৪ জুলাইত AJYCP ৰ ১২ ঘন্টীয়া তৈলক্ষেত্ৰ বন্ধৰ ঘোষণা

৩ জুলাই,
ভাৰতৰ মুঠ ৬৮ খন তৈলক্ষেত্ৰৰ লগতে অসমৰ ১২ খনকৈ তৈলক্ষেত্ৰ নিলাম কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে৷ আনকি অসম চৰকাৰৰ মিত্ৰ দল অগপয়ো এই সিদ্ধান্তৰ বিৰোধিতা কৰি নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন অসম চৰকাৰক আহ্বান জনাইছে৷ ইফালে অহা ৪ জুলাই সোমবাৰে অসমৰ তৈলক্ষেত্ৰ নিলাম কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ( #AJYCP )  ১২ঘটীয়া ONGCৰ সমুহ তৈলক্ষেত্র বদ্ধ ঘোষনা কৰিছে বুলি সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিয়ে সদৰি কৰিছে৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment