উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ বৈঠকত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

ৱেব ডেস্ক, ৩০ ২৯ চেপ্টেম্বৰ,২০১৬ঃ ৰাষ্ট্রীয় নাগৰিক পঞ্জী, চমুকৈ এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত থকা সকলো বাধা আঁতৰাই ২০১৭ চনৰ ভিতৰত ইয়াৰ কাম সম্পূর্ণ কৰিবলৈ আজি জিলা উপযুক্ত আৰু আৰক্ষী অধীক্ষকসকলক একপ্রকাৰ সকীয়ায় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে। গুৱাহাটীৰ খানাপাৰাৰ আৰুঅধীক্ষকৰ বৈঠকত মুখ্যমন্ত্রীয়ে এই সকীয়নি দিয়াৰ লগতে এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত আহি থকা বিভিন্ন কাৰিকৰী ত্রুটি আৰু সামাজিক বাধাসমূহক ৰােধ কৰাৰ বাবে প্রয়ােজনীয় পদক্ষেপ গ্ৰহণৰ বাবেও আহ্বান জনায়। মুখ্যমন্ত্রীয়ে বৈঠকত স্পষ্টকৈ উল্লেখ কৰে— এন আৰ চি হ’ল ঐতিহাসিক সাংবিধানিক দলিল। গতিকে ইয়াক সম্পূর্ণ কৰি তোলাটাে আমাৰ জাতীয় কর্তব্য। এই কর্তব্য পালনত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলে সততাৰে কামত আগবাঢ়িব লাগিব। এই বৈঠকতে মুখ্যমন্ত্রীয়ে একাংশ জিলাত এন আৰ চিৰ কাম যথেষ্ট আধৰুৱা হৈ থকা বিষয়টােক আঙুলিয়াই এই জিলাসমূহৰ উপায়ুক্তক ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ বাবে নির্দেশ দিয়ে। সংশ্লিষ্ট জিলাকেইখনৰ উপায়ুক্তকেইগৰাকীৰ পৰা কি অসুবিধাৰ বাবে কাম ক্ষিপ্ৰতাৰে আগবঢ়া নাই, সেই সম্পর্কেও সবিশেষ তথ্য গ্রহণ কৰে মুখ্যমন্ত্রীয়ে। ইফালে, বৈঠকত ভাৰত-বাংলা সীমান্ত ছীল কৰাৰ প্ৰসংগ উত্থাপন কৰি সোণোৱালে উল্লেখ কৰে যে সীমান্ত ছাল কৰাটো বর্তমানৰ ৰাজ্য চৰকাৰখনৰ প্ৰধান আৰু প্রথম কর্তব্য। দেশৰ সার্বভৌমত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব খোজা সীমান্ত হীল কৰাৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰেও বিশেষ গুৰুত্ব প্ৰদান কৰিছে। আনকি কেন্দ্রীয় চৰকাৰে গ্রহণ কৰিছে। এনে অৱস্থাত সীমান্তৰ সৈতে জড়িত জিলাসমূহৰ উপায়ুক্তসকলে সমগ্ৰ বিষয়টােক গুৰুত্বসহকাৰে গ্ৰহণ কৰা দৰকাৰ। মন কৰিবলগীয়া যে শেহতীয়াকৈ মুখ্যমন্ত্রীয়ে কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিঙক সাক্ষাৎ কৰি এন আৰ চি উন্নীতকৰণ আৰু সীমান্ত ছীল কৰাৰ প্ৰসংগত বিভিন্ন দিশ অৱতাৰণা কৰিছিল। আনকি গৃহমন্ত্রী ৰাজনাথ সিঙে এই দুয়োটা ইছুক্ত ৰাজ্য চৰকাৰখনক সকলো ধৰণৰ সহযোগিতা কৰাৰ আশ্বাস দিছিল। কেন্দ্রীয় চৰকাৰৰ এই আশ্বাসৰ পাছতে আজি মুখ্যমন্ত্রীয়ে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ উদ্দেশ্য আৰু লক্ষ্য স্পষ্ট কৰি দিয়ে। একে সময়তে এন আৰ চি আৰু সীমান্ত ছীল কৰাৰ ক্ষেত্ৰত অহা সময়ছোৱাত চৰকাৰখনে যে কোনো ধৰণৰ অজুহাত গ্রহণ কৰিব খোজা নাই, সেয়াও আজি একপ্রকাৰ সকীয়াই দিলে মুখ্যমন্ত্রীয়ে। আজিৰ বৈঠকতে বিভিন্ন জিলাত বেদখল হৈ থকা চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণৰ বাবেও আজি মুখ্যমন্ত্রীয়ে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক নির্দেশ দিয়ে। কাজিৰঙা অভয়াৰণ্যত যিদৰে ন্যায়ালয়ৰ নির্দেশ অনুসৰি চৰকাৰী ভূমি বেদখলমুক্ত কৰা হৈছে, সেই প্রক্রিয়াৰে আন জিলাতো উপায়ুক্তসকলক দখলমুক্ত কৰাৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্ৰহণৰ নির্দেশ দিয়ে। আনহাতে কেন্দ্রীয় চৰকাৰৰ দ্বাৰা আবণ্টিত কল্যাণমূলক আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে উপায়ুক্তসকলক ক্ষেত্রভিত্তিক পর্যালোচনা চলাবলৈ মুখ্যমন্ত্রীয়ে আজি নির্দেশ দিয়ে। তদুপৰি দুনীতি ৰােধৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণৰাে আহ্বান জনায়। আজিৰ গুৰুত্বপূৰ্ণ বৈঠকখনত অসম চৰকাৰৰ বনমন্ত্রী প্রমীলাৰাণী ব্ৰহ্মা, জলসম্পদ মন্ত্রী কেশৱ মহন্ত, জলসিঞ্চন মন্ত্রী ৰঞ্জিত দত্ত, উদ্যোগপৰিবহণ মন্ত্রী চন্দ্রমােহন পাটােৱাৰী, কৃষিমন্ত্রী অতুল বৰাৰ লগতে বিভিন্ন বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।
facebook
twitter
google+
fb share