সম্ভাৱনা ৰোধ কৰাৰ বাবে আগতীয়াকৈ সাজু হৈ থকাৰ নির্দেশ দিয়ে৷ মুখ্যমন্ত্রী সোণোৱালে লগতে সর্বসাধাৰণ ৰাইজৰ বাবে উপায়ুক্ত, আৰক্ষী অধীক্ষকসকলক ঐকান্তিকতাৰে কাম কৰাৰ বাবে নির্দেশ দিয়ে আৰু সকলো চৰকাৰী কার্যালয়তে ৰাইজৰ ওজৰ-আপত্তিসমূহ ক্ষিপ্র আৰু অগ্রাধিকাৰ ভিত্তিত নিষ্পত্তি কৰাৰ বাবেও নির্দেশ দিয়ে৷ এই সম্পর্কে তেওঁ কয় যে চৰকাৰী কার্যালয়সমূহলৈ অহা দুখীয়া-গৰিৱ লোকসকলৰ সকলো ক্ষেত্রতে মর্যাদা অটুট থাকিব লাগিব, যাতে চৰকাৰী প্রশাসন যন্ত্রৰ ওপৰত এই লোকসকলৰ থকা বিশ্বাস কোনো ক্ষেত্রতে হ্রাস নাপায়৷
আৰক্ষীসকলে সু-স্বাস্থ্য বজাই ৰাখি অধিক উৎসর্গিত মনোভাবেৰে কাম কৰিবলৈ অনুপ্রাণিত কৰাৰ বাবে আৰক্ষী অধীক্ষকসকলক তেওঁ নির্দেশ দি কয় যে আৰক্ষীৰ পোছাক সমাজ-বিৰোধী শক্তিসমূহৰ বাবে ত্রাসৰ কাৰণ হোৱাটো উচিত আৰু সাধাৰণ জনতাৰ বাবে এই পোছাকযোৰ এক বিশ্বাসৰ প্রতীক হোৱাটো উচিত৷ যুৱক-যুৱতীসকলক আৰক্ষী বাহিনীয়ে সমাজৰ শান্তি-শৃংখলা বজাই ৰখাৰ হকে কাম কৰাৰ বাবে অনুপ্রাণিত কৰাৰ ব্যৱস্থা ল’ব লাগে বুলিও মুখ্যমন্ত্রী সোণোৱালে কয়৷ চৰকাৰী বিভাগসমূহৰ কাম-কাজ লেহেম আৰু চৰকাৰী প্রশাসন যন্ত্রত দুর্নীতি থকা বুলি ৰাইজে কৰা অভিযোগ সন্দর্ভত মুখ্যমন্ত্রী সোণোৱালে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক চৰকাৰী বিভাগসমূহৰ কাম-কাজ ক্ষিপ্রতৰ আৰু দুর্নীতি নির্মূলকৰণৰ বাবে উচিত তথা কার্যকৰী ব্যৱস্থা লোৱাৰ বাবে নির্দেশ দিয়ে৷ মুখ্যমন্ত্রী সোণোৱালে ৰাজ্যখনৰ চৰ এলেকাৰ আৰক্ষী-প্রশাসনৰ ক্ষেত্রত এক সুকীয়া পৰিকল্পনা প্রস্তুত কৰাৰ কাম-কাজ চলি আছে বুলি ব্যক্ত কৰাৰ লগতে এই ক্ষেত্রত সংশ্লিষ্ট উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ কিবা পৰামর্শ থাকিলে সেইসমূহ আগবঢ়াবলৈও নির্দেশ দিয়ে৷ সভাত বন মন্ত্রী প্রমীলা ৰাণী ব্রহ্ম, তথ্য আৰু প্রযুক্তি বিভাগৰ মন্ত্রী কেশৱ মহন্ত, জলসিঞ্চন মন্ত্রী ৰঞ্জিৎ দত্ত, পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীকে ধৰি বিভিন্ন বিভাগৰ উচচপদস্থ বিষয়াসকল উপস্থিত আছিল৷ আনহাতে শীঘ্রেই অসম আৰক্ষীত খালী থকা পদ পূৰণ হ’ব বুলি উল্লেখ কৰি ডি জি পি মুকেশ সহায়ে কয় যে শীঘ্রেই চাৰি হাজাৰ পদ পূৰণ কৰাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment