অতুল বৰাই স্পষ্ট কৰিলে দলৰ স্থিতি

বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে এইবাৰ মুখ খুলিলে মন্ত্রী অতুল বৰাই। আজি গোলাঘাটত কৃষিমন্ত্রী অতুল বৰাই স্পষ্ট কৰি ক’লে— অসম চুক্তিৰ মতেই বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ হ’ব লাগিব। কেন্দ্রীয় চৰকাৰে অসমৰ হিন্দু শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদানৰ বাবে সিদ্ধান্ত লোৱা সন্দৰ্ভত মন্ত্রী অতুল বৰাৰ প্ৰতিক্রিয়া জানিব বিচৰাত তেওঁ কয়, ‘আমাৰ দলৰ স্থিতি স্পষ্ট। অসম চুক্তিৰ মতে বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ হ’ব লাগে।” ৰাজ্যখনত বিজেপিৰ সৈতে মিত্ৰতা থকা অগপৰ মন্ত্ৰীজনে কয়, “মিত্ৰজোঁটৰ চৰকাৰৰ সৈতে ৰাজ্যৰ শাসনত আছে যদিও কেতিয়াবা মতৰ অমিল হয়, সেয়া দলৰ মজিয়াত ঠিক কৰি ল’ব বুলিও তেওঁ কয়। ৰাজ্যৰ কৃষিপথাৰত শুৰূপােকৰ ত্ৰাস সম্পৰ্কত মন্ত্রী বৰাই কয় যে ৰাজ্যৰ ৩০ হাজাৰ হেক্টৰ কৃষি ভূমি শুৰিপােকে অনিষ্ট কৰে। এই কৃষকসকলে উপযুক্ত ক্ষতিপূৰণ পাব বুলি তেওঁ ঘোষণা কৰে। পূর্বে বিভাগটােত সংঘটিত দুনীতি আৰু অনিয়মসমূহৰ উপযুক্ত তদন্ত হ’ব বুলিও তেওঁ কয়।
facebook
twitter
google+
fb share