যুদ্ধৰ দামামা


ৱেব ডেস্ক, ৩০ চেপ্টেম্বৰ, ২০১৬ঃ নিয়ন্ত্রণ ৰেখাৰ (এল অ’ চি) সিপাৰে পাকিস্তানী সন্ত্রাসবাদীৰ অস্থায়ী ঘাটিবিলাকত ভাৰতে নির্দিষ্ট আক্রমণ চলোৱাৰ পাছত ইছলামাবাদে ওলোটাই আক্রমণ চলাব পাৰে বুলি আশংকা কৰি আজি পঞ্জাবৰ কর্তৃপক্ষসমূহে পাকিস্তানৰ সীমাৰ ওচৰৰ গাঁওসমূহ খালী কৰিবলৈ নির্দেশ দিয়ে৷ ইফালে কাশ্মীৰৰ পুঞ্চ আৰু নউগামত পাকিস্তানে যুদ্ধ-বিৰতি উলংঘা কৰাৰ বাবে সেনা বাহিনীয়ে উৰিত এল অ’ চিৰ ইপাৰ-সিপাৰৰ বাণিজ্য বন্ধ কৰি দিছে৷ সেনাই ট্রাকবোৰ সীমাৰ সিপাৰলৈ যাবলৈ অনুমতি দিয়া নাই৷ পাকিস্তানৰ সৈতে থকা আন্তঃৰাষ্ট্রীয় সীমাৰ ১০ কিল’মিটাৰ ব্যাসার্ধৰ ভিতৰৰ গাঁওবোৰ খালী কৰিবলৈ পঞ্জাব চৰকাৰে নির্দেশ দিয়াৰ পাছত পৰৱর্তী পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিবলৈ অমৃতসৰৰ জিলা দণ্ডাধীশ বৰুণ ৰুজমে এখন সভা আহবান কৰে৷ জিলাখনৰ বিষয়াসকলে কয় যে যিমান পাৰি সিমান সোনকালে খালী কৰাৰ প্রক্রিয়া আৰম্ভ কৰিবলৈ গাঁওবিলাকৰ চৰপঞ্চসকল আৰু স্থানীয় প্রশাসনক নির্দেশ দিয়া হৈছে৷ ভাৰতে সন্ত্রাসবাদীবিলাকৰ নির্দিষ্ট লক্ষ্যত আক্রমণ চলোৱাৰ পাছত বি এছ এফে চোৰাংচোৱা বু্যৰ’ক অধিক সষ্টম হ’বলৈ কৈছে৷ উভয় দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ কাৰণে পঞ্জাবৰ ৱাঘা সীমান্তত ‘বিটিং ৰিট্রিট’ অনুষ্ঠান স্থগিত ৰখাৰ কথা বি এছ এফৰ বিষয়াসকলে নিশ্চিত কৰিছে৷ বিষয়াসকলে কয় যে সন্ধিয়া ভাৰতীয় পতাকা নমোৱা হ’ব যদিও আন কোনো প্রদর্শন নহ’ব৷ অনুষ্ঠানটোৰ বাবে যোৱা সকলো পর্যটকক ঘূৰাই পঠিওৱা হৈছে৷ আন্তঃৰাষ্ট্রীয় সীমাত থকা স্থানীয় গুৰুদ্বাৰাসমূহে বাসিন্দাসকলক টালি-টোপোলা বান্ধিবলৈ আহবান জনাই ঘোষণা কৰি আছে৷ ভাৰতে চলোৱা আক্রমণৰ পাছত কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিঙে পুৱা পঞ্জাবৰ মুখ্যমন্ত্রী প্রকাশ সিং বাদললৈ টেলিফ’ন কৰে আৰু আন্তঃৰাষ্ট্রীয় সীমাৰ ১০ কিল’মিটাৰ ব্যাসার্ধৰ ভিতৰৰ গাঁওবোৰ খালী কৰাৰ প্রক্রিয়া তৎক্ষণাৎ আৰম্ভ কৰিবলৈ তেওঁক অনুৰোধ জনায়

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment